আপোনাৰ চোতালত পোৱা বন দৰৱেৰে উচ্চ ৰক্তচাপ (HIGH BLOOD PRESSURE) আৰু নিম্ন ৰক্ত চাপ (LOW BLOOD PRESSURE) কেনকৈ নিৰাময় কৰিব

ৰক্তচাপ -

     


আজিৰ লেখাটোত আমি আপোনালকক উচ্চ ৰক্তচাপ (HIGH BLOOD PRESSURE) আৰু নিম্ন ৰক্ত চাপ (LOW BLOOD PRESSURE) হলে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে তাৰেই আমি গুণাৰাম খনিকৰ দেৱে দিয়া বিধান সমুহ জনাম । গতিকে লেখাটো শেষলৈ পঢ়িব তেতিয়া নিশ্চয় আপোনালোকৰ উপকৃত হব ।

উচ্চৰক্ত চাপৰ কাৰণ : -

সাধাৰণতে বয়সস্থ লোকৰ এই ৰােগ হয় । তেজ চলাচল কৰা ধমনীবােৰৰ ভিতৰৰ ছাল অতি ডাঠ হ'লে আৰু সাধাৰণতে তেজৰ পৰিমাণ বেছি হ'লে ( অৱশ্যে দেহৰ প্ৰয়ােজনতকৈ তেজ কম থাকিলেও ) এই ৰােগ হ'ব হয় ।

এই ৰােগৰ লক্ষণ সমুহ : 

স্বাভাৱিক ৰক্তচাপ - ১৪০ / ৯০ ( ৪৫ বছৰৰ তলত । ১৬০ / ১০০ ( ৪৫ বছৰৰ ওপৰত ) বয়সস্থ লােকৰ কাৰণে ১৭০ / ১১৫ - ক স্বাভাৱিক ৰক্ত চাপ  বুলি ধৰিব পাৰি । স্বাস্থ্যবান মানুহৰ ওপৰত উল্লেখ কৰা স্বাভাৱিক বা নিয়মিত ৰক্তচাপতকৈ বেছি হ'লে উচ্চ ৰক্ত চাপ বােলা হয় । এই ৰােগত মূৰৰ বিষ আৰু মূৰৰ কামােৰণী হয় । বুকুৰ বিষ আৰু শৰীৰ দুর্বল হয় । চকুৰে জলক - তবক দেখে । টোপনি কম হয় । কাণেৰে কম শুনে । গা জিন - জিনায় । উত্তেজনা আৰু উদ্বেগ আদি লক্ষণে দেখা দিয়ে । সাধাৰণ কথাতে খং উঠে । স্মৰণশক্তি হ্রাস হয় আৰু  প্রস্রাৱ বেছি হয় ।

এই ৰোগৰ  বন দৰব  -

১ । সৰ্পগন্ধাৰ ৰস ১০ গ্রামকৈ দৈনিক ২ বাৰকৈ খাব লাগে ।

২ । জেতুকাৰ পাত খুন্দি মূৰত আৰু ভৰিৰ তলুৱাত প্রলেপ দিব লাগে ।

৩ । ছালকুঁৱৰীৰ পাত খুন্দি মূৰত প্রলেপ দিলে ৰােগ আৰােগ্য হয় ।

৪ । দিনত কেঁচা নহৰু ২ টাকৈ ভাতত দি একেৰাহে এক / ডেৰ মাহ খালে উচ্চ চাপ স্বাভাৱিক অৱস্থালৈ আহে ।

৫ । কলীয়া তুলসীৰ ৫০ গ্রাম ৰসৰ লগত ৮ চামােচ কেঁচা হালধি মিহলাই দিনে ২ বাৰকৈ খাব লাগে ।

৬ । দৈনিক ৮ / ৯ টা ভাল জাতৰ কেঁচা আমলখি খােৱা ভাল ।

৭ । পলাসৰ শিপাৰ ৰস দৈনিক ১০ গ্রামকৈ দিনে ২ বাৰকৈ খাব পাৰিলে যথেষ্ট উপকাৰ পােৱা যায় ।

৮ । বিলাহীৰ ৰস ২০০ গ্রামকৈ দৈনিক খােৱা ভাল ।

৯ । আপেলৰ ৰস ২৫০ গ্রামকৈ নিয়মীয়াকৈ একমাহ খােৱা উচিত ।

১০ । মৌ - জোল ২০০ গ্রামকৈ তুলসীৰ ৰসৰ লগত খালে উচ্চ  ৰক্তচাপ ভাল হয় ।

১১ । আমলখি ৭ / ৮ টা খুন্দি তাক মিচিৰিৰ সৈতে খালে ৰক্ত চাপ স্বাভাৱিক হয় ।

১২ । চজিনাৰ কুঁহিপাত আঞ্জা কৰি নিয়মিয়াকৈ খালে এই ৰােগ ভাল হয় । ৰাতিপুৱা শুদা পেটত চজিনাৰ পাতৰ ৰস ৫০ গ্রাম খাব লাগে ।

১৩ । মানিমুনি বা ব্রাহ্মি শাকৰ ৰস ৭ / ৮ চামােচকৈ মৌ - জোল বা  মিচিৰি মিহলি কৰি একেৰাহে ১৫ / ২০ দিন খাব লাগে ।

১৪ । নেফাফুৰ কুমলীয়া ৪টা আগ , ৪ ফোটা নহৰুৰ সৈতে পাতত দি ৰাতিপুৱা শুদা পেৰ্টত খাব লাগে ।


কৰিব লগা কাম —

বিলাহী , মাটিকঁঠাল , সুমথিৰা , টেঙা , নাচপতি , আম আদি খাব লাগে । পকা তেঁতেলী আৰু গুড় উপকাৰী । আহাৰ কমকৈ খাব লাগে , এনেয়ে বহি শুই নাথাকি পাতলীয়া দুই ৰণ কাম কৰিলে ভাল । পুৱা সােনকালে শুই উঠিব লাগে । গা ধােওঁতে গা খুউব পিহি ধােৱা ভাল ।

কৰিব নলগা কাম -

নিমখ , ভজামাছ , দাইল , মাংস  আদি কমকৈ খাব লাগে । এটা সাধাৰণ কাম কৰি থাকিলে ভাল । তিতা কেৰেলা , যিকোনো তিতাৰস্তু , পালং শাক , বন্ধাকবি , , মটৰ মাহ , বেকিং পাউদাৰ দিয়া বিস্কুট , খেজুৰী , বেঙেনা , মদ , বিডি চিগাৰেট , ধপাত , চাহ , কফি অত্যন্ত বেয়া । অধিক চিন্তা আৰু দুখ বেজাৰ কৰিব নালাগে । কথা কমকৈ ক'ব লাগে । উত্তেজক গৰম ক্রিয়াদায়ক বস্তু খােৱা নিষেধ ।

গতিকে এইয়াই হল উচ্চৰক্ত চাপ ৰোগৰ গুণাৰাম খনিকৰ দেৱৰ বিধান । এতিয়া জানো আহক নিম্ন ৰক্ত চাপৰ বিধান সম্পৰ্কে ।


নিম্ন ৰক্তচাপ — ( LOW BLOOD PRESSURE ) ।



এই ৰোগৰ কাৰণ সমুহ : —

দেহত পুষ্টিকৰ খাদ্যৰ অভাৱ হলে নিম্ন ৰক্ত চাপ হ'ব পাৰে । ইয়াক বংশগত ৰােগ বুলিও বহু চিকিৎসকে কয় । তেজৰ পৰিমাণ কম হলে এই ৰােগ হব পাৰে ।

এই ৰােগৰ লক্ষণ —

শৰীৰ দুর্বল হয় । স্বাস্থ্যবান মানুহ এজনৰ নিয়মিত ৰক্তচাপতকৈ কম হলেই নিম্ন ৰক্তচাপ বােলা হয় । শৰীৰৰ উত্তাপ কমি যায় । মূৰ ঘূৰণী হয় ।

এই ৰোগৰ বন  দৰব : -

১ । ভীম কলৰ ডিল ( কলডিল ) দিনে ২ বাৰকৈ একেৰাহে ২ / ৩ দিন ৰান্ধি খােৱা উচিত । কলডিলৰ সৈতে পাৰ চৰাহৰ । মাংস ৰান্ধি খাব পাৰিলেও ভাল ।

২ । পনেনােৱা শাক দিনে ১০০ গ্রামকৈ কিছুদিন খালে নিম্ন ৰক্তচাপ বােগ আৰােগ্য হােৱাত সহায়ক হয় ।

৩ । আধা লিটাৰ গাখীৰত কেইটুকুৰামান গাজৰ কাটি এটা পাত্রত ' উতলাই গৰম কৰি খালে শৰীৰত যথেষ্ট শক্তি পােৱা যায় আৰু লোক জাতীয় পদার্থ বৃদ্ধি হয় ।

৪ । আহাৰৰ লগত দিনে ২টাকৈ কেঁচা পিয়াজ খাব পাৰিলে ভাল । ।

কোনবোৰ ভাল -

গৰম ক্রিয়দায়ক বস্তু বিশেষকৈ কণী , মাংস , পিয়াজ , খােৱ হিং, কেঁচা ফলমূল সু - পথ্য । ৰসাল বস্তু খাব লাগে । খেজুৰী , বাদাম , আপেল , আঙ্গৰ উপকাৰী । ভীম কলৰ পচলা ভাল , কলীয়া কচুৰ হৰি জালুক দি ৰান্ধি খাব লাগে ।

কোনবোৰ বেয়া -

টান আৰু নিৰস বস্তু , বিড়ি , চিগাৰেট খাব নালাগে । অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম কৰা বেয়া । চিন্তা , দুখ , বেজাৰ পাতলাব লাগে ।

গতিকে এইয়াই হল নিম্নৰক্ত চাপ ৰোগৰ গুণাৰাম খনিকৰ দেৱৰ বিধান । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই ৱেবচাইটতো সদায় ভিজিত (visit)  কৰিব নতুবা এই তথ্য সমুহ ফেচবুকত পঢ়িবলৈ আমাৰ ফেচবুকৰ "সমগ্ৰ ডট ইন" পেজটো লাইক বা Follow কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments