২০২০ বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত হ'ব গুণোৎসৱ

২০১৯ বৰ্ষত নহয় গুণোৎসৱ, ২০২০ বৰ্ষৰ জানুৱাৰী মাহত হে অনুষ্ঠিত হ'ব গুণোৎসৱ



কিছুদিন পূৰ্বে খবৰ প্ৰকাশ পাইছিল যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত গুণোৎসৱ অনুষ্ঠিত হব বুলি । কিন্তু শিক্ষা বিভাগে নতুনকৈ খবৰ প্ৰকাশ কৰিছে যে ডিচেম্বৰ মাহত গুণোৎসৱ অনুষ্ঠিত নহয় ৷ তাৰ পৰিৱৰ্তে শিক্ষা বিভাগে  জানুৱাৰীতহে গুণোৎসৱ অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰিছে ৷ শিক্ষা বিভাগৰ এটা সূত্র মতে ২০২০ বৰ্ষৰ প্ৰথম মাহৰ পহিলা সপ্তাহত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব বুলি খবৰ প্ৰকাশ পাইছে ৷ সেইদৰে দ্বিতীয় পর্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব জানুৱাৰী মাহৰে শেষৰটো সপ্তাহত ৷ আনহাতে সুত্ৰটোৱে জনোৱা মতে প্রথম পর্যায়ৰ গুণোৎসৱ ১৬খন জিলাত আৰু দ্বিতীয় পর্যায়ৰ গুণোৎসৱ ১৭খন জিলাত অনুষ্ঠিত হ’ব ৷

ইয়াৰে প্রথম পর্যায়ত
মৰিগাঁও, নলবাৰী, শিৱসাগৰ,
বঙাইগাঁও, কাছাৰ, চৰাইদেউ, ধেমাজি, ডিব্রুগড়,   শোণিতপুৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি,
হোজাই, যোৰহাট, কামৰূপ, কার্বি আংলং, কোকৰাঝাৰ
জিলাত গুণোৎসৱ অনুষ্ঠিত হ’ব৷

আৰু দ্বিতীয় পর্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব ক্রমে–  চিৰাং, দৰং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা,
বাক্সা, বৰপেটা, বিশ্বনাথ,
গোলাঘাট, লখিমপুৰ, মাজুলী, নগাঁও, তিনিচুকীয়া আৰু কার্বি আংলং,
হাইলাকান্দি, কামৰূপ (মহানগৰ), কৰিমগঞ্জ
জিলাত ৷

Post a Comment

0 Comments