উচচ ন্যায়ালয়ৰ বিষয়ে আলোচনা

উচচ ন্যায়ালয়ৰ বিষয়ে আলোচনা


আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৰাজ্যৰ উচচ ন্যায়ালয়ৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ৰাজ্যৰ উচচ ন্যায়ালয়ৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।

ন্যায়পলিকা:  উচচ ন্যায়ালয় (Judiciary : The High Court)


ভাৰতৰ বিচাৰ ব্যৱস্থা হ’ল এককেন্দ্রিক। অর্থাৎ গােটেই দেশৰ ন্যায়িক ব্যৱস্থাটো উচ্চতম ন্যায়ালয়ৰ নিয়ন্ত্রণাধীন। সেই অনুসৰি ৰাজ্যৰ উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ অধীনত কার্যনির্বাহ কৰে।সংবিধানৰ ২১৪ নং অনুচ্ছেদত ভাৰতৰ প্ৰতিখন অংগৰাজ্য অথবা একাধিক অংগৰাজ্যৰ বাবে এখন উচ্চ ন্যায়ালয় থাকিব। এই ন্যায়ালয় ৰাজ্যিক ন্যায়িক ব্যৱস্থাৰ সর্বোচ্চ শিখৰত অৱস্থিত।


উচচ ন্যায়ালয়ৰ গঠন  -


ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ এক বা একাধিক ন্যায়াধীশেৰে গঠিত। সংবিধানে কিন্তু এই ন্যায়ালয়ৰ বিচাৰকৰ সংখ্যা নিৰ্দ্ধাৰণ কৰি দিয়া নাই। ৰাষ্ট্রপতিয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বঢ়াবও পাৰে। ৰাষ্ট্রপতিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে আদি কৰি সকলাে ন্যায়াধীশক নিযুক্তি দিয়ে। মুখ্য ন্যায়াধীশক নিযুক্তি দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্রপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য বিচাৰপতি আৰু সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যপালৰ লগত আলােচনা কৰে। বাকী ন্যায়াধীশসকলক নিযুক্তি দিয়াৰ সময়ত ৰাষ্ট্রপতিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতিৰ লগত পৰামৰ্শ কৰে । এইক্ষেত্ৰত মুখ্য বিচাৰপতিগৰাকীয়ে ৰাজ্যপালৰ ওচৰত নামৰ তালিকাও ছুপাৰিছ কৰিব পাৰে। ৰাষ্ট্রপতিয়ে
প্রয়ােজনসাপেক্ষে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ বা অস্থায়ী ন্যায়াধীশাে নিযুক্তি দিব পাৰে।

শপত গ্রহণ -


কার্যভাৰ গ্ৰহণৰ আগতে ন্যায়াধীশসকলে ৰাজ্যপাল অথবা এই উদ্দেশ্যে নিয়ােজিত ব্যক্তিৰ আগত সংবিধান ৰক্ষা আৰু নিৰপেক্ষতাৰ শপত-বাক্য পাঠ কৰিব লাগে।

কার্যকাল -

শপত গ্ৰহণৰ পিচত উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকল ৬২ বছ বয়সলৈকে তেওঁলােকৰ পদবীত বাহাল থাকিব পাৰে। কাৰ্যকাল শেষ হােৱাৰ আগতে তেওঁলােকে পদত্যাগ কৰিব পাৰে বা তেওঁলােকক অপসাৰণ কৰিব পাৰি। সংসদৰ প্ৰস্তাৱমর্মেহে ৰাষ্ট্রপতিয়ে তেওঁলােকক অপসাৰণ কৰিব পাৰে। ন্যায়াধীশসকলৰ অৰ্হতাসমূহ ও উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে নিযুক্তি পাব বিচৰা এজন ব্যক্তিৰ তলত দিয়া অৰ্হতাসমূহ থাকিব লাগিব।

১) তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব।

২) তেওঁৰ অন্তত ১০ বছৰকাল বিচাৰক হিচাপে অভিজ্ঞতা থাকিব লাগিব নাইবা এক বা একাধিক উচ্চ ন্যায়ালয়ত
একেৰাহে ১০ বছৰকাল এডভােকেট হিচাপে কাম কৰিব লাগিব।

৩) তেওঁ অৱসৰ গ্ৰহণৰ পিচত কোনাে আদালততে ওকালতি কৰিব নােৱাৰিব।


অধিকাৰ ক্ষেত্র, ক্ষমতা আৰু কার্যাৱলী -

ভাৰতৰ সংবিধানে ইয়াৰ উচ্চ ন্যায়ালয়ৰ অধিকাৰ ক্ষেত্র বা ক্ষমতা বিষয়ে বিতংকৈ আলােচনা কৰা নাই! সংবিধান বলৱ হােৱাৰ সময়ত যিবিলাক ক্ষমতা এই ন্যায়ালয়ে ভােগ কৰিছিল, সেই একেই ক্ষমতা এতিয়াও বাহাল আছে (অনুচ্ছেদ নং ২২৫)। এই ন্যায়ালয়ৰ ৰাজ বিষয়ৰ ওপৰত থকা পূৰ্বৰ নিষেধাজ্ঞা বর্তমানে প্রত্যাহাৰ কৰা হৈছে।

(১) মূল অধিকাৰ ক্ষেত্র -

উচ্চ ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্র সীমিত। ফৌজদাৰী গােচৰ এই ন্যায়ালয়ৰ মুল
অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নপৰে। উচ্চ মল্যসম্পন্ন আর্থিক গােচৰবিলাক উচ্চ ন্যায়ালয়ৰ মল অধিকাৰ ক্ষেত্ৰৰ।
ভিতৰত পৰে। নিম্নমানৰ দেৱানী গােচৰবিলাক নিম্ন বা অন্তঃস্তন আদালতত হয়।

(২) আপীল ক্ষমতা -

উচ্চ ন্যায়ালয়ৰ আপীল ক্ষমতাও আছে। দেৱানী আৰু ফৌজদাৰী গােচৰৰ আপীল এই ন্যায়ালয়ত অনুষ্ঠিত হয়। জিলা বিচাৰক বা সহকাৰী জিল বিচাৰকৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত পােনপটীয়াভাৱে।
আপীল কৰিব পাৰি।।

(৩) লেখ জাৰিৰ ক্ষমতা -

সংবিধানৰ ২২৬ নং অনুচ্ছেদমতে নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত উচ্চ শামায়ে লেখ জাৰি কৰিব পাৰে। এইক্ষেত্ৰত উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ দৰে সমানে ক্ষমতাশীল। ইয়াৰ
উপৰি ইয়াৰ অধীনস্থ আদালতসমূহক দলিল-পত্ৰ আদি দাখিল কৰিবলৈ এই ন্যায়ালয়ে নিদের্শ দিব পাৰে।।

(৪) সংবিধান ব্যাখ্যাৰ ক্ষমতা -

উচ্চ ন্যায়ালয়ে সংবিধান ব্যাখ্যাকাৰী হিচাপেও কাম কৰিব পাৰে। নিম্ন বা
অধঃস্তন আদালতসমূহত বিচাৰাধীন কোনাে গােচৰৰ লগত যদি সাংবিধানিক প্রশ্ন জড়িত থাকে বুলি ই ভাৱে, তেতিয়া।
উচ্চ ন্যায়ালয়ে সেই গােচৰ নিজৰ অধীনলৈ আনিব পাৰে। তেতিয়া ই প্রয়ােজনীয় সাংবিধানিক ব্যাখ্যা আগবঢ়াই
বিচাৰৰ নিদের্শ দিব পাৰে।


(৫) অভিলেখ আদালত -

উচ্চতম ন্যায়ালয়ৰ দৰে উচ্চ ন্যায়ালয়েও অভিলেখ আদালত হিচাপে কাম কৰে।
এই ন্যায়ালয়ত আইন আৰু বিচাৰ সম্পৰ্কীয় তথ্য স্থায়ীভাৱে সংৰক্ষিত কৰি ৰখা হয়। প্রয়ােজনসাপেক্ষে এই বিলাক
সাক্ষী হিচাপে দাখিল কৰিব পাৰি।


(৬) আদালত অবমাননা ঃ

আদালত অৱমাননা কৰা বাবে উচ্চ ন্যায়ালয়ে যিকোনাে ব্যক্তিক শাস্তি বিহিব পাৰে। কোনাে ব্যক্তি বা ব্যক্তি প্রতিষ্ঠানে যদি এই ন্যায়ালয়ৰ পূৰ্বৰ সিদ্ধান্ত, আদেশ-নিদের্শ মানি নচলে বা কাৰ্যকৰী নকৰে
তেন্তে উচ্চ ন্যায়ালয়ে এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

(৭) অন্যান্য ক্ষমতা -

অন্যান্য ক্ষমতাৰ ভিতৰত ৰাজ্যৰ উচ্চ ন্যায়ালয় হিচাপে ইয়াৰ নিম্ন আদালতসমূহ ই
নিয়ন্ত্রণ কৰে। সেই আদালতৰ বিচাৰকসকলৰ নিযুক্তি, বদলি, দৰমহা আদি উচ্চ ন্যায়ালয়ে নিয়ন্ত্রণ কৰে। এই ন্যায়ালয়ৰ সকলাে কৰ্মচাৰীৰ নিযুক্তি, নিযুক্তি বিধি বা চতাদি, দৰমহা, সা-সুবিধা সকলােবিলাক উচ্চ ন্যায়ালয়ে নির্ণয় কৰে।


উচ্চ ন্যায়ালয়ৰ মূল্যায়ন -

উচ্চ ন্যায়ালয় ৰাজ্যৰ সর্বোচ্চ ন্যায়ালয়। ইৰাজ্যিকন্যায়িক ব্যৱস্থাৰ সর্বোচ্চ শিখৰত
অৱস্থিত। কিন্তু এককেন্দ্রিক (Integrated) ভাৰতীয় বিচাৰ ব্যৱস্থাৰ কাৰণে উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয় আৰু
কেন্দ্রীয় চৰকাৰৰ নিয়ন্ত্রণত থাকি কার্যনির্বাহ কৰিব লাগে। তথাপি এই ন্যায়ালয়ৰ গুৰুত্ব অপৰিসীম। ন্যায়াধীশসকলে কিমান নিৰপেক্ষ আৰু স্বাধীনভাৱে ন্যায় প্রদান কৰে, তাৰ ওপৰতহে এই ন্যায়ালয়ৰ মূল্য আৰু গুৰুত্ব নির্ভৰ কৰে।

গতিকে এইয়াই হৈছে ৰাজ্যৰ উচচ ন্যায়ালয়ৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments