আজি ৩০৬ গৰাকী প্ৰধান শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ


আজি ৩০৬ গৰাকী প্ৰধান শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান ৰাজ্য চৰকাৰৰ



ৰাজ্যৰ শিক্ষান্ত্ৰী সিদ্ধাৰ্থ ভট্টাচৰ্যই ৩০৬ খন অপ্ৰদেশিকীকৃ বিদ্যালয়   প্ৰাদেশিকীকৃত কৰি আজি ৩০৬ গৰাকী প্ৰধান শিক্ষক শিক্ষয়ত্ৰীক নিযুক্তি পত্ৰ বিতৰতন কৰে । ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু হাই মাদ্ৰাছা বিদ্যালয়সমূহত দীৰ্ঘদিন ধৰি স্থবিৰ হৈ থকা বিদ্যালয়ক প্ৰাদেশিকৰন কৰি নিযুক্তি পত্ৰ বিতৰন অনুষ্ঠান অনুষ্ঠিত কৰে সোমবাৰে মহানগৰীৰ শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত ।  সাধাৰনতে ১০ৰ পৰা ১৫ বছৰ ধৰি সহঃকাৰী আৰু প্ৰধান শিক্ষকৰ শিক্ষকতা কৰি থকাসকলক আজি প্ৰদান কৰা হৈছে এই নিযুক্তিপত্ৰ।

২০১৬ বৰ্ষৰ পৰা শিক্ষা বিভাগে এতিয়ালৈ ৫,০৫৯ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক নিযুক্তিপত্ৰ প্ৰদান কৰিছে । ইয়াৰে ৪৪২জন অধ্যক্ষ, ১,৭৪৭জন প্ৰধান শিক্ষক, ৫৯৬জন সহকাৰী প্ৰধান শিক্ষক, ৮৩৮জন নিয়মীয়া স্নাতকোত্তৰ শিক্ষক, ১,১৫০জন স্নাতক শিক্ষক, ১৫১জন জুনিয়ৰ এছিষ্টেণ্ট, ১৩৫জন চতুৰ্থ বিভাগৰ কৰ্মী ।

আজি নিযুক্তি পত্ৰ প্ৰদান কৰা পাছতে শিক্ষা মন্ত্ৰী গৰাকীয়ে ৰাজ্যত আগন্তুক বৰ্ষৰ এপ্ৰিল মে মাহৰ আগতে  আৰু পাঁচ হাজাৰ বিদ্যালয় প্ৰদেশিকীকৰণ কৰা হ’ব  বুলি মন্তব্য প্ৰকাশ কৰে ।




আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক




Post a Comment

0 Comments