কুলিয়ে কাউৰীৰ বাহত কণী পাৰে কিয় ?

কুলিয়ে কিয় কাউৰীৰ বাহত কণী পাৰে?


আজিৰ লেখাটোত আমি আপোনালোকক জনাম কুলিয় চৰায়ে কিয় কাউৰীৰ বাহত কণী পাৰে ?

বিজ্ঞানীসকলৰ মতে আন চৰাইৰ দৰে কুলিৰ বাহ সজাৰ কোনাে প্রৱণতা দেখা নাযায়। পক্ষী জগতত কণী উমনি দিয়া  আৰু কণীৰ পৰা পােৱালি জগিলে পােৱালিক টোপ খুউওৱা আদি কামবােৰ সাধাৰণতে মাইকী চৰাইজনীয়ে কৰে। কিন্তু মাইকী কুলিৰ এইবােৰ কামতাে আগ্রহ নাই। দৰাচলতে এনেধৰণৰ কাম-কাজৰ যি প্রৱণতা সেয়া শৰীৰৰ ভিতৰত সৃষ্টি হােৱা কেতবােৰ হৰমােনৰ প্রভাৱত ঘটে। ইয়াৰ প্ৰভাৱতেই মাইকী চৰায়ে কণী উমনি দিয়ে, পােৱালি জগায়, পােৱালি লালন-পালন কৰে। চৰাইৰ এইবােৰ কামৰ মূলতে আছে ‘প্রােলেকটিন' নামৰ একধৰণৰ হৰমােন। পৰীক্ষাৰ পৰা দেখা গৈছে যে মাইকী কুলিৰ বেলিকা সিহঁতৰ শৰীৰত এই ‘প্রােলেকটিন’ হৰমােন ক্ষৰিত নহয়। ফলত সিহঁতৰ মাতৃত্বও নাজাগে। মাতৃত্ব নাজাগিলেও কিন্তু কুলিয়ে কণী পাৰে। কণী পাৰিলে সেই কণীৰ পৰা পােৱালিও জগিব লাগিব; সেয়ে কুলিয়ে আন এটা উপায় লয়। এই বিষয়ত কুলিৰ বুদ্ধি কাউৰীতকৈ বহুত বেছি। 

তদুপৰি লক্ষনীয় যে কুলিৰ কণী পৰাৰ আগেয়ে মাইকী কুলিয়ে কোন কাউৰীয়ে বাহত কণী পাৰিছে তাক বিচাৰি ফুৰে। কুলি দেখিলেই কাউৰীয়ে চোঁচা মাৰি খেদি আহে কাৰণে কাউৰীক ফান্দত পেলাবলৈ মতা কুলিটোৱে কাউৰীৰ বাহৰ আগত অহা-যােৱা কৰি থাকে। কুলিক দেখা মাত্রকে কাউৰীয়ে বাহৰ পৰা ওলাই খেদা দিয়ে। মতা কুলিটোৱে তেতিয়া কাউৰীক উৰুৱাই বাহৰ বহু দূৰলৈ লৈ যায়। এই সুযােগতে, অর্থাৎ, কাউৰী বাহত নথকাৰ সুযােগতে মাইকী কুলিজনীয়ে আহি কাউৰীৰ বাহত কণী পাৰেহি। কণী পৰা হৈ গ'লে কুলিজনীয়ে মতা কুলিটোক সংকেতেৰে জনাই দিয়ে। ইয়াৰ পাছত মতা কুলিটো বেগেৰে উৰি কাউৰীৰ ওচৰৰ পৰা পলাই যায়। বেচেৰা কাউৰী আকৌ বাহলৈ উভতি আহে। কিন্তু কুলিৰ কণী কাউৰীৰৰ কণীৰ সৈতে দেখিবলৈ একে হােৱা বাবে কাউৰীয়ে কুলিৰ কণী চিনিব নােৱাৰে। নিজৰ কণী বুলি ভাবিয়েই পােৱালি নজগা পর্যন্ত কাউৰীয়ে কুলিৰ কণীকে উমনি দি থাকে।

গতিকে এনেদৰে কুলিয়ে কাউৰীৰ বাহত কণী পাৰে । লেখাটো ভাল পালে চেয়াৰ কৰিব ।

Post a Comment

0 Comments