কেন্দ্রীয় শাসিত অঞ্চল সমূহৰ শাসন ব্যৱস্থা বিষয়ে আলোচনা

কেন্দ্রীয় শাসিত অঞ্চল সমূহৰ শাসন ব্যৱস্থা বিষয়ে আলোচনা


আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে কেন্দ্রীয় শাসিত অঞ্চল সমূহৰ শাসন ব্যৱস্থা বিষয়ে চমুকৈ জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত কেন্দ্রীয় শাসিত অঞ্চল সমূহৰ শাসন ব্যৱস্থা বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।



কেন্দ্রীয় শাসিত অঞ্চল সমূহৰ শাসন ব্যৱস্থা -
(Administration of the Union Territories)



ভাৰতৰ সংঘ ৰাজ্যক্ষেত্র বা কেন্দ্রীয় শাসিত অঞ্চলৰ শাসনব্যৱস্থা ৰাজ্যবিলাকৰ শাসনব্যৱস্থাতকৈ অলপ বেলেগ।
সংবিধানৰ অষ্টম ভাগত কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ শাসনব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছে। সংবিধান অনুচ্ছেদ নং ২৩৯, ২৪০ আৰু ২৪১ অনুযায়ী ভাৰতৰ কেন্দ্রীয় অঞ্চলসমূহ শাসন কৰা হয়।

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে প্রত্যক্ষভাৱে কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ শাসনভাৰ নিয়ন্ত্রণ কৰে। ৰাষ্ট্ৰপতিৰ অধীনত এই শামনব্যৱস্থা পৰিচালিত হয়। সংবিধানৰ ২৩৯ (১) নং অনুচ্ছেদমতে ৰাষ্ট্ৰপতিয়ে মুখ্য আয়ুক্ত (Chief Com- missioner) আৰু উপৰাজ্যপাল (Lt. Governor) ৰ জৰিয়তে এই অঞ্চলৰ শাসনভাৰ পৰিচালনা কৰে। তেওঁলােকক ৰাষ্ট্রপতিয়ে নিয়ােগ কৰে আৰু তেওঁৰ সন্তুষ্টিৰ ওপৰত তেওঁলােকৰ কার্যকাল নিৰ্ভৰ কৰে। সংবিধানৰ ২৩৯ (২).
অনুচ্ছেদ অনুসৰি কোনাে ৰাজ্যৰ ৰাজ্যপালক ওচৰ-চুবুৰীয়া কেন্দ্রীয়শাসিত অঞ্চলৰ শাসনভাৰ অৰ্পণ কৰিব পাৰে।
এই অঞ্চলসমূহৰ শাসনকার্য পৰিচালনা কৰাৰ কাৰণে প্রশাসকসকল ৰাষ্ট্ৰপতিৰ ওচৰত দায়বদ্ধ।।

সংবিধানৰ ২৩৯ (ক) নং অনুচ্ছেদমতে ভাৰতৰ সংসদে কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ বাবে স্থানীয় বিধানমণ্ডল।
বা দুয়ােটাই গঠন কৰিব পাৰে। তেতিয়া সংসদে এই অঞ্চলবিলাকৰ ক্ষমতা আৰু কার্য নির্ণয় কৰে। ।

সংবিধানৰ ২৪৬ (৪)নং অনুচ্ছেদ অনুসৰি সংসদে যিকোনাে কেন্দ্রীয়শাসিত অঞ্চলৰ বাবে আইন প্রণয়ন কৰিব।
পাৰে। আকৌ সংবিধানৰ ২৪০ (১) নং অনুচ্ছেদমতে ৰাষ্ট্রপতিয়ে কিছুমান অঞ্চলৰ বাবে বিনিময় (Regulation) তৈয়াৰ কৰিব পাৰে। সংবিধানে কিছুমান কেন্দ্রীয়শাসিত অঞ্চলৰ বাবে উচ্চ ন্যায়ালয় (High Court) গঠন কৰিব পাৰে। সংবিধানৰ ২৪১ নং অনুচ্ছেদমতে সংসদে আইন প্রণয়ন কৰি এই ন্যায়ালয় গঠন কৰিব পাৰে বা এই অঞ্চলত থকা যিকোনাে ন্যায়ালয়ক উচ্চ ন্যায়ালয় বুলি ঘােষণা কৰিব পাৰে। সংসদে কোনাে ৰাজ্যৰ উচ্চ ন্যায়ালয়ক ইয়াৰ অধিকাৰ-ক্ষেত্র ওচৰ-চুবুৰীয়া কেন্দ্রীয়শাসিত অঞ্চললৈ সম্প্রসাৰণ নাইবা সংকোচন কৰিবও পাৰে ।


গতিকে এইয়াই হৈছে কেন্দ্রীয় শাসিত অঞ্চল সমূহৰ শাসন ব্যৱস্থা বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments