ভাৰতৰ প্ৰধান মন্ত্ৰীৰ বিষয়ে আলোচনা

ভাৰতৰ প্ৰধান মন্ত্ৰীৰ বিষয়ে আলোচনা


আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী'ৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ভাৰতৰ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব ।


প্রধানমন্ত্রী (The Prime Minister)



সংসদীয় গণতান্ত্রিক শাসনব্যৱস্থাত মন্ত্রী পৰিষদ হল প্রকৃত শাসক। এই মন্ত্রী পৰিষদৰ গুৰি ধৰোঁতা হ’ল প্রধানমন্ত্রী।
সংবিধানৰ ৭8 নং অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিৰ কামত সহায় আৰু পৰামৰ্শদান কৰিবলে প্রধানমন্ত্রীৰ নেতৃত্বত এখন
মন্ত্রী পৰিষদ থাকিব। আকৌ ৭৫ (১) নং অনুচ্ছেদ অনুযায়ী রাষ্ট্রপতিয়ে লােকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক প্রধানমন্ত্রী হিচাপে নিযুক্তি দিব। যদি কোনাে দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নােৱাৰে, তেন্তে একাধিক দলৰ দলপতিজনক তেওঁ প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে। প্রধানমন্ত্রীও সংসদ সদস্য হ’ব লাগিব। প্রধানমন্ত্রী নির্দিষ্ট কোনাে কার্যকাল নাই। লােকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমর্থনৰ ওপৰতহে তেওঁৰ কাৰ্যকাল নিভৰ কৰে। লােকসভাই অনাস্থা প্রস্তাৱযােগে তেওঁৰ পতন ঘটাব পাৰে। প্রধানমন্ত্রীৰ পতন হলে মন্ত্রী পৰিষদৰে পতন ঘটে।।

প্রধানমন্ত্রী ক্ষমতা আৰু কার্যাৱলী (Powers and Functions of the prime Minister) 


সংসদীয় শাসনব্যৱস্থাত প্রধানমন্ত্রী হ’ল মুৰব্বী। তেওঁৰ নেতৃত্বত মন্ত্রীসভাইহে দেশৰ শাসনব্যৱস্থা পৰিচালনা কৰে। তেওঁৰ
সুকুমতাসমূহ তলত দিয়া শিতানসমূহত আলােচনা কৰিব পাৰি।

(১) মন্ত্রী পৰিষদ গঠন ও প্রধানমন্ত্ৰীৰ প্ৰথম আৰু প্রধান কাম হ’ল মন্ত্রী পৰিষদ গঠন কৰা প্রধানমন্ত্রীৰ পৰামর্শ অনুযায়ী ৰাষ্ট্রপতিয়ে অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে। মন্ত্রী পৰিষদৰ আৰু মন্ত্রীসভাৰ কলেবৰ স্থিৰ কৰা, দপ্তৰ বিতৰণ কৰা আৰু মন্ত্রীসকলক সাল-সলনি কৰা প্রধানমন্ত্ৰীৰ ব্যক্তিগত ক্ষমতা আৰু অধিকাৰ প্রধানমন্ত্রীয়ে যিকোনাে মন্ত্ৰীক পদত্যাগ কৰিবলৈ বাধ্য কৰাব পাৰে। আচলতে, প্রধানমন্ত্রীৰ সন্তুষ্টিৰ ওপৰতহে মন্ত্রীসকলৰ কার্যকাল নিৰ্ভৰ কৰে। তেওঁ হ’ল মন্ত্রী পৰিষদৰ জন্ম, মৃত্যু আৰু প্রাণকেন্দ্রস্বৰূপ।

(২) মন্ত্রীসভাৰ সভাপতি ও প্রধানমন্ত্রী মন্ত্রীসভা তথা মন্ত্রী পৰিষদ উভয়ৰে সভাপতি সভাপতি হিচাপে তেওঁ
মন্ত্রীসভাত আলােচ্য বিষয়সমূহৰ ওপৰত সিদ্ধান্ত দিয়ে। মন্ত্রীসভাত যাতে কোনাে মতবিৰােধৰ সৃষ্টি হয় তাৰ প্রতি
তেওঁ নজৰ দিব লাগে।

(৩)শাসনব্যৱস্থাৰ প্রধান পৰিচালক ও প্রধানমন্ত্রী দেশৰ শাসনব্যৱস্থাৰ প্রধান পৰিচালক। মন্ত্রীসকলে তেওঁলােকৰ
নিজ নিজ বিভাগীয় দায়িত্বসমূহ প্রধানমন্ত্রীৰ আদেশ আৰু নির্দেশ অনুযায়ী পৰিচালনা কৰে। প্রধানমন্ত্রীয়ে যিকোনাে বিভাগৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে নাইবা সেই বিভাগ তেওঁৰ নিজৰ অধীনলৈ আনিব পাৰে।

(৪) সংখ্যাগৰিষ্ঠ দলৰ নেতা ঃ সংসদীয় শাসনব্যৱস্থা যিহেতু দলীয় শাসনব্যৱস্থা আৰু ইয়াত সংখ্যাগৰিষ্ঠ দল। শাসন চলে, সেয়ে প্রধানমন্ত্রীয়ে নিজ দলৰ নেতা হিচাপে তেওঁ পলীয় চৰিত্ৰ বজাই ৰাখিব লাগে । তেওঁ নিজ দলৰ প্রতি আনুগত্য প্রদর্শন কৰিব লাগিব।

(৫) লােকসভাৰ নেতা ও সংখ্যাগৰিষ্ঠ ৰলৰ নেতা হিচাপে প্রধানমন্ত্রীগৰাকী লােকসভাৰাে নেতা। তেওঁ নিজ দলৰ নীতিক সমর্থন কৰাৰ উপৰি বিৰােধী দলৰ সমালােচনাৰাে উত্তৰ দিব লাগে।

(৬) জাতিৰ নেতা প্রধানমন্ত্রী অকল সংখ্যাগৰিষ্ঠ দলৰ নেতা তথা লােকসভাৰ নেতাই নহয়, তেওঁ জাতিৰাে নেতা। তেওঁ জাতিক শাসন আৰু পৰিচালনা কৰে। তেওঁৰ ওপৰতে দেশৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে। যেতিয়া প্রধানমন্ত্রীয়ে।

(৭) নিয়ােগ সম্পকীয় ক্ষমতা ও প্রধানমন্ত্রী নিয়ােগ ক্ষমতাও বৰ গুৰুত্বপূৰ্ণ । ভাৰত চৰকাৰ সকলােবােৰ উচ্চপদস্থ পদবীৰ নিযুক্তি প্রধানমন্ত্রী নির্দেশ আৰু পৰামর্শক্রমে হয়।

(৮) ৰাষ্ট্ৰপতিৰ সৈতে যােগসূত্র ঃ শাসন সম্পর্কীয় সকলাে বিষয়ত প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰপতিৰ সৈতে যােগাযােগ ৰক্ষা কৰি চলিব লাগে। দেশৰ পৰিস্থিতি আৰু শাসন সম্পর্কীয় বিষয়সমূহ তেওঁ ৰাষ্ট্রপতিক মাজে-সময়ে অৱগত কৰাব লাগে। তেওঁ মন্ত্রীসভাৰ সিদ্ধান্তসমুহাে ৰাষ্ট্রপতিক জনাই থাকিব লাগে। তেওঁৰাষ্ট্রপতি আৰু মন্ত্রীসকলৰ মাজৰ প্রধান যােগসূত্ৰকাৰী। মুঠতে, প্রধানমন্ত্রী হ’ল ৰাষ্ট্রপতি প্রধান পৰামৰ্শদাতা।

প্রধানমন্ত্রী পদমর্যাদা আৰু ভূমিকা -


পদমর্যাদাৰ ফালৰপৰা প্রধানমন্ত্রীৰ স্থান তৃতীয়। অর্থাৎ ভাৰতৰ ৰাষ্ট্রপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ পিচতেই তেওঁৰ স্থান। সংসদীয় শাসনব্যৱস্থাত কিন্তু প্রধানমন্ত্ৰীৰ ভূমিকা সদায় প্রথম আৰু প্রধান। ভাৰত ৰাষ্ট্ৰৰ শাসনব্যৱস্থাৰ তেৱেঁই প্রকৃত শাসক। তেওঁ ভাৰত চৰকাৰৰ মুৰব্বী। তেওঁৰ নেতৃত্বত থকা মন্ত্রী পৰিষদেইহ’ল প্রকৃত শাসক আৰু চৰকাৰ। প্রধানমন্ত্রীৰ নেতৃত্বত থকা প্রকৃত কাৰ্যপালিকা মন্ত্রীসভাই নামমাত্র কার্যপালিকা ৰাষ্ট্ৰপতিৰ নামত ভাৰত ৰাষ্ট্রৰ শাসনভাৰ পৰিচালনা কৰে। ৰাষ্টপতিয়ে প্রধানমন্ত্রী নিযুক্তি দিয়াৰ পিচৰে পৰা চৰকাৰ গঠনৰপৰা আৰম্ভ কৰি চৰকাৰ পতনলৈকে প্রধানমন্ত্রীয়ে গুৰুত্বপর্ণ ভূমিকা পালন কৰে। আচলতে প্রধানমন্ত্রী নিযুক্তি দিয়াৰ পাচত ৰাষ্ট্ৰপতিৰ চৰকাৰ গঠনৰ প্রক্রিয়া শেষ হয়। প্রধানমন্ত্রীয়ে পদত্যাগ কৰিলে ভাৰত চৰকাৰৰ পতন হয় আৰু দেশত নতুন সাধাৰণ নির্বাচন হয়। সেইকাৰণে প্রধানমন্ত্রীক (সংসদীয় শাসনব্যৱস্থাত) মন্ত্রী পৰিষদৰ লাইখুঁটা (Key-stone of the Cabinet arch) বুলি কোৱা হয়। তেওঁক অসংখ্য তৰাৰ মাজত এটি চন্দ্ৰ বুলি জ্ঞান কৰা হয় (He is the Moon among the stars) |

গতিকে এইয়াই হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments