ভাৰতৰ ৰাজ্যসভাৰ বিষয়ে আলোচনা

ভাৰতৰ ৰাজ্যসভাৰ বিষয়ে আলোচনা



আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাৰতৰ ৰাজ্যসভাৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ভাৰতৰ ৰাজ্যসভাৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।


কেন্দ্রীয় বিধানমণ্ডল (CENTRALLEGESLATURE) ঃ


সংসদ (The Parliament) : ভাৰতবৰ্ষৰ কেন্দ্রীয় বিধানমণ্ডলক সংসদ বুলি কোৱা হয়। এই সংসদ দ্বি-সদনযুক্ত। উচ্চ সদন আৰু নিম্ন সদন। উচ্চ সদনক ৰাজ্যসভা (Council of States) আৰু নিম্ন সদনক লােকসভা (House of the People) বুলি কোৱা হয়। ৰাষ্ট্রপতিও হ’ল এই সংসদৰ অংগ  ইংলেণ্ডৰ দৰে ভাৰতৰ সংসদো
আটাইতকৈ ক্ষমতাশালী। ইয়াক ভাৰতীয় জাতীয় মহাসভা বুলি কোৱা হয়।


ৰাজ্যসভা (Council of States)ঃ


সংবিধানৰ ৮০ (১) নং অনুচ্ছেদ অনুযায়ী ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা হ’ল ২৫০ গৰাকী। ইয়াৰে ২৩৮ গৰাকী ৰাজ্যিক বিধানসভা আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ পৰা নির্বাচিত কৰি পঠিওৱা হয়। বাকী ১২ গৰাকী সদস্যক ৰাষ্ট্রপতিয়ে সাহিত্য, কলা-সংস্কৃতি, বিজ্ঞান, সমাজসেৱা আদি বিভিন্ন ক্ষেত্ৰৰ পৰা মনােনীত কৰে। কোনাে এখন ৰাজ্যৰ বিধানসভাৰ সদস্য সংখ্যাৰ ওপৰত ৰাজ্যসভাত সেই ৰাজ্যৰ সদস্য সংখ্যা নির্ভৰ কৰে।

অৰ্হতাসমূহ (Qualifications) ঃ


কোনাে এজন ব্যক্তি ৰাজ্যসভাৰ সদস্য হিচাপে নির্বাচিত হ'ব বিচাৰিলে, তেওঁৰ
তলত দিয়া অৰ্হতাসমূহ থাকিব লাগিব।

১। তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব।
২। তেওঁৰ বয়স ৩০ বছৰ কম হ’ব নােৱাৰিব।
৩। তেওঁ কোনাে লাভজনক ব্যৱসায় নাইবা চাকৰিত নিয়ােজিত হ’ব নােৱাৰিব।
৪। তেওঁ দেউলীয়া বা বিকৃত মস্তিষ্কৰ নাইবা কোনাে অপৰাধত অপৰাধী ব্যক্তি হ’ব নােৱাৰিব।
৫। সংসদে আইনৰ দ্বাৰা তেওঁক অযােগ্য বুলি ঘােষণা কৰা ব্যক্তি হ’ব নােৱাৰিব আৰু
৬। তেওঁ যি ৰাজ্যৰ পৰা নির্বাচিত হ'ব বিচাৰে, সেই ৰাজ্যৰ কোনাে সংসদীয় সমষ্টিৰ এজন ভােটাৰ হব লাগিব।

কার্যকাল ঃ


ৰাজ্যসভা এখন স্থায়ী সদন। কিন্তু ইয়াৰ এজন সদস্যৰ কার্যকাল ৬ বছৰ  ৰাজ্যসভাৰ এক-তৃতীয়াংশ সদস্যই প্রতি দুবছৰ অন্তৰে অন্তৰে অৱসৰ গ্ৰহণ কৰে। বাকী দুই-তৃতীয়াংশ সদস্য সদায় বাহাল থাকে। সেই কাৰনে ইয়াক স্থায়ী সদন বুলি কোৱা হয়।

অধিৱেশন ঃ


বছৰত দুবাৰকৈইয়াৰ অধিবেশন বহে । অনি কথাত এটা আধৱেশনৰ পৰা আনটো অধিৱেশনলৈ
সময়ৰ ব্যৱধান ছমাহতকৈ অধিকহ'ব নােৱাৰে। ৰাষ্ট্রপতিয় কেতিয়াবা ইয়াৰ বিশেষ অধিবেশনাে আহ্বান কৰিব পাৰে।
ৰাজসভাৰ থুল হ’ল এক-দশমাংশ।


ৰাজ্যসভাৰ সভাপতি :


ভাৰত্ৰ উপ-ৰাষ্ট্রপতি হ'ল ৰাজ্যসভাৰ পদেন (Exofficio) সভাপতি। সভাপতি হিচাপে।
তেওঁ সদন পৰিচালনা, সদন স্থগিত আৰু সদনৰ নিয়ম-শৃঙ্খলা ৰক্ষা কৰিব লাগে।


ক্ষমতা আৰু কার্যাৱলী (Powers and functions of the Council of States) ঃ ৰাজ্যসভাৰ ক্ষমতাসমূহ


(১) বিধায়িনী ক্ষমতা (Legislative Powers) ও বিত্ত বিলৰ বাহিৰে আন যিকোনাে বিলৰাজ্যসভাত উত্থাপিত। হ'ব পাৰে। ৰাজ্যসভাৰ সন্মতি অবিহনে কোনাে বিলেই আইনত পৰিণত হ'ব নােৱাৰে সাধাৰণ বিল অনুমােদন। ক্ষেত্ৰত ৰাজ্যসভা, লােকসভাৰ দৰে সমানে ক্ষমতাশালী। কেন্দ্রীয় আৰু যুগ্ম তালিকাভুক্ত বিষয়ৰ ওপৰত সংসদে আইন প্রণয়ন কৰে।

(২) বিত্তীয় ক্ষমতা (Financial Towers) a কোনাে বিত্তীয় বিল ৰাজ্যসভাত উত্থাপন কৰিব নােৱাৰি। লােকসভাইহে এই ক্ষমতা লাভ কৰে। লােকসভাৰ দ্বাৰা উত্থাপিত আৰু গৃহীত কোনাে বিত্তীয় বিল নিয়মতান্ত্রিকভাৱে ৰাজ্যসভালৈ বিবেচনাৰ বাবে পঠিওৱা হয়। ইয়াৰ মতামত লােকসভাই গ্রহণ নকৰিবও পাৰে। ই কেৱল বিলখন ১৪ দিন পলমহে কৰিব পাৰে। ১৪ দিন সময়সীমা উকলি গ'লে ৰাজ্যসভাই বিলখন গ্ৰহণ কৰিছে বুলি লােকসভাই ধৰি
লয়। তাৰপিচত বিলখন ৰাষ্ট্ৰপতিৰ সন্মতিৰ কাৰণে পঠিওৱা হয় ।

(৩) প্রশাসনায় ক্ষমতা {Administrative Power) -  ৰাজ্যসভাৰ শাসন সংক্রান্তীয় ক্ষমতাও তেনেই সীমিত । চৰকাৰ গঠন, নিয়ন্ত্রণ বা অপসাৰণৰ ক্ষেত্ৰত ই আগভাগ ল'ব নােৱাৰে। ই চৰকাৰক সমালােচনা কৰিব পাৰে আৰু । বিভিন্নধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে। ৰাজ্যসভাৰ ওপৰত জনমত যথেষ্ট প্রভাৱ আছে। সেইকাৰণে চৰকাৰে
ৰাজ্যসভাক উপেক্ষা কৰিব নােৱাৰে।

(8) সাংবিধানিক ক্ষমতা (Constitutional Powers) ঃ সংবিধান সংশােধনৰ ক্ষেত্ৰত দুয়ােখন সদন সমানে।
ক্ষমতাশালী। সংবিধান সংশােধনী বিল ৰাজ্যসভাতাে উত্থাপন কৰিব পাৰি। উভয় সদনত এই বিল পৃথকে পৃথকে।
নির্দিষ্ট সংখ্যাধিক্য ভােটত গৃহীত হ'ব লাগে।।

(৫) নির্বাচনী ক্ষমতা (Electoral Powers)ঃ ৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্রপতি নির্বাচনত লােকসভাৰ দৰে ৰাজ্যসভাইও অংশ ল'ব লাগে।।

(৬) ন্যায়িক ক্ষমতা (Judicial Powers) ঃ ৰাষ্ট্রপতি, উপ-ৰাষ্ট্রপতি, ন্যায়াধীশসকলক আদি কৰি ভাৰতৰ উচ্চপদস্থ পদবাসমূহত অধিষ্ঠিত ব্যক্তিসকলৰ অপসাৰণৰ ক্ষেত্ৰতাে ৰাজ্যসভাৰ সন্মতিৰ প্রয়ােজন।।

(7)অন্যান্য ক্ষমতা (Others Powers) - অন্যান্য ক্ষমতাৰ ভিতৰত ৰাজ্যসভাহইয়াৰ দুই-তৃতীয়াংশ সদস্য। সমর্থনত জাতীয় স্বার্থ জড়িত ৰাজ্যিক তালিকাভুক্ত কোনাে বিষয়ৰ ওপৰত আইন-প্রণয়নৰ বাবে প্রস্তাৱ গ্ৰহণ কৰিব পাৰে । উপৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনাস্থা আনিব লাগিলে ৰাজ্যসভাই প্রথমে এই বিষয়ে প্রস্তাব উত্থাপন কৰিব লাগিব।
ইয়াৰ উপৰি জাতীয় স্বাৰ্থত কোনাে সৰ্বভাৰতীয় সেৱাৰ সৃষ্টি কৰিব বিচাৰিলে, প্রথমে ৰাজ্যসভাই সেইমমে প্রস্তাব
গ্ৰহণ কৰিব লাগিব।


ৰাজ্যসভাৰ ভূমিকা (Role of the Council of States) ঃ


ৰাজ্যসভাৰ ক্ষমতা আৰু কার্যাবলীসমূহ পর্যালােচনা কৰিলে এইটো স্পষ্ট হয় যে ৰাজ্যসভাৰ বৰ বিশেষ ক্ষমতা নাই । লােকসভাতকৈ ই বহুগুণে কম ক্ষমতাশালী। অর্থ বিল এইসদনত উত্থাপিত হ'ব নােৱাৰে। ই কেৱল ১৪ দিন পলমহে কৰিব পাৰে।ইয়াৰ উপৰি লােকসভাৰ সংখ্যাগৰিষ্ঠতাৰ।
কাৰণে সাধাৰণ বিল গ্ৰহণৰ ক্ষেত্ৰতাে ইয়াৰ প্রভুত্ব বজাই নাথাকে। ই কেৱল মতামতহে দিব পাৰে, যিটো লােকসভাই গ্ৰহণ কৰিবও পাৰে, নকৰিবও পাৰে। সেইকাৰণে ইয়াক কেৱল সংশােধনী সদন (Revisory Chamber) বুলি কোৱা হয়।

ওপৰৰ আলােচনাৰ পৰা বহুতে ক'ব খােজে যে ভাৰতৰ নিচিনা এখন দুখীয়া দেশত ৰাজ্যসভাৰ প্ৰাসংগিকতা নাই। কিন্তু তেওঁলােকৰ এই যুক্তি গ্রহণযােগ্য নহয়। ভাৰতবর্ষ এখন সমস্যাবহুল বিশাল ৰাষ্ট্রৰ বাবে বিধানমণ্ডল দ্বি- সদনযুক্ত হােৱা উচিত। এখন সদনে ৰাষ্ট্রৰ সকলাে দিশত নজৰ দিয়াটো সম্ভৱ নহয়। ইয়াৰ উপৰি অকল এটা সদন থাকিলে ই স্বেচ্ছাচাৰী হ'বও পাৰে। গতিকে ভাৰতত দ্বিতীয় সদনৰ প্রয়ােজন আছে। ৰাজ্যসভাই লােকসভাৰ দোষ- ক্রটিসমূহ আঙুলিয়াই দিব পাৰে। ই ৰাজ্যসমূহক প্রতিনিধিত্ব কৰি বিভিন্ন ধৰণৰ স্বাৰ্থৰক্ষা কৰিব পাৰে। ৰাজ্যসভাই
আমাৰ দেশৰ শাসনব্যৱস্থা আৰু আইন প্রণয়নৰ ক্ষেত্ৰত ধাৰাবাহিকতা ৰক্ষা কৰে। সেইকাৰণে ইয়াক অপ্রধান সদন (Secondary Chamber) বুলি নকৈ দ্বিতীয় সদন (Second Chamber) বুলি কোৱা হয়।


গতিকে এইয়াই হৈছে ভাৰতৰ ৰাজ্যসভাৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments