গাখীৰ গৰম কৰিলে উথলি উঠে, কিন্তু পানী উতলালে উথলি নুঠে কিয়?

গাখীৰ গৰম কৰিলে উথলি উঠে, কিন্তু পানী উতলালে উথলি নুঠে কিয়?

গাখীৰ
আজিৰ লেখাটোত আমি আপোনালোকক গাখীৰ গৰম কৰিলে উথলি উঠে, কিন্তু পানী উতলালে উথলি নুঠে এই বিষয়ে জনাম ।

সাধাৰনতে দেখা যায় যে গাখীৰত প্ৰটিন, শৰ্কৰা আৰু চর্বিজাতীয় কিছু পদার্থ ওপঙি থাকে। গাখীৰ যেতিয়া গৰম কৰা হয় তেতিয়া পােনতে চর্বি জাতীয় পদার্থবােৰ পৃথক হৈ আহে । গাখীৰতকৈ পাতল হােৱা বাবে এইবােৰ পৃথক হৈ ওপৰলৈ উঠি আহে। চর্বি জাতীয় পদার্থবােৰ গাখীৰৰ আটাইতকৈ ওপৰৰ স্তৰত থাকে বাবে ঠাণ্ডা বতাহৰ সংস্পৰ্শত ই গাখীৰৰ ওপৰত চামনি বান্ধি সৰৰ সৃষ্টি কৰে। গাখীৰ গৰম কৰিলে ইয়াৰ পানীভাগ জলীয় বাষ্পৰ ৰূপত উৰি যায়। কিন্তু গাখীৰৰ ওপৰত সৰৰ চামনি পৰিলে এই বাষ্প বাহিৰলৈ ওলাই যাব নােৱাৰে। গাখীৰ আৰু গৰম কৰিলে জলীয় বাষ্পৰ পৰিমাণাে বাঢ়ে। ইয়াৰ ফলত চাপৰ সৃষ্টি হয় আৰু ই সৰখিনিক ওপৰলৈ তুলিব খােজে। ফলত গাখীৰখিনি লুচিৰ দৰে ফুলি উঠে। কিন্তু বেছি ফুলিলে সৰৰ আৰু জলীয় বাষ্পক ধৰি ৰখাৰ ক্ষমতা নাথাকে। তেতিয়া সৰৰ চামনি ফাটি যায় আৰু গাখীৰ উথলি উঠে। কিন্তু পানী গৰম কৰিলে জলীয় বাষ্পবােৰে তেনে কোনাে সৰৰ চামনিৰ বাধা নাপায়। সেয়ে পানী উথলি নুঠে।

গতিকে এইয়াই হৈছে গাখীৰ গৰম কৰিলে উথলি উঠাৰ কাৰন আৰু পানী উতলালে উথলি নুঠাৰ কাৰন । এই ক্ষুদ্ৰ সৰু তথ্যটো পঢ়ি কেনেকুৱা পালে জনাব । ভাল পালে নিশ্চয় চেয়াৰ কৰিব ।


Post a Comment

0 Comments