আৰবি ভাষাৰে লিখা শব্দৰ পাতৰ ছবি ভাইৰেল হৈছে চচিয়েল মেডিয়াত

চচিয়েল মেডিয়াত ভাইৰেল হৈছে গছৰ পাতত কিছুমান আৰবি ভাষাৰে লিখা শব্দৰ ছবি


সম্প্রতি বর্তমান চচিয়েল মেডিয়াত ভাইৰেল হৈছে গছৰ পাতত কিছুমান আৰবি ভাষাৰে লিখা শব্দৰ ছবি ।  দেখা গৈছে যে অসমৰ বিভিন্ন ঠাইট এই ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা য'ত সংঘটিত হৈছে তাৰ প্ৰতেক্ষ দৰ্শী সকলোৱে আচৰিত প্ৰকাশ কৰিছে আৰু  এই আৰবি ভাষাত লিখা গছৰ পাত খিলা চচিয়েল মেডিয়াত প্ৰকাশ কৰি আশ্চর্য প্রকাশ কৰিছে ।

দৰাছলতে এই ঘটনা চচিয়েল মেডিয়াত কোনো কোনোহে দেখি এইয়া ভগৱান আল্লাৰ স্বয়ং নিজৰ কৰ্ম বুলি সন্দেহ প্রকাশ কৰিছে । কিন্তু কোনো কোনোৰ মতে এইয়া কোনোবা দুষ্টচক্ৰই বিশেষ উদ্দেশ্য মুলক বাবে কৰা কাম বুলি অভিযোগ কৰিছে । বর্তমান পর্যন্ত এই কামতো কোনে কৰিছে তাৰ কোনো সু- সুত্ৰ উলিয়াব পৰা নাই ।

দেখা গৈছে যে চচিয়েল মেডিয়াৰ ভাইৰেল হোৱা বিষয়টো কোনো কোনো লোকে ৰাজনৈতিক বাবে গ্ৰহন কৰি ভগৱান আল্লাক উদ্দেশ্য প্ৰনোদিত বাবে বদনাম কৰিবলৈ উঠিপৰি লাগিছে বুলি চচিয়েল মেডীয়াৰ যোগে প্ৰকাশ কৰি দুষ্কৃতি কাৰিক এনে কামৰ পৰা বিৰত থাকিবলৈ অনুৰুধ জনাইছে, অন্যথা এই অনুৰোধ ৰক্ষা নকৰিলে আইনি ব্যৱস্থা হাতত লব বুলি চচিয়েল মেডিয়া যোগে ভাবুকি প্রদান কৰিছে ।

তলত আমি ভাইৰেল হোৱা  চিত্র কিছু দেখুৱাই দিয়া হল ।






Post a Comment

0 Comments