ভাৰতৰ ন্যায়পালিকা বিষয়ে আলোচনা

ভাৰতৰ ন্যায়পালিকা বিষয়ে আলোচনা


আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাৰতৰ ন্যায়পালিকাৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ভাৰতৰ ন্যায়পালিকাৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।

ন্যায়পালিকা (Judiciary)ঃ


উচ্চতম ন্যায়ালয় (The Supreme Court of India) ঃ


উচ্চতম ন্যায়ালয় ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ শীর্ষস্থানত অৱস্থিত৷ ভাৰতীয় ন্যায়িক ব্যৱস্থা এককেন্দ্রিক । অৰ্থাৎ গােটেই দেশৰ বিচাৰ ব্যৱস্থা উচ্চতম ন্যায়ালয়ৰ অধীনত ।
গতিকে উচ্চতম ন্যায়ালয় ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ অভিভাৱক বুলি কোৱা হয়।


গঠন -


সংবিধানৰ ১২৪ (১) নং অনুচ্ছেদ অনুসৰি এজন মুখ্য ন্যায়াধীশৰ সৈতে একাধিক ন্যায়াধীশক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয় গঠিত। বর্তমান মখ্য ন্যায়াধীশকে আদি কৰি এই ন্যায়ালয়ত মুঠতে ২৭ জন ন্যায়াধীশ আছে। ইয়াৰ উপৰি সংবিধানত অস্থায়ী ন্যায়াধীশ নিয়ক্তিৰ ব্যৱস্থাও আছে প্রধানমন্ত্রীৰ পৰামর্শ অনুযায়ী উচ্চতম ।
ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্রপতিয়ে নিয়ােগ কৰে। ন্যায়াধীশৰ অৰ্হতাসমূহ ও এজন ব্যক্তি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাব বিচাৰিলে তেওঁৰ নিম্নোল্লিখিত যােগত্যসমূহ থাকিব লাগিব।


১। প্রথমে, তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব।

২| দ্বিতীয়তে, তেওঁ এক বা একাধিক উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হিচাপে কমেও পাঁছ বছৰ কাম কৰিব লাগিব নাইবা এক বা একাধিক উচ্চ ন্যায়ালয়ত কমেও ১০ বছৰ অধিবক্তা হিচাপে কাম কৰিব লাগিব আৰু ।

৩ | তৃতীয়তে, ৰাষ্ট্ৰপতিৰ মতে তেওঁ এজন বিখ্যাত আইনজ্ঞ হ’ব লাগিব।

কার্যকাল ঃ


উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিসকলে সর্বাধিক ৬৫ বছৰ বয়সলৈ কার্যনির্বাহ কৰিব পাৰে। কাৰ্যকাল শেষ হােৱাৰ আগতেও তেওঁ পদত্যাগ কৰিব পাৰে বা তেওঁৰ বিৰুদ্ধে অনাস্থা আনিব পাৰি অর্থাৎ তেওঁক অপসাৰণ কৰিব পাৰি। অসদাচৰণ বা অসমর্থতাৰ কাৰণে সংসদৰ উভয় সদনত উপস্থিত আৰু ভােটদানকাৰী দুই-তৃতীয়াংশ আৰু প্রত্যেক সদনৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমর্থনত ৰাষ্ট্রপতিয়ে তেওঁক পদচ্যত কৰিব পাৰে।

সা-সুবিধা সমূহঃ


বিচাৰপতিসকলে দৰমহা, বানচ, ভাট্টা আদি পায় । তেওঁলােকে বিনামূলীয়া বাসভৱনাে পায়। ন্যায়াধীশসকলক তেওঁলােকৰ কাৰ্যৰ বাবে কোনেও সমালােচনা কৰিব নােৱাৰে। ন্যায়ালয়ে আদালত অৱমাননা কৰা ব্যক্তিক শক্তি বিহিব পাৰে। বিচাৰপতিসকলে অৱসৰকালীন ভাট্টাও পায়। কিন্তু অৱসৰৰ পিছত কোনাে বিচাৰপতিয়ে কোনাে ন্যায়ালয়ত কাম কৰিব নােৱাৰিব বা চৰকাৰী চাকৰি কৰিব নােৱাৰিব । ক্ষমতা আৰুকার্যাৱলী ও ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ক্ষমতাসমুহ তিনিভাগত ভাগ কৰিব পাৰি। যেনে -
(১) মূল অধিকাৰ ক্ষেত্র বা মৌলিক ক্ষমতা, (২) আপীল ক্ষমতা আৰু (৩) পৰামর্শদাতা ক্ষমতা। ইয়াৰ উপৰি মৌলিক অধিকাৰ সম্বন্ধীয় ক্ষমতাও এই ন্যায়ালয়ৰ অন্তৰ্গত । সংসদে আইন প্রণয়ন কৰি ইয়াৰ অধিকাৰ-ক্ষেত্র ব্যাবও পাৰে।

(১) মুল অধিকাৰ ক্ষেত্র - সংবিধানৰ ১৩১ নং অনুচ্ছেদ অনুযায়ী উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ-ক্ষেত্র সমুহ হল -

(ক) কেন্দ্ৰ আৰু এক বা একাধিক ৰাজ্য চৰকাৰৰ মাজৰ গােচৰ
(খ) দুই বা ততােধিক ৰাজ্য চৰকাৰৰ মাজৰ গােচৰ, আৰু
(গ) এফালে কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, আনফালে এক বা একাধিক ৰাজ্য চৰকাৰ।

উক্ত গােচৰসমূহৰ লগত আইনৰ বিষয়টো জড়িত থাকিব লাগিব। আন্তঃৰাষ্ট্ৰীয় সন্ধি, চুক্তি আদিও উচ্চতম ন্যায়ালয়ৰ মূল ক্ষেত্ৰাধিকাৰৰ ভিতৰত পৰে। সংবিধানৰ ৭১ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্রপতি নির্বাচন সংক্রান্তীয় গােচৰসমূহ এই ন্যায়ালয়ৰ মৌলিক ক্ষেত্ৰাধিকাৰৰ অন্তর্ভুক্ত।

(২) আপীল ক্ষমতা ও উচ্চতম ন্যায়ালয়ৰ আপীল ক্ষমতাসমুহ তিনিধৰণৰ—

সাংবিধানিক, দেৱানী আৰু ফৌজদাৰী আপীল। সংবিধান সংক্রান্তীয় বিষয়সমূহত উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত যি গােচৰ তৰা হয় তাকে সাংবিধানিক আপীল বােলে । এই গোচৰৰ লগত মৌলিক আইন জড়িত আছে বুলি উচ্চ ন্যায়ালয়ে প্রমাণপত্র দিব লাগিব, অন্যথা এই আপীল কৰিব নোৱাৰে। অৱশ্যে উচ্চতম ন্যায়ালয়ে বিশেষ আনুমতি (Special Leave) ৰ দ্বাৰাও এই আপীলৰ শুনানী গ্ৰহণ কৰিব পাৰে। দেৱানী গােচৰৰ ক্ষেত্ৰত যদি উচ্চ ন্যায়ালয়ে গুৰুতৰ আইনৰ প্রশ্ন জড়িত থাকা কোনাে বিষয়ৰ ওপৰত উচ্চতম ন্যায়ালয়ত হস্তক্ষে প্রয়ােজন আছে বুলি ভাবে, তেতিয়া সেই বিষয়টো উচ্চতম ন্যায়ালয় আপলি কৰিব পাৰি। এনে
গােচৰৰ আপীল বর্তমান বিবাদী বস্তুৰ মূল্যৰ ওপৰত নিৰ্ভৰশীল নহয়। ।
ফৌজদাৰী গােচৰৰ ক্ষেত্ৰত যদি উচ্চ ন্যায়ালয়ে কোনাে ব্যক্তিৰ আবেদন নাকচ কৰি মৃত্যুদণ্ড দিয়ে; অথবা নিম্ন আদালতৰ পৰা কোনাে গােচৰ প্রত্যক্ষভাৱে উঠাই আনি যদি কোনাে ব্যক্তিক উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ড দিয়ে; নাইবা গােচৰটো যদি উচ্চতম ন্যায়ালয়ত পুনর্বিবেচনাৰ যােগ্য বুলি উচ্চ ন্যায়ালয়ে প্রমাণ-পত্র দিয়ে, তেনে গােচৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। সংসদে আইন প্রণয়ন কৰি এই ন্যায়ালয়ৰ আপীল ক্ষমতাৰ পৰিসৰ বৃদ্ধি
কৰিবও পাৰে।

(৩) পৰামর্শমূলক ক্ষমতা ঃ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদান ক্ষমতা বৰ গুৰুত্বপূর্ণ। আইন সংক্রান্তীয় কোনাে
বিষয়ত উচ্চতম ন্যায়ালয়ে পৰামর্শ দিয়ে। সংবিধানৰ ১৪৩ (১) নং অনুচ্ছেদমতে ৰাষ্ট্রপতিয়ে যদি আইন সংক্রান্তীয়।
কোনাে গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত পৰামৰ্শ বিচাৰে, তেতিয়া মাননীয় উচ্চতম ন্যায়ালয়ে সেই বিষয়ে ৰাষ্ট্রপতি পৰামৰ্শদান কৰে । যিবােৰ চুক্তি, সন্ধি, অংগীকাৰ-পত্ৰ আদি উচ্চতম ন্যায়ালয়ৰ মূল অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নপৰে, সেইবােৰ বিষয়ৰ ওপৰত ৰাষ্ট্রপতিয়ে পৰামৰ্শ বিচাৰিব পাৰে।

(৪) চমন আৰু লেখ জাৰিৰ ক্ষমতাৰ উচ্চতম ন্যায়ালয়ক মৌলিক অধিকাৰৰ অভিভাৱক বুলি কোৱা হয় । জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ বিভিন্নধৰণৰ লেখ জাৰি কৰি উচ্চতম ন্যায়ালয়ে সুৰক্ষা দিয়ে বন্দী উপস্থাপন (Habeaus Corpus), পৰমাদিদেশ (Mandemus), নিষেধাজ্ঞা (Prohibition), কৈফিয়ৎ তলবী (Quowarranto) আৰু উৎপ্রেষণ (Certionari)--—এই পাঁচোটা লেখ উচ্চতম ন্যায়ালয়ে জাৰি কৰিব পাৰে। আনকি জৰুৰী অৱস্থাৰ সময়তাে ন্যায়ালয়ৰ এই ক্ষমতা বাহাল থাকে।

(৫) সাক্ষ্য বা অভিলেখ আদালত (Court of Witness or Records) ও উচ্চতম ন্যায়ালয়ক সাক্ষ্য বা অভিলেখ আদালত হিচাপেও গণ্য কৰা হয়। এই আদালতত সকলাে আইন আৰু বিচাৰ সম্পৰ্কীয় নথি-পত্ৰসমত স্থায়ীভাৱে সংৰক্ষিত থাকে। সেইবােৰ প্রয়ােজন সাপেক্ষে কোনাে মােকর্দমাৰ সাক্ষী হিচাপে ব্যৱহাৰ কৰিব পাৰি।।

(৬) আদালত অৱমাননা (Contempt of Court) ৪ কোনাে ব্যক্তি বা ব্যক্তি প্রতিষ্ঠান, 'চৰকাৰী শাসন বিভাগ নাইবা কোনাে নিম্ন আদালতে এই ন্যায়ালয়ৰ পূৰ্বৰ আদেশ পালন নকৰিলে বা পালন কৰিবলৈ অক্ষম হলে, তেতিয়া ই আদালত অবমাননাৰ গােচৰ তৰি সংশ্লিষ্টসকলক শাস্তি বিহিব পাৰে। উচ্চতম ন্যায়ালয়ৰ এই ক্ষমতাই ন্যায়ালয়ৰ প্রতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাস বঢ়াইছে। বিচাৰ বিভাগক অৱজ্ঞা কৰা, আদালতৰ ৰায়ক সন্দেহ কৰা বা
উদ্দেশ্যপ্রণােদিত বলি ভাবিলে আদি ক্ষেত্ৰত আদালত অবমাননাৰ গােচৰ তৰিব পাৰি।

(৭) সংবিধান ব্যাখ্যাৰ ক্ষমতা ও উচ্চতম ন্যায়ালয়ৰ সংবিধান ব্যাখ্যাৰ ক্ষমতা বৰ গুৰুত্বপূর্ণ। এই আদালতে যেনেদৰে সংবিধানৰ ব্যাখ্যা আগবঢ়ায়, তেনেদৰেই তাৰ অর্থ নির্ণয় কৰা হয়। এই ব্যাখ্যাৰ বিৰুদ্ধে কোনেও প্রতাহান জনাব নােৱাৰে।

(৮) ন্যায়িক সমীক্ষা (Judicial Review}ঃ সংসদে প্রণয়ন কৰা আইনক এই ন্যায়ালয়ে অবৈধ বুলি ঘােষণা কৰিব পাৰে। সংসদে প্রণয়ন কৰা আইনে যদি সাংবিধানিক আইনক উলংঘা কৰে, তেন্ত্রে উচ্চতম ন্যায়ালয়ে ইয়াৰ বৈধতাৰ প্রশ্ন তুলি সেই আইন ৰদ কৰিব পাৰে। ইয়ে হ’ল ন্যায়িক সমীক্ষা। কোনাে আদেশ, আইন ল চক্তিৰ সাংবিধানিক বৈধতা বিচাৰ কৰাই হ’ল ন্যায়িক সমীক্ষা। উচ্চতম ন্যায়ালয়ৰ এই ক্ষমতাৰ কাৰণে ইয়াক সংবিধানৰ অভিভাৱক বুলি কোৱা হয়।

(৯) ৰায় আৰু আদেশৰ পুনৰানয়ন (Recall of Judgement and order) ঃ যেতিয়া কোনাে নতুন তথ্য বা সাক্ষীৰ সন্ধান পােৱা যায়, অভিলেখ অনুযায়ী কোনাে ত্রুটি ধৰা পৰিলে নাইবা পুনৰ বিবেচনাৰ যথেষ্ট কাৰণ থাকিলে এই তিনিটা ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বৰ ৰায় বা নির্দেশ সলনি কৰি নতুন ৰায়দান কৰিব পাৰে। ইয়াকে
ন্যায়ালয়ৰ পুনৰানয়ন বা পুনর্বিবেচনা বুলি কোৱা হয়।

(১০) অন্যান্য ক্ষমতা ও অন্যান্য ক্ষমতাৰ ভিতৰত উচ্চতম ন্যায়ালয়ে এখন ন্যায়ালয়ৰ পৰা আন এখন ন্যায়ালয়লৈ কোনাে গােচৰ স্থানান্তৰ কৰিব পাৰে। কেন্দ্রীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ কোনাে আইন সংক্রান্তীয় বিষয় এই ন্যায়ালয়ে নিজৰ হাতলৈ আনিব পাৰে।

মূল্যায়ন (Evaluation) -


উচ্চতম ন্যায়ালয় ভাৰতীয় বিচাৰ ব্যৱস্থাৰ সর্বোচ্চ শিখৰত অৱস্থিত। দেশৰ সকলােবিলাক ন্যায়ালয়ৰ অধীনত থাকি কার্যনির্বাহ কৰিব লাগে। সেইকাৰণে ভাৰতীয় ন্যায়িক ব্যৱস্থাক সংহত বিচাৰ
ব্যৱস্থা (Integrated Judicial System) বুলি কোৱা হয়। ই ঐক্য বন্ধনৰ (Unifying force) সহায়কো। ইয়াৰ আইন আৰু সিদ্ধান্ত ভাৰতৰ সকলাে ব্যক্তি, ব্যক্তি-প্রতিষ্ঠান আৰু বিচাৰালয়ে মানিবলৈ বাধ্য।
| আপীল সংক্রান্তীয় গােৰচসমূহত উচ্চতম ন্যায়ালয় আটাইতকৈ ক্ষমতাশালী। এইক্ষেত্ৰত ই আমেৰিকা যুক্তৰাষ্ট্রৰ।
ন্যায়ালয়তকৈও শক্তিশালী মৌলিক অধিকাৰ সম্পকীয় গােচৰসমূহ এই ন্যায়ালয়ত প্রত্যক্ষভাৱে উত্থাপন কৰিব
পাৰি। জনসাধাৰণৰ মৌলিক অধিকাৰক ই সুৰক্ষা দিয়ে। আনহাতে চৰকাৰৰ শাসন বিভাগ আৰু আইন বিভাগত আইনৰ ক্ষেত্ৰতাে ই বৈধতাৰ প্রশ্ন তুলিব পাৰে। সেইকাৰণে ইয়াক নাগৰিকৰ মৌলিক অধিকাৰ তথা সংবিধানৰ অভিভাৱক বুলি কোৱা হয়।


উচ্চতম ন্যায়ালয়ৰ অধিকাৰ-ক্ষেত্র আৰু ক্ষমতা ব্যাপক হ'লেও ইয়াৰ কিছুমান সীমাবদ্ধতাও আছে। জৰুৰীকালীন
অৱস্থাত ইয়াৰ লেখ জাৰিৰ ক্ষমতা আৰু ন্যায়িক সমীক্ষা হ্রাস পায়। অৱশ্যে ই যাতে নিৰপেক্ষ আৰু স্বাধীনভাৱে কার্যনির্বাহ কৰিব পাৰে, তাৰবাবে সাংবিধানিক ব্যৱস্থা আছে ।


গতিকে এইয়াই হৈছে ভাৰতৰ ন্যায়পালিকাৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments