মানুহৰ ভোক কিয় লাগে ? (Why does man feel hungry?)

আজিৰ এই লেখাটোত আমি আপোনালোকক জনাম কিয় মানুহৰ ভোগ লাগে । 


আপোনালোকে জানেই যে আমি মানুহবোৰৰ সদায় সময়ে সময়ে ভোগ লাগে বা আহাৰ খাবলৈ উত্তেজিত হওঁ । কিন্তু আপোনালোকে জানেনে যে আমাৰ এই ভোগ কিয় লাগে বা আহাৰ খাবলৈ কিয় উত্তেজিত হওঁ ? যদি নাজানে তেন্তে শেষলৈ এই লেখাটো পঢ়ক ।

মানুহৰ ভোগ লগাৰ কাৰন -


আপোনালোকক জনাই দিওঁ যে মানুহৰ মগজু'ৰ এক বিশেষ অংশৰ নাম হৈছে "হাইপোথেলামাছ" (Hypothalamus)। মানুহৰ এই অংশতেই আছে ভোজন কেন্দ্ৰ, যোনটো কেন্দ্ৰই মানুহৰ ভোগৰ অনুভূতি সময়ে সময়ে জগাই থাকে । মানুহৰ মগজুত থকা এই সৰু অংশটোৱে মানুহক কেৱল ভোগ লগায়হে কাম সামৰে তেনে নহয় এই অংশতো অৰ্থাৎ হাইপোথেলামাছে মানুহক ভোক লাগিব দিয়া ওপৰেওঁ যদি মানুহে ভোগ লাগোতে আহাৰ খায় দিয়ে তেতিয়া মানুহজনে এই আহাৰ কিমান খোৱা উচিত আৰু কিমান খোৱাৰ পাছত আহাৰ খাবলৈ এৰিব লাগে এই সকলোবোৰো নিয়ন্ত্ৰন কৰি থাকে ।

সাধাৰণতে আমাৰ শৰীৰত খাদ্যৰ অভাৱ হলে তেজত শৰ্কৰা বা কাৰ্বোহাইড্ৰেটৰ পৰিমান কমি যায় । তেজত শৰ্কৰা কমিলে পৰিতৃপ্তী কেন্দ্ৰই ভোজন কেন্দ্ৰৰ পৰা অৰ্থাৎ হাইপোথেলামাছ'ৰ পৰা বাধা নিষেধ বা নিয়ন্ত্ৰন উঠায় লয় । ফলত ভোজন কেন্দ্ৰত উত্তেজনা বাঢ়ে আৰু ভোগৰ অনুভূতি আহিবলৈ ধৰে । আৰু তেতিয়াই আমি ভোগ লগা বুলি অনুভৱ কৰো বা বেলেগ এজনক ভোগ লগা বুলি ব্যক্ত কৰি উচপিচাই ফুৰো । গতিকে এইয়াই হৈছে আমি মানুহৰ ভোগ লগাৰ কাৰন ।

আহাৰ খোৱাৰ পাছত ভোগ কিয় নাইকিয়া হয় -


আমি আহাৰ খোৱাৰ পাছত শৰীৰত তেজৰ শৰ্কৰাৰ পৰিমান বাঢ়ি যায় । পাকস্থলীৰ ভিতৰত খাদ্যৰ পৰিমান নিৰ্দিষ্ট হলে পৰিতৃপ্তী কেন্দ্ৰই পুনৰ ভোজন কেন্দ্ৰলৈ অৰ্থাৎ হাইপোথেলামাছলৈ বাধা নিষেধ আৰোপ কৰে । তেতিয়াই আমাৰ ভোজন কেন্দ্ৰৰ উত্তেজনা কমি যায় আৰু আমাৰ ভোগৰ অনুভূতি নাইকিয়া হয় যায় । আৰু তেতিয়াই আমি ভোক আতৰিল বুলি অনুভৱ কৰো । অৰ্থাৎ ভোগ আৰু আমাৰ নাই বুলি স্বীকাৰ কৰো ।


ভোজন কেন্দ্ৰৰ পৰা স্নায়ুহে ভোক লগা খবৰ লালতি গ্ৰন্থি পাকস্থলীক দিয়ে । ইয়াক ক্ষুধা সংকোচন বুলি কোৱা হয় । ইয়াত লালতি গ্ৰন্থি আৰু পাকস্থলীত পাচক ৰস বেচিকৈ নিৰ্গত হয় থাকে । গতিকে এইবোৰ প্ৰক্ৰিয়া আমাৰ শৰীৰৰ ভিতৰত চলি থাকে কাৰনে আমাৰ ভোগ লাগি থাকে আৰু আহাৰ খালে ভোগবোৰ নাইকিয়া হয় থাকে । গতিকে এইয়াই হল আমাৰ শৰীৰত সময়ে সময়ে ভোগ লগাৰ কাৰন আৰু সময়ে সময়ে ভোগ নোহোৱাৰ কাৰণ ।

লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই ৱেবচাইটতো সদায় ভিজিত (visit)  কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments