ভাৰতৰ লোকসভাৰ বিষয়ে আলোচনা

ভাৰতৰ লোকসভাৰ বিষয়ে আলোচনা


আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাৰতৰ লোকসভাৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ভাৰতৰ লোকসভাৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।



লােকসভা (House of the People) ঃ




ভাৰতৰ নিম্ন সদন বা প্রথম সদনক লােকসভা বুলি কোৱা হয়। সংবিধানৰ ৮১ নং অনুচ্ছেদমতে লােকসভা গঠন কৰা হয়। বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা লােকসভালৈ মুঠ নির্বাচিত সদস্য সংখ্যা হ’ল ৫৪৫ জন। ইয়াৰ উপৰি 'ৰাষ্ট্রপতিয়ে ইংগ-ভাৰতীয় সম্প্রদায়ৰ পৰা দুগৰাকী সদস্য লােকসভালৈ মনােনীত কৰিব পাৰে।

নির্বাচন পদ্ধতি (Election Procedure) ঃ


লােকসভাৰ সদস্যসকলক প্রত্যক্ষভাৱে নির্বাচিত কৰা হয়। এই উদ্দেশ্যে গােটেই দেশখনক কিছুমান সংসদীয় সমষ্টিত ভাগ কৰা হয়। প্ৰতিটো সমষ্টিৰ পৰা সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰৰ ভিত্তিত একোজনকৈ সদস্য নির্বাচিত কৰা হয়। সাধাৰণতে ইয়াৰ সদস্যসকলক ৫ বছৰৰ বাবে নির্বাচন কৰা হয়। কিন্তু ৰাষ্ট্রপতিয়ে যিকোনাে সময়ত লােকসভা ভংগৰ নিদের্শ দিব পাৰে। জৰুৰীকালীন সময়ত ইয়াৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰিব পাৰি।

অৰ্হতাসমূহ (Qualification) ঃ


লােকসভালৈ নির্বাচিত হ’ব বিচৰা প্রার্থীসকলৰ তলত দিয়া যােগ্যতাসমূহ
থাকিব লাগিব।

১। প্রথমে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব।

২। তেওঁৰ বয়স ২৫ বছৰৰ কম হ’ব নালাগিব।

৩। তেওঁ দেউলীয়া, বিকৃত মস্তিষ্কৰ নাইবা ন্যায়ালয়ৰ দ্বাৰা দণ্ডিত ব্যক্তি হ'ব নােৱাৰিব।

৪। কোনাে লাভজনক ব্যৱসায় বা চাকৰিত নিয়ােজিত ব্যক্তি হ’ব নােৱাৰিব আৰু

৫| সংসদে কোনাে আইনৰ দ্বাৰা অযােগ্য বুলি ঘােষণা কৰা ব্যক্তি হ’ব নােৱাৰিব।

শপত গ্রহণ -


নির্বাচিত হােৱাৰ পিচত সদস্যসকলে তেওঁলােকৰ কাৰ্যালয়ৰ কার্যভাৰ গ্ৰহণ আৰু সংবিধানৰ প্রতি অনুগত্য প্রকাশৰ শপত বাক্য পাঠ কৰিব লাগে। লােকসভাৰ অধ্যক্ষ বা তেওঁৰ প্রতিনিধিয়ে এই শপত বাক্য পাঠ
কৰায়'

ক’ৰাম বা থুল (Quorum) ঃ


ৰাজ্যসভাৰ দৰে লােকসভাৰাে থুল হ’ল একদশমাংশ অর্থাৎ কোনাে বিষয়ত আলােচনা আৰু সিদ্ধান্ত নাইবা কোনাে প্রস্তাৱ গ্ৰহণ কৰিবলৈ মুঠ সদস্যৰ ১ভাগ সদস্য উপস্থিত থাকিব লাগিব অন্যথা সদন স্থগিত থাকিব।

অধ্যক্ষ (Speaker) ঃ


লােকসভাৰ কার্য পৰিচাঙ্গা কৰিবলৈ সদস্যসকলৰ মাজৰ পৰা এজন অধ্যক্ষ তাৰ এজন উপাধ্যক্ষ নির্বাচন কৰা হয়। অধ্যক্ষজনে সদন পৰিচালনা বিধি ৰচনা কৰা, সদনৰ নিয়ম-শৃংখলা ৰক্ষা কৰা আৰু
সদনৰ সুৰক্ষা আদি গুৰুত্বপুর্ণ কামবিলাক কৰিব লাগে লােকসভাৰ ক্ষমতা আৰু

কার্যৱালী (Powers and Functions of the House of People) ঃ


সংবিধানে ৰাজ্যসভাতকৈ লােকসভাক অধিক ক্ষমতা দিছে। ইয়াৰ কাৰণ হ’ল লােকসভা জনসাধাৰণৰ সদন। ভােটাৰসকলে প্রত্যক্ষভাবে সদস্যসকলক নির্বাচন কৰে। সেয়ে ইয়াৰ কার্যাৱলীৰ কাৰণে ই জনসাধাৰণৰ ওচৰত দায়বদ্ধ থাকে লােকসভাৰ ক্ষমতা আৰু কার্যাৱলীসমূহ হৈছে—

(১) প্রশাসনীয় ক্ষমতা (Administrative Powers) ঃ লােকসভাৰ প্রথম তাক প্রধান কাম হ'ল চৰকাৰ গঠন আৰু নিয়ন্ত্রণ কৰা। লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ সদস্যসকলে তেওঁলােকৰ নেতা নির্বাচন কৰে আৰু সেই নেতাজনক ৰাষ্ট্রপতিয়ে প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে । তাৰপিচত প্রধানমন্ত্রীয়ে লােকসভাৰ নির্দিষ্ট সদস্যসকলৰ দ্বাৰা মন্ত্রী।
পৰিষদ গঠন কৰে। এই মন্ত্রী পৰিষদ তেওঁলােকৰ শাসনকার্যৰ বাবে লােকসভাৰ ওচৰত দায়ী থাকে। লােকসভাহ যিকোনাে মুহূর্তত চৰকাৰৰ বিৰুদ্ধে অনাস্থা আনিব পাৰে। অনাস্থা প্রস্তাব, কর্তন প্রস্তাৱ, মূলতরী প্রস্তাৱ,প্রশ্নৱান আদিৰ জৰিয়তেই মন্ত্রীসভা বা চৰকাৰক নিয়ন্ত্রণ কৰে।

(2) বিধায়িনী ক্ষমতা (Legislative Powers) - আইন প্রণয়নাে লােকসভাৰ প্ৰধান আৰু গুৰুত্বপুর্ণ কাম কেন্দ্রীয় আৰু যুগ তালিকাভুক্ত যিকোনাে বিষয়ৰ ওপৰত ই আইন প্রণয়ন কৰিব পাৰে। সাধাৰণ আইন প্রণয়ন ক্ষেত্ৰত দুয়ােখন সদন সমানে ক্ষমতাশালী হলেও লােকসভাৰ সংখ্যাধিক্যৰ কাৰণে ইউত্থাপিত প্রস্তাৱ সহজে অনুমােদিত।

(৩) বিত্তীয় ক্ষমতা (Financial Powers) - বিত্তীয় ক্ষমতা হ’ল লােকসভাৰ একচেটিয়া ক্ষমতা। বিত্তীয় বিল তাক লােকসভাতহে উত্থাপন হ'ব পাৰে। এই সভাই চৰকাৰী আর্থিক নীতি আৰু আয়-ব্যয় নিয়ন্ত্রণ কৰে। কোনাে এটা বিল বিত্ত বিল হয়নে নহয়, সেইটো লােকসভাৰ অধ্যক্ষই নির্ণয় কৰে। পুৰণি কৰ বাতিল, নতুন কৰ ধার্য,কৰ হাৰ
পৰিৱৰ্তন আদি লােকসভাৰ অনুমােদনক্রমেহে হয়।

(৪) সাংবিধানিক ক্ষমতা (Powers of Constitutional Amendment)
ঃৰাজ্যসভাৰ দৰে লােকসভাৰাে।
সংবিধান সংশােধনী ক্ষমতা আছে। লােকসভাৰ অনুমােদন নােহােৱাকৈ সংবিধান সংশােধন, পৰিৱৰ্তন বা পৰিবৰ্ধন
কৰিব নােৱাৰি।

(৫)নির্বাচনী ক্ষমতা (Electoral Powers) ঃৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্রপতি নির্বাচনত লােকসভাৰ সদস্যসকলে অংশগ্ৰহণ কৰিব লাগে। তদুপৰি তেওঁলােকৰ অপসাৰণতাে লােকসভাই অনুমােদন জনাব লাগে বিচাৰপতিসকলৰাে অপসাৰণৰ ক্ষেত্ৰত এই সদনে অংশ লব লাগে।।

(৬) অন্যান্য ক্ষমতা (Others Power) ঃ ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘােষিত জৰুৰী অৱস্থাৰ অনুমােদনাে এই সভা জনাব লাগে। অধিকাৰ ভংগৰ বাবে ই কোনাে ব্যক্তিক শাস্তি বিহিব পাৰে। ই চৰকাৰক সমালােচনা কৰিব পাৰে আৰু চৰকাৰৰ বিৰুদ্ধে নিন্দাসূচক প্রস্তাবে গ্রহণ কৰিব পাৰে। চৰকাৰ গঠন কৰি দিয়া বিভিন্ন আয়ােগৰ প্রতিবেদনৰ ওপৰত লােকসভাই মতামত ব্যক্ত কৰিব পাৰে ।

লােকসভা আৰু ৰাজ্যসভাৰ সম্পর্ক (Relations between the house of the People and Council of States) 


লােকসভা আৰু ৰাজ্যসভাৰ মাজৰ সম্পৰ্ক লক্ষণীয়। কিছুমান (ক্ষেত্ৰত উভয় সদনে সমান ক্ষমতাশালী সাধাৰণ আইন প্রণয়ন, সংবিধান সংশােধন, বিচাৰপতিসকলৰ তপসাৰণ, ৰাষ্ট্রপতি আক উপ-ৰাষ্ট্রপতি নির্বাচন আদিৰ ক্ষেত্ৰত দুয়ােখন সদন সমান ক্ষমতাসম্পন্ন। অৱশ্যে আইন-প্রণয়নৰ ক্ষেত্ৰত লােকসভাৰ প্রাধান্য বাহাল থাকে। আনহাতে বিত্ত আৰু অর্থ সংক্রান্তীয় বিষয়ত ৰাজ্যসভাতকৈ লােকসভা আটাইতকৈ বেছি শক্তিশালী। বিত্তীয় বিল অকল লােকসভাতহে উত্থাপন কৰিব পাৰি। ইয়াৰ উপৰি কোনাে এটা বিল অর্থ বিল হয়নে নহয়, সেই বিষয়ে লােকসভাৰ অধ্যক্ষইহে সিদ্ধান্ত দিয়ে। ইয়াৰ উপৰি চৰকাৰ বা মন্ত্রীসভা লােকসভাৰ ওচৰতহে দায়বদ্ধ, ৰাজ্যসভাৰ ওচৰত নহয়। গতিকে চৰকাৰৰ বিৰুদ্ধে অনাস্থা আনিবলৈ হ'লে অকল লােকসভাইহে এই প্রস্তাৱ আনিব পাৰে। ৰাজ্যসভাই এই প্রস্তাৱ আনিব নােৱাৰে। তদুপৰি কোনা এটা বিষয়ত দুয়ােখন সদনৰ মাজত মতানৈক্য ঘটিলে ৰাষ্ট্রপতিয়ে উভয় সদৰ যুটীয়া অধিবেশন আহ্বান কৰে। সংসদ এই যুটীয়া অধিৱেশনত লােকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। যুটীয়া বৈঠকত লােকসভাৰ সংখ্যাগৰিষ্ঠতাৰ কাৰণেই ইয়াৰ জয় অনিবার্য। অৱশ্যে কিছুমান ক্ষেত্ৰত ৰাজ্যসভাৰাে প্রাধান্য থকা দেখা যায়। উপ-ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনাস্থা আনিবলৈ হ'লে প্রথমে ৰাজ্যসভাইহে এই প্রস্তাৱ উত্থাপন কৰিব পাৰে, লােকসভাই নােৱাৰে। জাতীয় স্বার্থত সর্বভাৰতীয় সেৱাৰ সৃষ্টি কৰিবলৈ আৰু ৰাজ্যিক তালিকাভুক্ত কোনাে বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিবলৈ হলে প্রথমে ৰাজ্যসভাইহে প্রস্তাব আনিব লাগিব। লােকসভাৰ এই ক্ষমতা নাই। তদুপৰি ৰাজ্যসভা যিহেতু স্থায়ী সদন, সেয়ে ই দেশৰ শাসনব্যবস্থা আৰু আইন প্রণয়নৰ ক্ষেত্ৰত ধাৰাবাহিকতা ৰক্ষা কৰে।

ওপৰত সংসদৰ উভয় সদনৰ সম্পৰ্কৰ পর্যালােচনা কৰিলে এইটো প্রতীয়মান হয় যে সংবিধান নির্মাতাসকলে সাংবিধানিক কাৰণতে ৰাজ্যসভাতকৈ লােকসভাক বেছি ক্ষমতা আৰু মৰ্যদাশালী কৰি তুলিছে। কিয়নাে সংসদীয় গণতন্ত্রত উভয় সদন সমানে ক্ষমতাশালী হলে দেশত সংবিধানিক সংকটৰ সৃষ্টি হ'ব পাৰে।


গতিকে এইয়াই হৈছে ভাৰতৰ লোকসভাৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments