জুইয়ে পুৰিলে কি কৰিব লাগে গুনাৰাম খনিকৰৰ দিহা

জুইয়ে পুৰিলে সাধাৰণতে ঢৌ উঠে আৰু অসহ্য বিষ হয়।


জুই পুৰিলে এই সমুহ বন-দৰব লগাব লাগে — 


১। অশােকৰ কাথ খােৱাৰ উপৰিও পােৰা ঠাইত প্রলেপ দিব লাগে।

২। পুৰৈ শাকৰ পাত ২/৩ খন মিহিকৈ খুন্দি মাখনৰ সৈতে লগাব লাগে।

৩। মেথি গুটি ৫০ গ্রাম পানীত তিয়াই তাক পিহি পােৰা ঠাইত প্রলেপ দি থলে ৰমনি ভভমনি নাইকিয়া হয়।

৪। আলু চকল চকল কৰি লগালে ৰমনি ভভমনি কম।

৫। ছাল কুৱৰীৰ পাত এখন খুন্দি প্রলেপ দিব লাগে ।

৬। তৰুৱাকদমৰ আঠা, কণী বিজলৰ লগত মিহলি কৰি জুইয়ে পােৰা ঠাইত লগালে ভাল হয়।

৭। জুইয়ে পােৰা ঘাত অমিতা আঠা লগালে যথেষ্ট উপকাৰ পােৱা যায়।।

৮। পকা ভীম কল চক চকল কৰি কাটি জুইয়ে পােৰা ঠাইত
লগাব লাগে।

৯। গাজৰ এডােখৰ পিহি জুইয়ে পােৰা ঠাইত লগালে ঢৌ মুঠে ।

১০। ধূনা পিহি প্রলেপ দিব লাগে ।

১১। গৰম পানী বা জুইয়ে পুৰিলে বঙালী এৰা গছৰ পাতৰ ৰসত (২৫ টোপালত) কণী এটাৰ ২ অংশৰ কুহুম মিহলি কৰি পােৰাৰ
ঠাইত সানিলে কেতিয়াও ঢৌ উঠিব নােৱাৰে আৰু ২ দিনৰ ভিতৰত ঘা ভাল হয়।

পথ্য :-


লঘু আহাৰ খাব লাগে। ঠাণ্ডাদায়ক আৰু ৰসাল বস্তু খােৱা ভাল ।।

অপথ্য—


গৰম ক্রিয়াদায়ক বস্তু, জ্বলা-পােৰা বস্তু, টেঙা, মদ, ভাং, বিড়ি, চিগাৰেট খাব নালাগে ।

Post a Comment

0 Comments