পেন্সিলেৰে লিখা কথা ৰবৰেৰে মােহাৰিলে মােহাৰ খাই যায় কেনেকৈ?

পেন্সিলেৰে লিখা কথা ৰবৰেৰে মােহাৰিলে মােহাৰ খাই যায় কেনেকৈ? 



পেন্সিলেৰে কাগজত লিখােতে কাগজৰ ওপৰত লিখাৰ দাগবােৰ, পেন্সিলডাল তৈয়াৰ কৰা গ্রেফাইট নামৰ পদার্থটো ভাঙিগু হােৱা দাগহে মাত্র। এই গ্রেফাইটৰ অতি ক্ষুদ্ৰ টুকুৰবােৰ কাগজখনৰ ওপৰত লাগিহে থাকে, কাগজখনৰ মাজলৈ সােমাই নাযায়  যেতিয়া ৰবৰ এটুকুৰাৰে সেই পেন্সিলৰ দাগবােৰ মােহ হয়, তেতিয়া গ্রেফাইটৰ ক্ষুদ্র ক্ষুদ্ৰ টুকুৰবােৰ কাগজৰপৰা উঠি আহে আৰু ৰবৰ টুকুৰাৰ কোমল অংশত লাগি ধৰে; কাগজখনৰ পেন্সিলৰ লিখা অংশবােৰ পৰিষ্কাৰ হৈ পৰে। ৰবৰেৰে মােহাৰেতে ৰবৰ টুকুৰাও ক্রমান্বয়ে ক্ষয় গৈ গৈ সৰু হৈ আহে।


চিয়াহীৰে লিখা বা টাইপ কৰা কাগজৰ লিখা মােহাৰিব লগীয়া হ'লে কোমল ৰবৰৰ ঠাইত অলপ টান ৰবৰ ব্যৱহাৰ কৰা হয়। কাৰণ চিয়াহীৰে লিখিলে বা টাইপ কৰিলে চিয়াহীবােৰ কাগজৰ মাজলৈ সােমাই যায়। সেইবাবে এবিধ টান ৰবৰেৰে এনে লিখা বা  টাইপ কৰা কথা মােহৰা হয়। টান ৰবৰত কাগজৰ পিঠিতে মােহাৰি এৰুৱাই আনিব পৰা এবিধ ক্ষুদ্র ক্ষুদ্র বালিয়া কণিকা মিহলাই থােৱা থাকে। এই খহটা কণিকাবােৰে কাগজৰ ওপৰ অংশটো ফাটি নােযােৱাকৈ এৰুৱাই অনাত সহায় কৰে। সাধাৰণতে অফিচৰ টাইপিষ্ট আৰু ছবি আঁকা মানুহে এনেধৰণৰ ৰবৰ ব্যৱহাৰ কৰে।

Post a Comment

0 Comments