অসম টেট পৰীক্ষাৰ আলোচনাৰ পঞ্চদশ খণ্ড । বিষয় - মৌলিক অধিকাৰ

অসম টেট পৰীক্ষাৰ আলোচনাৰ পঞ্চদশ খণ্ড




আজি আমি আপোনালোকক ২০১৯'ৰ অসম টেট'ৰ U.P.ত আহিব পৰা সমাজ অধ্যয়ন বিষয়'ৰ সংবিধানৰ মৌলিক অধিকাৰৰ ওপৰত আলোচনা কৰিম । টেটত আহিব পৰা যিকোনো বিষয়ৰ আলোচনাৰ এইটো হৈছে পঞ্চদশ খণ্ড । ইয়াত আমি U.P.ত আহিব পৰা সমাজ অধ্যয়ন বিষয়'ৰ সংবিধানৰ মৌলিক অধিকাৰ ওপৰত আলোচনা কৰিম । এই আলোচনাৰ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ , পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম ভাগ আমাৰ ৱেবচাইতত উপলব্ধ । এই খণ্ড সমুহত আমি অসমীয়া বিষয়, সাধাৰন জ্ঞান আৰু পৰুৱেশ অধ্যয়নৰ ওপৰত আলোচনা কৰা হৈছে । পৰৱৰ্তি সময়ত আমি ষষ্ঠদশ খণ্ড আপলড কৰিম । গতিকে এতিয়া পঞ্চদশ খণ্ডটো অধ্যয়ন কৰক আৰু পৰৱৰ্তি যিকোনো সময়ত ষষ্ঠদশ খণ্ড পঢ়িবলৈ আমাৰ এই ৱেবচাইটটো ভিজিট কৰিব ।

এতিয়া আহো মুল বিষয়লৈ -


মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্য (Characteristics of fundamental rights) ঃ


ভাৰতীয় সংবিধানে অন্তর্ভূক্ত। কৰা মৌলিক অধিকাৰসমূহ বিশ্লেষণ কৰিলে তলত দিয়া বৈশিষ্ট্যসমূহ প্রকট হয়।

১। মাৌলক আধিকাৰ সমূহ বাদযােগ্য (Fundamental rights are justiciable) -


কোনাে ব্যক্তি, সংস্থা নাইবা। ৰাষ্ট্ৰই মৌলিক অধিকাৰৰ ওপৰত অবাঞ্ছিত হস্তক্ষেপ কৰিলে এই হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ সহায় ল’ব পাৰি। উচ্চতম আৰু উচ্চ ন্যায়ালয়ে চৰকাৰৰ আইনক অসাংবিধানিক বুলি ঘােষণা কৰিব পাৰে।

  কোনাে ব্যক্তি বা ৰাষ্ট্রই এই অধিকাৰসমূহ খর্ব কৰিব বুলি ভাবি ইয়াৰ সুৰক্ষাৰ বাবে সাংবিধানিক প্রতিকাৰৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে অন্তভূকতি কৰা হয় ৩২ নং আৰু ২২৬ নং তনুচ্ছেদৰ জৰিয়তে নাগৰিকসকলে অধিকাৰ ৰক্ষাৰ কাৰণে ক্রমে উদ্ধতম ন্যায়ালয় বা উচ্চন্যায়ালয়ৰ কাষ চাপিব পাৰে।।

২। মৌলিক অধিকাৰসমূহ চৰম নহয় (Fundamental rights are not absolute) -


মৌলিক অধিকাৰ ভংগ কৰিলে আদালতৰ কাষ চাপিব পাৰি যদিও ৰাজহুলা স্বার্থ বা সামগ্রিক স্বার্থৰ খাতিৰত মৌলিক অধিকাৰৰ ওপৰত কিছুমান বাধা নিষেধ আৰােপ কৰা হয়। দেশৰ সার্বভৌমত্ব, ৰাজ্যিক অখণ্ডতা আৰু ৰাজহুলা স্বার্থৰ খাতিৰত মৌলিক অধিকাৰৰ ওপৰত কেতিয়াবা বাধা নিষেধ আৰােপ কৰিব পৰা যায়। জৰুৰীকালীন অৱস্থাত ১৯ নং অনুচ্ছেদৰ ৰাজনৈতিক অধিকাৰসমূহ বাতিল হৈ যায়।

৩। মৌলিক অধিকাৰ সকলাে ব্যক্তিক প্রদান কৰা হােৱা নাই (Fundamental rights are not granted to allindividuals) ঃ


দেশত বসবাস কৰা সকলাে ব্যক্তি মাত্রেই এই মৌলিক অধিকাৰ ভােগ কৰিব নােৱাৰে  কিছুমান বিশেষ অধিকাৰ কেৱল ভাৰতীয় নাগৰিককহে প্রদান কৰা হৈছে আৰু আনবিলাক বিদেশী নাগৰিক সকলােকে প্রদান কৰা হৈছে। সংবিধানৰ ১৫ তম অনুচ্ছেদ অনুসৰি ধম, ভাষা, জাতি, গােষ্ঠী আদিৰ ভিত্তিত কাকো ভেদাভেদ কৰিব।
নােৱৰা, সংবিধানৰ ১৮ তম অনুচ্ছেদ মতে ৰাজহুৱা নিয়ােগক্ষেত্ৰত সকলােকে সমান সুবিধা প্রদান কৰা, ১৯ তম অনুচ্ছেদৰ মতে বাক-স্বাধীনতা প্রদান কৰা আদি এই অধিকাৰসমূহ কেৱল ভাৰতীয় নাগৰিককহে প্রদান কৰা হৈছে। আনহাতে সংবিধানৰ ১৪ তম অনুচ্ছেদ অনুসৰি আইনৰ চকুত সকলাে সমান, আইনৰ দ্বাৰা সমান সুৰক্ষা, শােষণৰ বিৰুদ্ধে অধিকাৰ, ধর্মীয় অধিকাৰ, জীৱন আৰু সম্পত্তি সুৰক্ষাৰ অধিকাৰ আদি এই সকলােবিলাক অধিকাৰ বিদেশী বা নাগৰিক সকলােৱে ভােগ কৰে।

৪। মৌলিক অধিকাৰ নকৰাত্মক আৰু সকাৰাত্মক দুই ভাগত প্ৰকাশ পাইছে (Fundamental rights are bothnegatively and positively expressed) -


  মৌলিক অধিকাৰৰ এক গুৰুত্বপূর্ণ দিশ হৈছে যে, ইয়াৰনকাৰাত্মক (Negative) আৰু সকাৰাত্মক (Positive) এই দুয়ােটা দিশ আছে। উদাহৰণস্বৰূপে, ১৪ তম অনুচ্ছেদ অনুসৰি সকলাে লােক আইনৰ দৃষ্টিত সমান। ইয়াত উল্লেখ কৰা আছে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত বাস কৰা কোনাে লােককে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ পােৱা নাইবা সমান ৰক্ষণাবেক্ষণৰ পৰা বঞ্চিত কৰিব নােৱাৰিব। গতিকে ই
নকাৰাত্মকভারে প্রকাশ পাইছে। অন্যহাতে আইনৰ সমান ৰক্ষণাবেক্ষণ (Equal protection of law) সকাৰাত্মকভাৱে
প্রকাশ পাইছে। তদুপৰি স্বাধীনতাৰ অধিকাৰৰ অন্তৰ্গত ২০ নং, ২১ নং আৰু ২২ নং অনুচ্ছেদৰ কথা নকাৰাত্মকভাৱে
প্রকাশ কৰা আছে। অন্যহাতে ধর্মীয় অধিকাৰ আৰু শােষণৰ বিৰুদ্ধে অধিকাৰ আদি সকাৰাত্মকভাৱে প্ৰকাশ পাইছে।


৫| আমেৰিকাৰ সংবিধানৰ আৰ্হিত নির্মিত (Based on American Models) -


মৌলিক অধিকাৰৰ মূল আদর্শ আমেৰিকাৰ সংবিধানৰ পৰা অনা হৈছে। আমেৰিকাৰ সংবিধানৰ আৰ্হিত উচ্চতম আৰু উচ্চ ন্যায়ালয়ে কার্যপালিকাই
ৰচনা কৰা আইন প্রয়ােজন হলে অসাংবিধানিক বুলি ঘােষণা কৰিব পাৰে। তদুপৰি ৰাষ্ট্ৰই মৌলিক অধিকাৰ ভংগ কৰা । কোনাে আইন প্রবর্তন কৰিব নােৱাৰে।


৬। কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ ক্ষমতা সীমিত কৰিছে (Fundamental rights impose restrictions on cxecutive and legislature) ঃ


কিছুমান মৌলিক অধিকাৰে কাৰ্যপালিকাৰ ক্ষমতাৰ ওপৰত আৰু কিছুমানে বিধান মণ্ডলৰ ক্ষমতাৰ ওপৰত বাধা-নিষেধ আৰােপ কৰিছে। ২১ নং অনুচ্ছেদ অনুসৰি চৰকাৰ বাৰাষ্ট্ৰই বে-আইনীভাৱে কোনাে ব্যক্তিৰ জীৱন আৰু সম্পত্তি বঞ্চিত কৰিব নােৱাৰে। সেইদৰে ২৪ নং অনুচ্ছেদে আইন সভাৰ ক্ষমতা সীমিত কৰিছে ।

৭ | সম্পত্তিৰ অধিকাৰৰ পৰা মৌলিক অধিকাৰৰ পৰা বাদ (Right to property taken out from fundamen-tal rights) ঃ


জনতা চৰকাৰে ১৯৭৮ চনত ৪৪ তম সংবিধান সংশােধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আঁতৰাই আনে। বর্তমান এই সম্পত্তিৰ অধিকাৰ মাথোঁ এক আইনগত অধিকাৰ।

৮। মৌলিক অধিকাৰ সংশােধন কৰিব পাৰি (Fundamental Rights can be Amended) -


মৌলিক অধিকাৰ সংশােধন কৰিব পাৰিনে নােৱাৰি তাক লৈ প্রবল বিতৰ্কৰ পাছত এই কথা সর্বজনবিদিত যে, মৌলিক অধিকাৰ
সংশােধন কৰিব পৰা ব্যৱস্থা আছে। কিন্তু এইবিলাক ভংগ কৰিব নােৱাৰি। মৌলিক অধিকাৰ উলংঘা কৰিলে সংবিধানৰ
মূল গাঁথনিক ভংগ কৰা হ'ব।


৯। ভাৰত চৰকাৰৰ কিছুমান বিষয়াই মৌলিক অধিকাৰ ভােগ কৰিব নােৱাৰে (Fundamental rights may not be available to some officers) ঃ


সামৰিক বাহিনীত নাইবা পুলিচ সেৱাত কাম কৰা বিষয়াই সকলােবিলাক। মৌলিক অধিকাৰ কিছুমান পৰিস্থিতিত ভােগ কৰিব নােৱাৰে। সংবিধান ৩৩ নং অনুচ্ছেদ অনুসৰি সংসদে ভােগ। কৰিব নােৱৰা মৌলিক অধিকাৰসমূহ নির্ধাৰণ কৰিব।

সংবিধানে প্রদান কৰা মৌলিক অধিকাৰসমূহ ঃ

সমতাৰ অধিকাৰ (Right to Equality) ঃ

সংবিধানৰ ১৪ তম অনুচ্ছেদৰ পৰা ১৮ তম অনুচ্ছেদলৈকে সমতাৰ অধিকাৰৰ বিস্তৃত বিৱৰণ আছে। সংবিধানৰ ১৪ তম অনুচ্ছেদে উল্লেখ কৰিছে যে “ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত বাস কৰা কোনাে লােককে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ নাইবা সমান ৰক্ষণাবেক্ষণ পােৱাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব।” এই অনুচ্ছেদে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ (Equality before law) আৰু “আইনৰ সমান ৰক্ষণাবেক্ষণে (Equal protection of law) এই দুয়ােটা কথাৰ ওপৰত বিশেষ গুৰুত্ব দিছে ।

সংবিধানৰ ১৫ নং অনুচ্ছেদে জাতি, বর্ণ, ধর্ম, জন্ম ঠাই আদিৰ ভিত্তিত বাছ-বিচাৰ কৰিবলৈ ৰাষ্টক বাধা দিছে। জাতি, ধর্ম, আদিৰ ভিত্তিত কোনাে নাগৰিককে দোকান-পােহাৰ, ৰেষ্টোৰা, হােটেল, চিনেমা হল আদিত প্ৰৱেশ বন্ধ কৰিব নােৱাৰিব। চৰকাৰী সাহাৰ্যৰে নিৰ্মাণ কৰা জিৰণি চ’ৰা নাইবা জনকল্যাণৰ কাৰণে তৈয়াৰী ঠাই ব্যবহাৰ কৰাৰ পৰা কোনাে নাগৰিকে বঞ্চিত কৰিব নােৱাৰিব। ১৬ নং অনুচ্ছেদ অনুসৰি সংস্থাপনৰ ক্ষেত্ৰত সকলাে নাগৰিককে সমান সুবিধা দিব লাগিব। ১৭ নং অনুচ্ছেদৰ জৰিয়তে অস্পৃশ্যতা (Untouchability) বর্জন কৰা হৈছে।
১৯৫৫ চনৰ অস্পৃশ্যতা বর্জন আইনে এনে প্রথা চলাই থকা লোক শাস্তিৰ ব্যৱস্থা কৰিছে। এই অনুচ্ছেদে সামাজিক
ন্যায়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ।

১৮ নং অনুচ্ছেদ অনুসৰি ৰায় চাহিব বা ৰায় বাহাদুৰ আদি উপাধি দিয়াৰ ক্ষেত্ৰত বাধা আৰােপ কৰা হৈছে। তদুপৰি কোনাে ভাৰতীয় নাগৰিকে উপযুক্ত অনুমতিৰ বাহিৰে বিদেশী ৰাই দিয়া উপাধি গ্রহণ কৰিব নােৱাৰিব। ৰাষ্ট্ৰই ব্যক্তিক বিশেষ পুৰস্কাৰ দিব নােৱাৰিব । সামাজিক সমতাত বাধা প্রদান কৰিব বুলি এই ব্যৱস্থা কৰা হৈছিল। অৱশ্যে এই অনুচ্ছেদে বিশ্ববিদ্যালয়ক ডিগ্রী প্রদান কৰাত বাধা দিয়া নাই। সেইদৰে দেশৰ কাৰণে বিশিষ্ট সেৱা আগবঢ়োৱা লােকক ভাৰত চৰকাৰে পদ্মশ্রী, পদ্মভূষণ আদি উপাধি দিয়াৰ ব্যৱস্থা কৰিছে। অৱশ্যে এই সন্মানবিলাক এজন ব্যক্তিৰ উপাধিৰ পাছত ব্যৱহাৰ কৰিব নােৱাৰি।।

স্বাধীনতাৰ অধিকাৰ (Right to Freedom)ঃ

সংবিধানৰ প্ৰস্তাৱনাতত উল্লেখ থকা অধিকাৰৰ প্ৰস্তাৱক স্বাধীনতাৰ অধিকাৰে বাস্তৱত সাকাৰ দিছে। সংবিধানৰ ১৯, ২০, ২১ আৰু ২২ তম অনুচ্ছেদে এই স্বাধীনতাৰ অধিকাৰৰ লগত জড়িত হৈ আছে। এই সকলােবিলাকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ১৯ নং আনুচ্ছেদত অন্তর্ভুক্ত কৰা ছটা অধিকাৰ।

(ক) বাক স্বাধীনতা আৰু মত প্রকাশৰ অধিকাৰ।

(খ) অস্ত্রবিহীন অৱস্থাত শান্তিপুর্ণভারে সমবেত হােৱাৰ অধিকাৰ।

(গ) সংস্থা বা ইউনিয়ন গঠন কৰাৰ অধিকাৰ।

(ঘ) ভাৰতবৰ্ষৰ চাৰিসীমাৰ কেউকাষে ঘূৰাৰ অধিকাৰ।

(৬) ভাৰতবৰ্ষৰ যিকেনাে ঠাইত বসবাস কৰাৰ অধিকাৰ।

(চ) যিকোনাে চাকৰি নাইবা ব্যৱসায় কৰাৰ অধিকাৰ।

এই অধিকাৰসমূহৰ ওপৰত আৰােপকৰা যুক্তিসংগত বাধা (Resonable restriction on six freedoms) ঃ

১৯ নং অনুচ্ছেদৰ অধীনত অন্তর্ভুক্ত কৰা এই ছটা অধিকাৰে মৌলিক অধিকাৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ বুলি ক'ব পাৰি । এই অধিকাৰবিলাকে এখন গণতান্ত্রিক ৰাষ্ট্ৰই প্ৰদান কৰা সকলাে সা-সুবিধাকে প্রকট কৰি দেখুৱাইছে। হলেও কোনাে আধুনিক কল্যাণকামী ৰাষ্ট্রই সম্পূর্ণ ব্যক্তি-স্বাধীনতা প্রদান কৰিব নােৱাৰে।
সেয়েহে স্বাধীনতাৰ এই অধিকাৰসমূহ চৰম নহয় । চৰকাৰে এই অধিকাৰ ভােগ কৰাৰ ক্ষেত্ৰত কিছুমান বাধা আৰােপ কৰিব পাৰে।

(ক) যদি বাক-স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাই আনৰ যশস্যা হানি কৰিলে, আদালত অবমাননা কৰিলে, ৰাষ্ট
নিৰাপত্তা বিপদাপন্ন কৰিলে বিদেশীৰাষ্ট্রৰ লগত থকা মধপৰ সম্পৰ্ক ব্যাহত হলে, সামাজিক শৃংখলাত বাধা পৰিলে, ৰাষ্ট্রৰ সংহতি তথা সার্বভৌমত্ব বিপদাপন্ন হােৱাৰ সম্ভাৱনা থাকিলে বাধা নিষেধ আৰােপ কৰিব পাৰি।

(খ) অস্ত্রবিহীনভারে সমবেত হােৱাৰ অধিকাৰাে চৰম নহয় । এনে সমবেত যদি ৰাজহুৱা শংখলাত আঘাত হানে।
তেন্তে এই অধিকাৰ ভােগ কৰা কাৰ্যত বাধা আৰােপ কৰিব পাৰি। অন্য অথত এনে সমবেতকৰণে ৰাজহুৱা শংখালাত। নাইবা দেশৰ সার্বভৌমত্বক বিপদাপন্ন কৰিব নালাগে।

(গ) ঠিক সেইদলে সংস্থা বা সংগঠনৰ ক্ষেত্ৰতাে কিছুমান বাধা নিষেধ আৰোপ বা সংগঠনৰ ক্ষেত্ৰতাে কিছুমান বাধা নিষেধ আৰােপ কাৰ হৈছে। ঘৃণনীয় কিছুমান কার্য সমাধা কৰিবৰ বাবে বা সামাজিক শান্তি বাস্তত কৰিব পৰা কোনো সংস্থা চৰকাৰৰ দ্বাৰা অনুমদিত নহয় ।

(ঘ) যদিও সকলাে ভাৰতীয় নাগৰিকৰে ভাৰতৰ যিকোনাে ঠাইতে বসবাস কৰা বা ঘূৰাৰ অধিকাৰ আছে, তথাপি
ৰাজ্য বিলাকে ৰাজ্যৰ জনসাধাৰনৰ বাবে অনসুচিত জনজাতিৰ সুৰক্ষাৰ কাৰনে কিছুমান বিশেষ ব্যৱস্থা কৰিব পাৰে।
এক সেইদৰে ৰাজহুৱা স্বার্থৰ কাৰণে চাকৰি বা ব্যবসায় কাৰৰ স্বাধীনতাৰ ক্ষেত্ৰতাে বাধা প্রদান কৰিব  পাৰে। ওপৰত উল্লেখ কৰা কিছুমান অধিকাৰ ৩৫২ নং ৩৫৬ নং আৰু ৩৬০ নং অনুচ্ছেদ অনুসৰি জৰুৰীকালীন
(Emergency) অৱস্থা ঘােষণা কৰিলে কর্তন হয়।।

এই স্বাধীনতাৰ অধিকাৰৰ ২০ নং অনুচ্ছেদে জনসাধাৰণক কিছুমান আইনগত সুৰক্ষা দিছে। এইবোৰৰ হল -

(ক) আইন অমান্য কৰাৰ বাহিৰে কোনাে লােককে আটক কৰিব নােৱাৰিব।

(খ) আইন অমান্য কাৰৰ যি শাস্তিৰ ব্যৱস্থা আছে, তাতকৈ অধিক শাস্তিৰ বিধান দিব নােৱাৰিব।

(গ) একেটা দোষৰ বাবে এজন ব্যক্তিক দুবাৰ শাস্তি দিব নােৱাৰিব।

(ঘ) নিজৰ বিৰুদ্ধে যাব পৰা সাক্ষ্যদান বা সাক্ষী দিবলৈ কোনাে লােকক হেঁচা প্রয়ােগ কৰিব নােৱৰি।

২১ নং আৰু ২২ নং অনুচ্ছেদে ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰিছে। ২১ নং অনুচ্ছেদৰ মতে ৰাষ্ট্ৰই প্রচলিত আইনৰ বাহিৰে কোনাে লােককে তেওঁৰ জীৱন আৰু স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নােৱাৰিব। উল্লেখযােগ্য যে ২০০২ চনৰ ১২ ডিচেম্বৰত সংবিধানৰ ৮৬ তম সংশােধনীৰ মাজেৰে ২১নং (ক) অনুচ্চেদটো সংযুক্ত কৰা হয়। এই অনুচ্ছেদ অনুসৰি ৬ ৰ পৰা ১৪ বছৰলৈকে ল’ৰা-ছােৱালীসকলৰ শিক্ষা বাধ্যতামূলক কৰা হৈছে। ।

সংবিধানৰ ২২ অনুচ্ছেদৰ অধীনত কোনাে ব্যক্তিক আটক কৰিলে তাৰ কাৰণ দর্শাব লাগিব। আটক হােৱা ব্যক্তিয়ে তেওঁৰ পছন্দ অনুসৰি আইনজীৱিৰ সৈতে পৰামৰ্শ কৰাৰ আৰু আত্মপক্ষ সমর্থন কৰাৰ সুযােগ পাব। আটক কৰা ব্যক্তিক ২৪ ঘণ্টাৰ ভিতৰত নিকটতম আদালতত হাজিৰ কৰাব লাগিব। অৱশ্যে নিকটতম আদালতলৈ আটক
ব্যক্তিক অনাটো যিখিনি সময় লাগে সেইখিনি সময় এই ২৪ ঘণ্টাৰ ভিতৰত অন্তর্ভুক্ত নহয় …

সংবিধানৰ ২২ (৩) ধাৰাৰ অধীনত নিবাৰক নিৰােধ (Preventive Ditention) আইনৰ ব্যৱস্থা কৰা হৈছে। ই হৈছে এক সতর্কমূলক ব্যৱস্থা। কোনাে আইন ভংগ নকৰাকৈয়ে ভৱিষ্যতে আইন ভংগ কৰাৰ সন্দেহত এজন
ব্যক্তিক এই আইনৰ অধীনত আইন প্রণয়ন কৰিছে। তাৰ ভিতৰত ১৯৫০ চনৰ নিবাৰক নিৰােধ আইন, আভ্যন্তৰীণ নিৰাপত্তা আইন [Maintenance of Internal Security Act (MISA)], ৰাষ্ট্ৰীয় নিৰাপত্তা আইন [National Security Act (NSA)] অন্যতম।


৩। শােষণৰ বিৰুদ্ধে অধিকাৰ (Right to exploitation) -

সংবিধানৰ ২৩ নং আৰু ২৪ নং অনুচ্ছেদে শােষণৰ বিৰুদ্ধে কিছুমান অধিকাৰ প্ৰদান কৰিছে। এই অধিকাৰসমূহ হৈছেঃ

(ক) এই অধিকাৰসমূহে সমাজৰ সকলাে ব্যক্তি, বিশেষকৈ দুর্বল শ্রেণীৰ লােকক যাতে কোনাে ব্যক্তি বা ৰাষ্ট্ৰই শােষণ কৰিব নােৱাৰে তাৰ ব্যৱস্থা কৰা।।

(খ) ২৩ নং অনুচ্ছেদৰ জৰিয়তে মানৱহনন, ভিক্ষা কৰা আৰু অন্যান্য অনুৰূপ প্ৰকাৰৰ বলপূর্বক কামত লগােৱা ব্যৱস্থা প্রতিৰােধ কৰা হৈছে।

(গ) ২৪ নং অনুচ্ছেদে ১৪ বছৰৰ তলৰ ল'ৰা-ছােৱালীক কাৰখানা, খনি নাইবা তেনে কোনাে সংকটজনক কামত
নিযুক্তি দিয়াটো বন্ধ কৰিছে।

৪। ধর্মীয় অধিকাৰ (Right of Religion) :

সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা ধর্ম নিৰপেক্ষতা (Secularism) আৰু ধর্মীয় স্বাধীনতাৰ প্রস্তাবে প্রকৃত ৰূপ পাইছে ২৫, ২৬, ২৭ আৰু ২৮ নং অনুচ্ছেদৰ জৰিয়তে। এই অনুচ্ছেদবিলাকে ভাৰতীয় নাগৰিকক ধর্মীয় অধিকাৰ প্ৰদান কৰিছে।

(ক) আমাৰ দেশত বসবাস কৰা সকলাে লােকে নিজৰ নিজৰ অভিৰুচি মতে নিকোনাে ধর্ম গ্রহণ, ধর্মচর্চা আৰু  ধর্মপ্রচাৰ কৰিব পাৰে। কিন্তু সামাজিক শৃখলা, সদাচাৰ আদি বিভিন্ন কাৰণত চৰকাৰে এই অধিকাৰৰ ওপৰত বাধা আৰােপ কৰিব পাৰে।

(খ) ভাতবৰ্ষত কোনাে ৰাজধর্ম’ (State Religion) নাই। ৰাষ্ট্ৰই নিজস্বকৈ কোনাে ধর্ম স্থাপন কৰিব নােৱাৰে বা কোনাে ধর্মৰ প্রতি বিশেষ অনুগ্রহ দেখুৱাব নােৱাৰে। ২৭ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰই কোনাে ব্যক্তিক ধৰ্মৰ উপাসনা বা বিস্তাৰৰ বাবে কৰ দিবলৈ বল প্রয়ােগ কৰিব নােৱাৰে।

(গ) সকলাে লােককে নিজৰ নিজৰ অভিৰুচি মতে ধর্মগ্ৰহণৰ স্বাধীনতা দিয়াৰ উপৰিও ধর্মীয় অনুষ্ঠান আদি প্রতিষ্ঠা কৰাৰাে অধিকাৰ দিছে। সকলাে ধৰ্মৰ লােকে তেওঁলােকৰ কাৰণে স্থাৱৰ-অস্থাৱৰ সম্পত্তি আধিগ্ৰহণ কৰিব।
পাৰে।(২৬ নং অনুচ্ছেদ)।

(ঘ) চৰকাৰী পৃষ্ঠপােষকতাত গঢ়ি উঠা শিক্ষানুষ্ঠান নাইবা চৰকাৰে অনুদান দিয়া শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা দিয়া বন্ধ কৰা হৈছে। চৰকাৰী অনুমােদনপ্রাপ্ত শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা প্রদান কৰিলেও ছাত্ৰৰ অভিভাৱকৰ সন্মতি ল’ব
লাগিব।(২৮ নং অনুচ্ছেদ)।

(ঙ) ধৰ্মৰ নামত যাতে কোনাে লােকক বাছ-বিচাৰ কৰা নহয় তাৰাে ব্যৱস্থা ভাৰতীয় সংবিধানে কৰিছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সাম্প্রদায়িক ভিত্তিত কেতিয়াও বাছ-বিচাৰ কৰা নহয়। সংবিধানৰ ১৬নং অনুচ্ছেদ, ১৫ নং অনুচ্ছেদ আদিত এই ধর্মীয় ভিত্তিক বাছ-বিচাৰ বন্ধ কৰা হৈছে।

৫| সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ (Cultural & Educational Rights) ঃ

২৯ নং আৰু ৩০ নং অনুচ্ছেদে
সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰিছে। এই অনুচ্চেদত উল্লেখ আছে যে ভাৰতৰ সকলাে শ্ৰেণীৰ নাগৰিকে
নিজৰ ভাষা আৰু সংস্কৃতি বজায় ৰাখিব পাৰিব। এটা সম্প্রদায়ক নিজস্ব সংস্কৃতিৰ বাহিৰে বেলেগ ভাষা-সংস্কৃতি ৰাষ্ট্ৰই জাপি নিদিয়ে। ৩০ নং অনুচ্ছেদ অনুসৰি কোনাে সংখ্যালঘু সম্প্রদায়ে নিজস্ব শিক্ষানুষ্ঠান প্রতিষ্ঠা তথা বজাই ৰখাৰ পূর্ণ অধিকাৰ উপভােগ কৰে। চৰকাৰী আর্থিক অনুদানৰ ক্ষেত্ৰত ভাষা নাইবা ধৰ্মৰ ভিত্তিত কাকো বাছ-বিচাৰ কৰিব নােৱাৰে। এই অনুচ্ছেদকেইটা সংখ্যাগৰিষ্ঠ তথা সংখ্যালঘু দুয়াে পর্যায়ৰ জনসাধাৰণকে ভাষা, সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰত সাংবিধানিক সুৰক্ষা দিছে।


৬। সাংবিধানিক প্রতিকাৰৰ অধিকাৰ (Right to Constitutional Remady) ঃ

ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ কেৱল উল্লেখ কৰিলেই নহ'ব, নাগৰিকসকলে যাতে সেই অধিকাৰ ভােগ কবি পাৰে আৰু নাগৰিক অধিকাৰৰ ওপৰত যাতে কোনেও অবাঞ্ছিত হস্তক্ষেপ কৰিব নােৱাৰে, তাৰ ব্যৱস্থা থাকিব লাগিব। সংবিধানৰ ৩২ নং অনুচ্ছেদত এই মৌলিক অধিকাৰৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে। ড° বি. আৰ. আম্বেদকাৰে সংবিধানৰ এই ৩২ নং অনুচ্ছেদক সংবিধানৰ অন্তৰ আৰু আত্মা বুলি আখ্যা দিছে।

৩২ নং আৰু ২২৬ নং অনুচ্ছেদৰ জৰিয়তে নাগৰিকসকলে অধিকাৰ ৰক্ষাৰ কাৰণে কিছুমান আদেশ জাৰি কৰিব পাৰে। উদাহৰণস্বৰূপে, কোনাে লােকক বে-আইনীভাৱে আটক কৰিলে আদালতে “বন্দী উপস্থাপন সমাদেশ” (Hebease Corpus) জাৰি কৰিব পাৰে, এই আদেশৰ যােগেদি কর্তৃপক্ষই দোষী বা বন্দীক সোঁ-শৰীৰে আদালতত উপস্থাপন কৰিব লাগিব। দোষী প্রমাণিত নহলে দোষীক তৎকালে মুক্তি দিব লাগে। অন্যহাতে কোনাে লােক বা কর্তৃপক্ষই নিজৰ দায়িত্ব পালন কৰিবলৈ অনিচ্ছুক হলে আদালতে পৰমাধিদেশ।
তাৰ কাৰব পাৰে (Mandamus)।এনে “পৰমাধিদেশ” (Mandamus) আদালতে জাৰি কৰিলে কতৃপক্ষই নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য হ'ব। কোনাে কর্তৃপক্ষই যদি আইনগতভাৱে নপৰা দায়িত্ব বা ক্ষমতা প্রয়ােগ কৰিবলৈ যায় তেনে কর্তৃপক্ষক ৰোধ কৰিবৰ বাবে নায়ালয়ে “নিষেধাঞ্জা”ৰ (prohibition) জাৰি কৰিব পাৰে। বৈধভাৱে নিৰ্বাচন বা নিযুক্তি নােহােৱা কোনাে চৰকাৰী পদবী ব্যক্তিয়ে কোনাে কাম মীমাংসা কৰিবলৈ বিচাৰিলে, আদালতে কৈফিৎ তলবী” (quo-warrant) পৰােৱানা জাৰি কৰিব পাৰে। পৰিশেষত উৎপ্রেষণ (certiorari) হৈছেউচ্চ আৰু উচ্চতম
ন্যায়ালয়ৰ এনে এক ক্ষমতা, যাৰ জৰিয়তে নিম্ন আদালতৰ বিচাৰ ৰদ কৰি নিজৰ হাতলৈ আনিব পাৰে। এইদৰে জনসাধাৰণৰ অধিকাৰ সুৰক্ষা কৰাৰ কাৰণে উচ্চ আৰু উচ্চতম ন্যায়ালয়ে বিভিন্ন সমাদেশ আছে।
(Writs) জাৰি কৰিব পাৰে।।


মৌলিক অধিকাৰ সীমিতকৰণ (Limitations of Fundamental Rights)ঃ


মৌলিক অধিকাৰসমূহ সময়ে সময়ে
বাতিলকৰণ বা বিভিন্ন সময়ত সেইবােৰৰ ওপৰত বাধা নিষেধাে আৰােপ কৰিব পৰা যায়--

১। সশস্ত্র বাহিনী বা আইন প্রশাসনৰ দায়িত্বত থকা লােকসকলক পৰিচালনা কৰিবৰ বাবে সংসদে মৌলিক অধিকার।
সংশােধন কৰিব পাৰে।

২। সামৰিক আইন অঞ্চল বিশেষে প্রয়ােগ হলে মৌলিক অধিকার খর্ব হয়। দেশত জৰুৰীকালীন অৱস্থা বাহাল। থাকিলে কিছুমান মৌলিক অধিকাৰ বিশেষকৈ ১৯ নং অনুচ্ছেদৰ অধিকাৰসমুহ বাতিল হৈ যায়  কিন্তু ২০ আৰু ২১ নং অনুচ্ছেদৰ অধিকাৰসমূহ ভংগ কৰিব নােৱাৰি।

৩। মৌলিক অধিকাৰে সমতাৰ অধিকাৰ প্ৰদান কৰিছে যদিও এই কথা অনস্বীকার্য যে চৰকাৰী প্রতিনিধি তথা বিশেষ শ্ৰেণীৰ লােকৰ বাবে সদায় বেলেগ ব্যৱস্থা কৰিব পৰা যায়।

৪। মৌলিক অধিকাৰে সমতাৰ অধিকাৰ প্ৰদান কৰিছে যদিও এই কথা অনস্বীকার্য যে চৰকাৰী প্রতিনিধি তথা বিশেষ শ্ৰেণীৰ লােকৰ ববে সদায় বেলেগ ব্যৱস্থা কৰিব পৰা যায়।

৫। প্রত্যেকটো মৌলিক অধিকাৰৰ বিপৰীতে এটা বাধা আৰােপ কৰা হৈছে বুলি ক'লেও বঢ়াই কোৱা নহয়।

৬। সংবিধানৰ ৩ নং অধ্যায়ত অন্তর্ভুক্ত কৰা এই অধিকাৰবিলাকত অর্থনৈতিক অধিকাৰ অন্তর্ভুক্ত কৰা হােৱা নাই। অর্থনৈতিক নিৰাপত্তা নাথাকিলে ৰাজনৈতিক অধিকাৰৰ কোনাে মূল্য নাই।'

৭। জৰুৰীকালীন ব্যৱস্থাৰ অধীনত ৰাষ্ট্ৰপতিৰ মৌলিক অধিকাৰ নিলম্বিত কৰা অধিকাৰে দেশত একনায়কত্বৰ  স্থাপন কৰিব পাৰি। বহু সময়ত এই জৰুৰীকালীন ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে ওপৰৰ যুক্তিসমূহৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে, মৌলিক অধিকাৰৰ পৰিসৰ বহুতাে সীমিত। শিৱনাথ চক্রবর্তীৰ মতে “ভাৰতীয় সংবিধানে এখন হাতেদি প্রদান কৰি অন্যখন হাতেদি সকলােবিলাক অধিকাৰ ভাৰতীয় জনসাধাৰণৰ পৰা লৈ গৈছে। 


গতিকে এইয়াই হৈছে অসম টেটত আহিব পৰা যিকোনো বিষয় আলোচনাৰ পঞ্চদশ ভাগ । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ ৱেবচাইট ভিজিত কৰিব বা আমাৰ  ফেচবুক পেজটো লাইক বা Follow কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments