বনষৌধিৰে কিদৰে কাহ (COUGH) নিৰাময় কৰিব পাৰি

আজি আমি আপোনাকক বনষৌধিৰে কিদৰে কাহ (COUGH)  নিৰাময় কৰিব পাৰি এই বিষয়ে জনাম । এই নিৰাময় ব্যৱস্থাটো অসমৰ বনষৌধি বিশেষজ্ঞ গুণাৰাম খনিকৰৰ দেৱৰ বিধান মতে দিয়া হৈছে ।



এই ৰোগৰ কাৰণ :–


ষ্ট্ৰেপকোক্কাচ, ষ্টাফিলোক্কাচ, ইনফ্লুয়েঞ্জা আদি ৰোগৰ কাৰণে কাহ হ'ব পাৰে। ই প্ৰকৃততে উপসর্গহে। ৰােগৰ জীৱাণু মুখ আৰু নাকেদ দেহত প্ৰৱেশ কৰে। বিড়ি, চিগাৰেট খালেও কাহ হয়।


এই ৰােগৰ লক্ষণ -


ডিঙি শুৰ-শুৰায়, বুকু বিষ হয়, ডিঙি চেৰ-
চেয়, হাঁচি আহে, গা বিষায়, নাকে দি পানী ওলায় আৰু শৰীৰ দুর্বল হৈ পৰে। কফ দেৰিকৈ বাহিৰ হয়।

এই ৰোগৰ বন-দৰব -


১। ভাল ঘিউত গুড় মিহলি কৰি জুইত গৰম কৰি খোৱাৰ উপৰিও ঘিউ আৰু নিমখ সম পৰিমাণৰ মিহলি কৰি বুকুত
মালিচ কৰিব লাগে ।

২। ৩/৪টা বাদাম চোৱাই মুখত ৰাখিলে ওকান কাহ ভাল হয়।

৩। গৰম পানীত কেঁচা হালধিৰ ৰস মিহলাই তাত অলপ নিমখ দি খব লাগে ।

৪। কেঁচা মূলৰ ৬২ গ্রাম ৰস কুহিয়াৰ ৰস ৪৫ গ্রাম মিহলি কৰি দিনে ২ বাৰকৈ খাব লাগে।

৫। কুহিয়াৰ ৰস ১০০ গ্রামকৈ দিনে ২ বাৰ খালে শুকান কাই ভাল হয়।

৬। বিড়ি, চিগাৰেট খােৱাৰ কাৰণে শুকান কাহ হ'লে মৰাণ আদা এডোখৰ চোৱাই খালে সেই কাই সহজে আৰােগ্য হয়।

৭। ২০ টোপালমান নহৰু সৰ লগত মাটিকঁঠালৰ ৰস অলপ মিহলি কৰি চৰত কৰি খালে সকলো প্ৰকাৰ কাহ ভাল হয়।

৮। পুৰণি কাহত এচামোচ হালধিৰ ৰসত ২ চামুচ মৌ মিহলাই দিনে তিনি বাৰকৈ খাব লাগে।

৯। শিশুৰ কাহ হ'লে ৪/৫টা দেৰিণ ফুল পিহি ১ চামুচ মৌ-জোলৰ লগত মিহলি কৰি খুৱালে ৰােগ সহজে আৰোগ্য হয়।

১০। তৰুৱা কদম ৫০ গ্রাম পাতৰ ৰস ১০ গ্রাম পানী আৰু ৫ গ্রাম চেনি মিশ্রণ কৰি খালে উত্তম ফল পােৱা যায়।

১১। বগা বাহকৰ পাতৰ ৰস ২০ গ্রামকৈ দিনে তিনিবাৰ খাব লাগে।

পথ্যঃ-


তুলসী, জালুক, পিপলি, তিতাফুল, ( বগা বাহক ), পুৰকিল, জিলমিল শাক ( শুকান কাহত), নহৰু, মৰাণ আদা, মহানিম,
মো, শিলিখা, ছাগলীৰ গাখীৰ, লং কেহৰাজ, কাজিনেমু, ভেঁকুৰী,
কেঁচাহালধি আদি সুপথ্য।।

অপথ্য—


মিঠাবস্তু, কল, কচু, লাও, পিয়াজ, পুৰৈশাক, ভেণ্ডি, কলমৌ, গাখীৰ, মাখন, বেঙেনা, ধপাত, বিড়ি, চিগাৰেট আদি অপথ্য ।


গতিকে এইয়াই হৈছে বনষৌধিৰে কাহ (COUGH)  নিৰাময় কৰাৰ ব্যৱস্থা । লেখাটো ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments