জ্বলি থকা চাকি বা মমবাতি এডাল ফু মাৰি দিলে বা বতাহ পালে নুমাই যায় কিয় ?

জ্বলি থকা চাকি বা মমবাতি এডাল ফু মাৰি দিলে বা বতাহ পালে নুমাই যায় কিয় ?


চাকি বা মমবাতিৰ শলিতাডাল জ্বলি থাকোতে প্রকৃততে মম আৰু চাকিৰ তেলৰ পৰা সৃষ্টি হােৱা গেছখিনিহে জ্বলে। বতাহত থকা অক্সিজেনৰ সংশ্ৰৱত পেট্রোলিয়াম গেছৰ অণুবােৰ ভাগি যায় বাবে বিকিৰণৰ সৃষ্টি হয় আৰু এই বিকিৰণকে আমি জুই বােলাে । মমডাল গলি যােৱাৰ ফলত গেছৰ সৃষ্টি হয়। সেইদৰে কেৰাচিন তেলৰ পৰাও গেছৰ সৃষ্টি হয়। এই গেছৰ সৃষ্টি হৈ থকালৈকে বতাহৰ অক্সিজেনৰ সংযােগত গেছৰ অনুবােৰ ভাঙি যােৱাৰ বাবে শলিতাডাল জুলি থাকে। মুখেৰে ফুৱাই দিলে বা জোৰকৈ বতাহ মাৰিলে শলিতাডালৰ আশে-পাশে থকা অক্সিজেনৰ পৰিমাণ কমি যায় আৰু তেতিয়াই পেট্রোলিয়ামজাত ইন্ধনৰ অণুবােৰ ভাগি তাপ আৰু পােহৰ বিকিৰণ কৰিব নােৱাৰা হয়। ফলত শলিতাডালৰ জুই নুমাই যায়। আনহাতে মুখেৰে ফুলে মুখৰ পৰা যথেষ্ট পৰিমাণে কার্বন ডাই-অক্সাইড ওলায়। কার্বন ডাই-অক্সাইডে জুই নুমুৱাত সহায় কৰে। ফু মাৰি দিলে শলিতাডাল নুমাই যােৱাৰ ইয়েই কাৰণ।

Post a Comment

0 Comments