দাত বিষৰ কিদৰে নিৰাময় কৰিব পাৰি তাৰেই গুণাৰাম খনিকৰ দেৱৰ বিধান

দাত বিষৰ কিদৰে নিৰাময় কৰিব পাৰি তাৰেই গুণাৰাম খনিকৰ দেৱৰ বিধান জানো আহক ।



এই ৰোগৰ লক্ষণ -


প্রথমে পানী খালে দাঁতৰ গুৰি শিৰ শিৰাই যায় । পিচলৈ দাতৰ গুৰিত বিষ হয়।


এই ৰোগৰ কাৰণ -


দাতৰ গুৰি বিলাক দুর্বল হলে, সঘনাই দাতৰগুৰি ফুলা ৰােগ হলে, দাত পোকে খালে আৰু শৰীৰত কেলচিয়ামৰ
অভাৱ হ'লে দাতৰ বিষ হয়।


এই ৰোগৰ বন-দৰব —


১। ভীমকলৰ পাতৰ মাজৰ কেঁচা ঠাৰি এডাল জুইত অলপ সেকি যিমান সময় পৰা যায় বিল হােৱা তেৰে কামুৰি ধৰিলে বিষ
নাইকিয়া হয়।

২। বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাতৰ বিষ দাতৰ যিকোনো ৰােগ ভাল হয়।

৩। মৰাণ আদা খুন্দি দাতেৰে চোবাই কিছুসময় বিষ হোৱা মাজত ৰাখিলে দাতৰ বিষ দূৰ হয়।।

৪। ৫টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু নিমখ পিহি বিষোৱা দাতত লগাব লাগে ।

৫। ৫টলং পিহি নেমুৰ ৰস মিহলি কৰি দাত মাজিলে দাঁতৰ বিষ নাইকিয়া হয় নাইবা ৫টা লং পিহি এগিলাচ পানীত মিশ্রণ কৰি মুখ
কুলকুলিয়ালে দাতৰ বিষ কমে।

৬। সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিহলি কৰি দাত মাজিলে দাত পৰিষ্কাৰ হয়, দাতৰ বীজাণু নাশ হয় আৰু দাতৰ বিষ দূৰ হয় ।

৭ । পিপলীৰ গুড়া, ঘিউ আৰু মৌ মিহলাই দাত মাজিব লাগে আৰু বিষ হোৱা দাতত প্রলেপ দিব লাগে ।

৮। ভেদাই লতাৰ গুটি পিহি দাত মাজিলে বিষ কমে।

৯। হিং এটুকুৰা দাতেৰে কামুৰি ধৰিলে দাতৰ বিষ নাইকিয়া হয় ।

১০। ফিটকিৰি পিহি বিষােৱা দাতত লগাব লাগে ।

১১। বগা লাটুমণিৰ শিপাৰ ৰসেৰে মুখ কুলকুলিয়াব লাগে ।

১২। বিয়নী সাৱত শিপা কামুৰি থাকিব লাগে।।

পথ্য -


লঘু আহাৰ খাব লাগে। তিতাবেতৰ গাঁজ জুইত সেকি বিষ হােৱা দাতেৰে চোবাই বা কামুৰি ধৰিব লাগে। মধুৰী আম পাতৰ ৰস, কেহৰাজ, মহানিমৰ ছাল পুৰি সেই ছাইৰে দাত মাজৰ লাগে। কেলচিয়াম যুক্ত খাদ্য খােৱা ভাল । তিল চোবাই খাই পান খাব লাগে ।

অপথ্য-


টান আৰু মিঠা জাতীয় বস্তু খাব নালাগে।


গতিকে এনেদৰে আপুনি দাতৰ বিষ বন দৰৱৰ দ্বাৰা নিৰাময় কৰিব পাৰে । লেখাটো ভাল পালে চেয়াৰ কৰিব নাপাহৰিব আৰু এনেধৰন লেখা সদায় পঢ়িবলৈ আমাৰ ৱেবচাইটতো সদায় ভিজিট কৰিব ।

Post a Comment

0 Comments