আজি আমি আপোনালোকক আইনা কেনেকৈ আৱিষ্কাৰ হল এইয়া জনাম

আজি আমি আপোনালোকক আইনা কেনেকৈ আৱিষ্কাৰ হল এইয়া জনাম -

                


প্রায় চাৰে চাৰি হাজাৰমান বছৰৰ আগৰ কথা । ইজিপ্তৰ দুই এজন লােকৰ চকুত পৰিছিল আইনাৰ দৰে এবিধ পদাৰ্থৰ ওপৰত । পদার্থবিধৰ সৃষ্টি হৈছিল  আগ্নেয়গিৰিৰ ফলত আৰু কেতিয়াবা বালিৰ ওপৰত পৰা বজ্ৰপাতৰ ফলত । এই আইনাসদৃশ টুকুৰাবােৰকে কাটি কুটি মিহি কৰি তেওঁলােকে কিছুমান মণি তৈয়াৰ  কৰিছিল আৰু তেনে মণি অলঙ্কাৰ ৰূপে পৰিধান  কৰিছিল । এনে মণি লগত ৰাখিলে ভূত প্রেত কাষলৈ নাহে বুলিও তেওঁলােকে বিশ্বাস কৰিছিল । আগ্নেয়গিৰিয়েই হওক বা বজ্রপাতেই হওক , পৃথিৱীত থকা পদার্থ কিছুমান গলিত অৱস্থালৈ গৈয়েই সম্ভৱ এই আইনাৰ সৃষ্টি কৰিছিল । আনহাতে ঠিক একে সময়তে  দুই এজন লােকে বালি আৰু ছাই একেলগে গৰম কৰিও একেধৰণৰ পদার্থ এবিধকে পাইছিল । পৃথিৱীত আইনা আৱিষ্কাৰৰ কাহিনী বােধহয় এনেদৰেই আৰম্ভ হৈছিল ।

 খৃষ্টপূর্ব ১৫০০ চনমানৰ পৰাই ইজিপ্তত নানাধৰণৰ আইনাৰ বাচন - বৰ্তন তৈয়াৰ কৰিবলৈ লােৱা হৈছিল । আইনা মূলতে তিনিবিধ পদাৰ্থৰ সমষ্টি । বালিকণা , কাপােৰ ধােৱা চদা আৰু চূণশিল । এই তিনিওবিধ পদার্থ একেলগে গুড়ি কৰি আৰু সেইখিনি গৰম কৰি গলাই নির্দিষ্ট সাঁচত থৈ ঠাণ্ডা কৰিলেই আইনা প্রস্তুত হৈ উঠে । ৰঙীন আইনাৰ প্ৰয়ােজন হলে পদার্থখিনিত ৰঙীন পদার্থ মিহলাই দিয়া হয় । অৱশ্যে সকলাে আইনাৰ ক্ষেত্ৰতে পদার্থ কেইবিধ একে নহবও পাৰে । উদাহৰণস্বৰূপে চছমা , প্রিজম্ আদি তৈয়াৰ কৰিবৰ । কাৰণে উন্নত মানৰ আইনাৰ প্ৰয়ােজন হয় । গতিকে তেনে আইনা তৈয়াৰ কৰােতে বালিকণাৰ লগত লিড় অক্সাইড আৰু পটাছ মিহলােৱা হয় । লেবৰেটৰীৰ সা সৰঞ্জামৰ কাৰণে যি আইনা তৈয়াৰ কৰা হয় তাত দিয়া হয় বালিকণা , কাপােৰ ধােৱা চ'দা আৰু ব'ৰাক্স । ইজিপ্ত আৰু মেচোপটেমিয়াৰ পৰা যিবিলাক প্রাচীন - সামগ্রী উদ্ধাৰ কৰা হৈছে , সেইবিলাক মাটিৰ সাঁচ একোটা গলিত আইনাত ডুবাই তৈয়াৰ কৰা হৈছিল । মাটিৰ সাঁচটো ভাঙি ছিঙি আঁতৰাই পেলােৱা মাত্রে আইনাৰ ফোঁপােলা বাচন একোটা তৈয়াৰ হৈ পৰিছিল । গলিত আইনাত পাইপ এডালৰ মাজেদি মুখেৰে ফু দিবলৈ বা তেনে ধৰণৰ বাচনাে তৈয়াৰ কৰিবলৈ লােৱা হৈছিল । এই কৌশল পােন প্রথম আৱিস্কাৰ কৰিছিল  ৰােমানসকলে । যােৱা শতিকাত আইনাৰ সা - সঁজুলি তৈয়াৰ কৰাৰ আধুনিক পদ্ধতিসমূহ আৱিষ্কাৰ হােৱাৰ আগলৈকে বহুদিন ধৰি এই ‘ ফু দিয়া ’ পদ্ধতিটোৱেই চলি আছিল । অৱশ্যে এই প্রথা এতিয়াও একেবাৰে  লােপ পােৱা নাই ।  বর্তমান আইনা তৈয়াৰ কৰাৰ পদ্ধতি তিনিটা । ইয়াৰ ভিতৰত মুখেৰে ফু দিয়া পদ্ধতিটোৱেই প্রাচীন । দ্বিতীয় পদ্ধতিটো হ ’ ল – ধাতুৰ সাঁচ ব্যৱহাৰ কৰা আৰু যান্ত্রিক ব্যৱস্থাৰে ফু দিয়া । আধুনিক যান্ত্রিক পদ্ধতিৰ সহায়ত চটীয়া আইনা তৈয়াৰ কৰাটোৱেই আটাইতকৈ শেহতীয়া আৰু উন্নত পদ্ধতি । যি পদ্ধতিৰেই আইনা তৈয়াৰ কৰা নহওক কিয় , প্রথম কথাটো হ'ল – উপযুক্ত পৰিমাণৰ দ্ৰব্যকেইবিধ মিহলাই ভাঁতীত গলাবই লাগিব । দ্বিতীয়তে , এই মিশ্রণত সত্তৰ ভাগমান ছিলিকা ( silica ) বা বালি থাকিবই লাগিব । কাৰণ , ইয়েই হ'ল মূল দ্রব্য । ছিলিকা গলাবলৈ যিহেতু বহু বেছি উত্তাপৰ প্রয়ােজন হয় , গতিকে তাত কিছু পৰিমাণৰ কাপােৰ ধােৱা চদা মিহলােৱা হয় । চ'দা মিহলালে কম উত্তাপত গলে । মিশ্ৰণটো স্থিৰতালৈ আনিবৰ কাৰণে তাত ' মিলােৱা হয় চূণ বা চুণশিল । প্রয়ােজন অনুসৰি ৰঙীন পদার্থ মিহলাই ৰঙীন আইনাও তৈয়াৰ কৰিব পাৰি । মেংগানিজ , তাম , ক্রমিয়াম বা কবাল্ট আদি ধাতু । ' অক্সাইডসমূহেই তেনে পদাৰ্থৰ কাম কৰে । টান বা তাপ প্ৰতিৰােধ কৰিব পৰা বিশেষ ধৰণৰ আইনা তৈয়াৰ কৰােতে মূল মিশ্রণৰ লগত সীহ , পটেছিয়াম , ব'ৰণ  বা বেৰিয়াম আদিৰ দৰে পদার্থও মিহলােৱা হয় । চছমা জাতীয় উৎকৃষ্টমানৰ আইনা তৈয়াৰ কৰােতে মিশ্রত মিহলােৱা হয় ৰঙা সীহ , পটেছিয়াম কার্বনেট আৰু ছিলিকা  মিশ্রত মিহলাব লগা পদাৰ্থৰ ইফাল সিফাল কৰি বিভিন্ন প্ৰকাৰৰ উৎকৃষ্ট মানৰ আইনা তৈয়াৰ কৰিব পাৰি । ছিলিকাৰ ঠাইত ব'ৰন ট্রাইঅক্সাইড আৰু ৰঙা সীহৰ ঠাইত বেৰিয়াম আৰু জিংক অক্সাইড মিহলাই আন এবিধ বিশেষ ধৰণৰ আইনা তৈয়াৰ কৰা হয় । অতি বেঙুনীয়া বা আলট্রা ভায়লেট ৰশ্মি প্ৰতিৰােধ কৰিব পৰা ক্রুক আইনা ( crooke ' s glass ) নামেৰে জনাজাত আইনাবিধত চিৰিয়াম অক্সাইড নামৰ এবিধ পদার্থও থাকে । অস্বচ্ছ ( opaque glass ) সমূহত সীহ মিহলােৱা হয় । মটৰ গাড়ীত ব্যৱহাৰ কৰা বহুতাে আইনা প্ৰকৃততে দুচটা আইনাৰ সমষ্টিহে । মাজৰ প্লাষ্টিকৰ পাট এখন থৈ চেপেটা আইনা দুখন দুয়ােফালৰ পৰা চাপ আৰু  উত্তাপ দি লগ লগাই দিয়া হয় । এনে ধৰণৰ কঠিন আইনাসমূহ যেতিয়া ভাগে , বহুতাে সৰু সৰু জোঙা  টুকুৰালৈ ৰূপান্তৰিত হয় । আলমাৰি বা আন তেনে আচবাবত লগােৱা টান আইনাবােৰাে প্ৰকৃততে ছিলিকা , পটেছিয়াম কার্বনেট আৰু কেলচিয়াম কার্বনেটৰ সমষ্টিহে ।

লেবৰেটৰীৰ আচবাব আৰু বিভিন্ন ধৰণৰ বাচন বৰ্তন তৈয়াৰ কৰােতে ব্যৱহাৰ কৰা পাইৰেক্স আইনা ( যি উত্তাপ , জোকাৰণি আৰু ৰাসায়নিক ক্রিয়া প্ৰতিৰােধ কৰিব পাৰে ) ছ ’ দিয়াম আৰু এলুমিনিয়াম ব'ৰছিলিকেটৰ মিশ্ৰৰ পৰা তৈয়াৰ কৰা হয় । পাইৰেক্স আইনাৰে এক উন্নত সংস্কৰণ হ'ল জে"না আইনা ( Jena glass ) । ইয়াত জিংক আৰু বেৰিয়াম ব'ৰছিলিকেট ব্যৱহাৰ কৰা হয় । আইনাত ৰং দিবৰ কাৰণে ব্যৱহাৰ কৰা দ্রব্যসমূহ হ'ল এনে ধৰণৰ - হালধীয়া ৰঙৰ কাৰণে মিহলােৱা হয় ফেৰিক অক্সাইড , বেঙুনীয়া ৰঙৰ কাৰণে মেংগানিজ ডাই অক্সাইড , কলা ৰঙৰ কাৰণে নিকেল , মেংগানিজ আৰু ক ’ বাল্ট অক্সাইড , সেউজীয়া ৰহৰ কাৰণে ক্রমিক আৰু কিউপ্রিক অক্সাইড , বগা ৰঙৰ কাৰণে টিন অক্সাইড , কেলচিয়াম ফচফেট আৰু ৰঙা ৰঙৰ কাৰণে কিউপ্রাচ অক্সাইড । আৰু এনেদৰে বৰ্তমান আইনা প্ৰস্তথ কৰা প্ৰক্ৰিয়া চলি আছে ।



গতিকে এইয়াই হল আইনা আৱিষ্কাৰৰ কাহনী আৰু আইনা প্ৰস্তুত কৰাৰ প্ৰণালী ।


লেখাটো পঢ়ি কেনে পালে পালে কমেন্ট বক্সত জনাব । আৰু লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই ৱেবচাইটতো সদায় ভিজিত (visit)  কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments