বিধান সভাৰ অধক্ষৰ বিষয়ে আলোচনা

বিধান সভাৰ অধক্ষৰ বিষয়ে আলোচনা




আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৰাজ্যৰ বিধান সভাৰ অধক্ষৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ৰাজ্যৰ বিধান সভাৰ অধক্ষৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।


বিধানসভাৰ অধ্যক্ষ (The Speaker of the Legislative Assembly)


বিধানসভাৰ কার্যাৱলী পৰিচালনা কৰিবৰ বাবে সদস্যসকলে তেওঁলােকৰ মাজৰ পৰা এজন অধ্যক্ষ আক এজন উপাধ্যক্ষ নির্বাচন কৰি লয় । সাধাৰণতে তেওঁলােকৰ কার্যকাল ৫ বছৰ। কিন্তু তাৰ আগতে তেওঁলােকৰ পদৰীসমূহ শূন্য হ'ব পাৰে। মৃত্যু, পদত্যাগ আৰু অনাস্থা এই তিনিটা কাৰণত তেওঁলােকৰ পদবীসমূহ শূন্য হ'ব পাৰে। তেওঁলােকৰ বিৰুদ্ধে অনাস্থা আনিবলৈ হলে কমেও ১৪ দিন আগতে জাননী দিব লাগিব।


অধ্যক্ষৰ ক্ষমতা আৰুকার্যাৱলী -


কেন্দ্রীয় সংসদ নিম্ন সদনৰ দৰে ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ
ক্ষমতাসমূহ একেই। সেই অনুসৰি বিধানসভাৰ অধ্যক্ষৰ প্ৰথম আৰু প্রধান কাম হ’ল সদন পৰিচালনা কৰা, সদন
পৰিচালনাৰ বিধ প্রস্তুত কৰা, সদনৰ নিয়ম-শৃংখলা ৰক্ষা কৰি আদি। সদনৰ বিভিন্ন কার্যসূচী নির্ণয় আৰু সময় নির্ধাৰণ
অধ্যক্ষই কৰিব লাগে। সকলাে বিল আৰু ৰাজ্যপালৰ ভাষণৰ সময়াে অধ্যক্ষই নির্ণয় কৰিব লাগে।।

অধ্যক্ষৰ বিনানুমতিত সদনত কোনাে বিষয়ে আলােচনা কৰিব নােৱাৰি । সদনৰ মুলতবী প্রস্তাৱ, অনাস্থা প্রস্তাৱ আদিৰ ক্ষেত্ৰত অধ্যক্ষৰ অনুমতিৰ প্রয়ােজন। কোনাে প্রশ্ন আলােচনাৰ বৈধতা অধ্যক্ষই নির্ণয় কৰে।

সদনৰ নিয়ম-


শংখলা ৰক্ষা, ৰীতি-নীতি মানি চলা আদিৰ ক্ষেত্ৰত অধ্যক্ষই চোকা নজৰ দিয়ে। নিয়ম-শৃংখলা ভংগ কৰা কোনাে।

সদস্য অধ্যক্ষই সদনৰ পৰা সাময়িকভাৱে বহিষ্কাৰ কৰিব পাৰে। সদন অৱমাননা কৰা কোনাে সদস্যক তেওঁ শাস্তিও দিব পাৰে।

কোনাে এটা বিল বিত্ত বিল হয়নে নহয়, সেইটো অধ্যক্ষই নির্ণয় কৰিব লাগে। ইয়াৰ উপৰি অধ্যক্ষজনৰ নিৰ্ণায়ক ভােটৰ ক্ষমতাও আছে। কোনাে এটা বিষয়ত সপক্ষে-বিপক্ষে সমানসংখ্যক ভােটদান হলে অধ্যক্ষই তেতিয়া তেওঁৰ এই ক্ষমতা প্রয়ােগ কৰি বিষয়টো মীমাংসা কৰে। অধ্যক্ষই সদস্যসকলৰ অধিকাৰাে সাব্যস্ত কৰিব লাগে।

বিধানসভাৰ কৰ্মৰ্চাৰীসকলাে অধ্যক্ষ তত্ত্বৱধানত কার্যনির্বাহ কৰিব লাগে।
মুঠতে, অধ্যক্ষজনে বিধানসভাৰ আৰম্ভণিৰপৰা ইয়াৰ অন্তলৈকে সকলাে কামেই কৰিব লাগে। আনকি নতুন
বিধানসভা গঠন নােহােৱালৈ তেওঁ তেওঁৰ কাৰ্য আৰু ক্ষমতাত বহাল থাকে অধ্যক্ষজনে এইসমূহ কার্যাবলী কেনেদৰে
কিমান নিৰপক্ষেভাৱে সম্পন্ন কৰে, তাৰ ওপৰতহে তেওঁৰ পদমর্যাদা নিৰ্ভৰ কৰে।


গতিকে এইয়াই হৈছে ৰাজ্যৰ বিধান অধক্ষৰ সভাৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments