ৰাজ্যৰ মুখ্যমন্ত্ৰী বিষয়ে আলোচনা

ৰাজ্যৰ মুখ্যমন্ত্ৰী বিষয়ে আলোচনা


আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।


মুখ্যমন্ত্রী (The Chief Minister) :



কোনাে এখন ৰাজ্যৰ মুখমন্ত্রী হ’ল সেই ৰাজ্যৰ মুখ্য শাসক। তেওঁ হ’ল বাজ্যিক শাসনব্যবস্থা আৰু ৰাজ্যিক ৰাজনীতিৰ কেন্দ্রবিন্দুস্বৰূপ। সংবিধানৰ ১৬৪ (১) নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলনেতাজনক মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়ে। কিন্তু কোনাে এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰিলে, তেতিয় ৰাজ্যপালে তেওঁৰ স্ব-বিচাৰ ক্ষমতা প্রয়ােগ কৰি যিকোনাে ব্যক্তিক মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিব পাৰে। নিয়াক্তিৰ
সময়ত মুখ্যমন্ত্রীজনে বিধানসভাৰ সদস্য নহ'লে, নিযুক্তি পােৱাৰ ছমাহৰ ভিতৰত তেওঁ বিধানমণ্ডললৈ নির্বাচিত হ'ব লাগিব নিযুক্তিৰ পিচত তেওঁ ৰাজ্যপালৰ ওচৰত কার্যভাৰ গ্রহণ আৰু গােপনীয়তাৰ শপত-বাক্য পাঠ কৰিব লাগে। তেওঁ বিধানসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনতহে তেওঁৰ কার্যকালত বাহাল থাকে।।


মুখ্যমন্ত্ৰীৰ ক্ষমতা আৰু কার্যাৱলী -


মুখ্যমন্ত্রী হ’ল ৰাজ্যিক শাসনব্যৱস্থাৰ কেন্দ্রবিন্দু। তেওঁ ৰাজ্যৰ প্ৰকৃত শাসক আৰু শাসন বিভাগৰ মুৰব্বী। তেওঁৰ নেতৃত্বতে ৰাজ্যৰ শাসনভাৰ পৰিচালিত হয়। তেওঁ ব্যাপক ক্ষমতাৰ গৰাকী।

(১) মন্ত্রী পৰিষদ বা চৰকাৰ গঠন - মুখ্যমন্ত্ৰীয়ে তেওঁৰ কার্যভাৰ গ্ৰহণৰ পিচত তেওঁৰ প্রথম কাম হ’ল মন্ত্রী পৰিষদ গঠন কৰা । এই সম্পর্কে তেওঁ ৰাজ্যপালক পৰামর্শদান কৰে। মুখ্যমন্ত্ৰীৰ সহায় আৰু পৰামর্শ অনুযায়ীহে ৰাজ্যপালে মন্ত্রীসকলক নিয়ােগ কৰে।

(২) দপ্তৰ বিতৰণ আৰু সাল-সলনি ঃ মুখ্যমন্ত্ৰীয়ে মন্ত্রীসকলৰ মাজত দপ্তৰ বিতৰণ কৰে। প্রয়ােজন সাপেক্ষে তেওঁ তেওঁলােকৰ মাজৰ দপ্তৰাে সাল-সলনি কৰে। তেওঁ যিকোনাে মন্ত্ৰীক পৰিষদৰ পৰা বখাস্ত বা নতুন ব্যক্তিক ইয়াৰ অন্তর্ভুক্ত কৰিব পাৰে।

(৩) মন্ত্রী পৰিষদৰ নেতা - মুখ্যমন্ত্রী মন্ত্রী পৰিষদৰ সভাপতি আৰু নেতা। তেওঁৰ নেতৃত্বত ৰাজ্যিক মন্ত্রী। পৰিষদ গঠিত হয় আৰু তেওঁ ইয়াত সভাপতিত্ব কৰে। মন্ত্রীসকলৰ মাজত কোনাে মতানৈক্য ঘটিলে মুখ্যমন্ত্ৰীয়ে তাৰ মীমাংসা কৰে। মুখ্যমন্ত্ৰীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত।

(৪) ৰাজ্যিক শাসনব্যৱস্থাৰ মুখ্য পৰিচালক আৰু নেতা ও মুখ্যমন্ত্ৰী ৰাজ্যিক শাসনব্যৱস্থাৰ মুখ্য পৰিচালক আৰু নেতা। তেওঁক অৱগত নকৰাকৈ কোনাে মন্ত্রীয়ে নীতিগতভাৱে কোনাে সিদ্ধান্ত গ্রহণ কৰিব নােৱাৰে। তেওঁ সকলােবিলাক বিভাগৰ মাজত সমন্বয় সাধন কৰে আৰু বিভাগীয় আৰু দলীয় নীতিসমূহ কাৰ্যকৰী কৰাত গুৰুত্ব দিয়ে। মুখ্যমন্ত্ৰাৰ লগত কোনাে মন্ত্ৰীৰ বিৰােধ ঘটিলে সেই মন্ত্রীজনে পদত্যাগ কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে পদত্যাগ
কবিলে গােটেই মন্ত্রীসভাখনেই ভাগি যায় বা পতন ঘটে।।

(৫) বিধানসভাৰ নেতা ঃ মুখ্যমন্ত্ৰীয়ে বিধানসভাকো নেতৃত্ব দিয়ে। সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে তেও বিধানসভাৰাে নেতা । তেওঁ বিধানমণ্ডলৰ অধিৱেশন আহান, স্থগিত নাইবা ইয়াক ভংগ কৰি দিয়াৰ ক্ষেত্ৰত ৰাজ্যপালক পৰামৰ্শ দিব পাৰে। তেওঁ বিধানসভাৰ মজিয়াত চৰকাৰী নীতি আৰু সিদ্ধান্তসমূহ দাখিল কৰে আৰু সেইবােৰৰ অনুমােদনৰ বাবে চেষ্টা কৰে। তেওঁ বিৰােধী দলৰ প্ৰশ্নৰ উত্তৰ দিয়ে। কোনাে মন্ত্রীয়ে কোনাে প্রশ্নৰ উত্তৰ দিব
নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে 'তত্তি হস্তক্ষেপ কৰে।

(৬) চৰকাৰৰ মুখপত্র মুখ্যমন্ত্ৰীগৰাকী হ’ল চৰকাৰৰ প্ৰধান মুখপত্র। তেওঁৰ বিরতিক বা ঘােষণা চবকাৰ বিবৃতি বা নীতি বুলি গণ্য কৰা হয়।

(৭) অন্যান্য ক্ষমতা - অন্যান্য ক্ষমতাৰ ভিতৰত বছেৰেকীয়া বাজেট প্রস্তুত কৰাৰ ক্ষেত্ৰত বিত্তীয় মন্ত্রীৰ সৈতে আৰু ৰাজ্যিক পৰিকল্পনাৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ সৈতে মুখ্যমন্ত্ৰীয়ে যােগাযোগ ৰক্ষা কৰিব লাগে। ৰাজ্যৰ বিভিন্ন দাবীসমূহ পূৰণার্থে তেওঁ কেন্দ্রীয় চৰকাৰক হেঁচা দিব লাগে। তেওঁ ৰাষ্ট্রপতি, প্রধানমন্ত্রী আৰু অন্যান্য কেন্দ্রীয় মন্ত্রীসকলৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰে।

মুখ্যমন্ত্ৰীৰ ভূমিকা আৰু পদমর্যাদা ঃ


ৰাজ্য শাসনত মুখ্যমন্ত্ৰীৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ । তেওঁ ৰাজৰ শাসন বিভাগৰ মুৰব্বী, মন্ত্রীসভা তথা বিধানসভাৰ নেতা, ৰাজ্যপালৰ প্রধান উপদেষ্টা আব পৰামৰ্শদাতা, আৰু দল তথা জনসাধাৰণৰ নেতা। তেওঁ ৰাজ্যৰ এই সকলােবােৰ দায়িত্ব পালনত গুৰুত্বপূর্ণ ভূমিকা লয়। মুখ্যমন্ত্ৰীৰ ৰাজ্যিক শাসনব্যৱস্থাৰ কেন্দ্রবিন্দু তথা প্রাণকেন্দ্রস্বৰূপ | শাসনব্যৱস্থাৰ প্রধান পৰিচালক, আইন সভা তথা মন্ত্রীসভাত নেতৃত্বদান, চৰকাৰী নীতি নির্ধাৰণ আৰু ৰূপায়ণ, ৰাজ্যপাল তথা কেন্দ্রীয় চৰকাৰৰ সৈতে সম্পর্ক ৰক্ষা কৰা, চৰকাৰৰ মুখপাত্র আদি দায়িত্বসমূহ মুখ্যমন্ত্ৰীয়ে পালন কৰে। ইয়াৰ পৰা এইটো প্রতীয়মান হয় যে তেও।
ৰাজ্যৰ প্ৰকৃত শাসক । মুঠতে, ৰাজ্য শাসনত মুখ্যমন্ত্ৰীৰ ভূমিকা আৰু পদমর্যাদা নিৰ্ভৰ কৰে তেওঁ কিমান দক্ষতা আৰু তৎপৰতাৰে ৰাজ্যৰ শাসনব্যৱস্থাটো পৰিচালনা কৰে, তাৰ ওপৰত। তেওঁৰ বিচক্ষণতা আৰু কার্য তৎপৰতাৰ ওপৰত ৰাজ্যৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে।


গতিকে এইয়াই হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments