অসম টেট'ত আহিব পৰা অসমীয়া বিষয়ক অতিকৈ জৰুৰী প্ৰশ্ন উত্তৰ (Assam TET exam expected questions answer)

অসম টেট'ত আহিব পৰা অসমীয়া বিষয়ক অতিকৈ জৰুৰী প্ৰশ্ন উত্তৰ -


আজি আমি আপোনালোকক ২০১৯'ৰ অসম টেট'ত আহিব পৰা অসমীয়া বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰ সমুহ ইয়াত জনাম । অসমীয়া বিষয়ত আহিব পৰা প্ৰশ্ন উত্তৰৰ এইটো হৈছে প্ৰথম ভাগ । ইয়াত মুঠ ৩৫ টা প্ৰশ্ন উত্তৰ সাঙুৰি লোৱা হৈছে । দ্বিতীয় ভাগত থাকিব ৪০ টা প্ৰশ্ন উত্তৰ । কাইলৈ আমি দ্বিতীয় খণ্ড আপলড কৰিম । গতিকে আজি প্ৰথম খণ্ডটো অধ্যয়ন কৰক আৰু কাইলৈ দ্বিতীয় খণ্ড পঢ়িবলৈ আমাৰ ৱেবচাইটটো কাইলৈ পুনৰ ভিজিত কৰিব । আৰু আমাৰ এই লেখাবোৰ আপুনি আমাৰ ফেচবুক পেজটো পঢ়িব পাৰিব । তাৰবাবে আপুনি ফেচবুকত "সমগ্ৰ ডট ইন" বুলি চাৰ্চ কৰি আমাৰ পেজটো লাইক কৰিব । তেতিয়া দৈনিক এই দৰে টেট'ৰ সম্পৰ্কে প্ৰশ্ন উত্তৰৰ আপডেট পাব ।

এতিয়া মুল বিষয়টো আৰম্ভ কৰো আহক -


প্ৰশ্ন :-  “ অৰুণােদয় ’ কাকত প্রকাশ হৈছিল |

( ক ) ১৮৪৪ চনত
( খ ) ১৮৪৬ চনত
( গ ) ১৮৪১ চনত

উত্তৰ ঃ ( খ ) ১৮৪৬ চনত


প্ৰশ্ন :-  লােক সাহিত্যসমূহ হৈছে —

( ক ) লিখিত সাহিত্য
( খ ) মৌখিক সাহিত্য
( গ ) ধনী শ্ৰেণীৰ সাহিত্য

উত্তৰ  ঃ ( খ ) মৌখিক সাহিত্য ।


প্ৰশ্ন :-  অসমীয়া প্ৰবচন আৰু ফকৰা যােজনাবােৰ -

( ক ) লােক - সাহিত্য
( খ ) আধুনিক সাহিত্য
( গ ) নগৰৰ সাহিত্য

উত্তৰ - ( ক ) লােক - সাহিত্য ।


প্ৰশ্ন :-  অসমীয়া জাতীয় জীৱন প্রতিফলিত হৈছে

( ক ) বিয়া গীতত
( খ ) ম ’ হখেদা গীতত
( গ ) বিহু গীতত

উত্তৰ  ঃ ( গ ) বিহু গীতত



প্ৰশ্ন :-  অসমীয়া কথা কবিতা প্রথম ৰচনা কৰে —

( ক ) লক্ষ্মীনাথ বেজবৰুৱা ।
( খ ) যতীন্দ্রনাথ দুৱৰা ।
( গ ) হেমচন্দ্র গােস্বামী ।

উত্তৰ  ঃ ( খ ) যতীন্দ্রনাথ দুৱৰা



প্ৰশ্ন :- প্রথম অসমীয়া ৰােমান্টিক কবিতা ।

( ক ) জলকুঁৱৰী
( খ ) বনকুৱৰী
( গ ) নিয়ৰ

উত্তৰ  ঃ ( খ ) বনকুঁৱৰী ।



প্ৰশ্ন :-  জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্রথম অসমীয়া উপন্যাসখন হৈছে —

( ক ) মৃতুঞ্জয়
( খ ) মনােমতী
( গ ) মিৰি জীয়ৰী ।

উত্তৰ : ( গ ) মিৰি জীয়ৰী ।



প্ৰশ্ন :-  তলৰ কোনখন শংকৰদেৱৰ দ্বাৰা ৰচিত নাট —

( ক ) চোৰধৰা ।
( খ ) সীতাহৰণ ।
( গ ) ৰাম - বিজয় ।

উত্তৰ  ঃ ( গ ) ৰাম - বিজয়


প্ৰশ্ন :-  তলৰ কোনখন কাব্য যতীন্দ্রনাথ দুৱৰাৰ দ্বাৰা অসমীয়ালৈ অনুদিত কাব্য —

( ক ) ওমৰ তীর্থ
( খ ) বনফুল
( গ ) প্রতিমা ।

উত্তৰ  ঃ ( ক ) ওমৰ তীর্থ



প্ৰশ্ন :-  অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্রন্থখনৰ ৰচক হৈছে —

( ক ) মহেশ্বৰ নেওগ
( খ ) সত্যেন্দ্র নাথ শৰ্মা
( গ ) আনন্দৰাম ঢেকিয়াল ফুকন

উত্তৰ  ঃ ( খ ) সত্যেন্দ্র নাথ শৰ্মা


প্ৰশ্ন :-  অসমীয়া লিখিত সাহিত্যৰ প্রথম নিদর্শন পােৱা যায় —

( ক ) চর্যাপদ
( খ ) লােকগীতত
( গ ) অৰুণােদয় কাকতত

উত্তৰ ঃ ( ক ) চর্যাপদত ।



প্ৰশ্ন :-  বধকাব্য  ৰচনা কৰা সাহিত্যিকজন হৈছে

( ক ) মাধৱ কন্দলী
( খ ) শংকৰদেৱ
( গ ) ৰাম সৰস্বতী

উত্তৰ  ঃ ( গ ) ৰাম সৰস্বতী



প্ৰশ্ন :-  প্রান্তীয় ভাষাত ৰামায়ণ ৰচনা কৰে প্রথমে

( ক ) শংকৰদেৱ
( খ ) মাধৱদেৱ
( গ ) মাধৱ কন্দলী ।

উত্তৰ  ঃ ( গ ) মাধৱ কন্দলী ।


প্ৰশ্ন :- অসমৰ লােক সংস্কৃতি – গ্ৰন্থখনৰ ৰচক

( ক ) বিৰিঞ্চি কুমাৰ বৰুৱা
( খ ) লীলা গগৈ
( গ ) নিৰ্মলপ্ৰভা বৰদলৈ

উত্তৰ ঃ ( ক ) বিৰিঞ্চি কুমাৰ বৰুৱা


প্ৰশ্ন :- অসমীয়া সাহিত্যৰ সর্বোচ্চ সাহিত্য পুৰস্কাৰটো হৈছে

( ক ) অসম উপত্যকা সাহিত্য বটা
( খ ) অসম সাহিত্য সভা বঁটা
( গ ) অসম কেশৰী বঁটা

উত্তৰ  ঃ ( ক ) অসম উপত্যকা সাহিত্য বঁটা


প্ৰশ্ন :-  অসীমত যাৰ হেৰাল সীমা ’  - উপন্যাসখন ৰচক হৈছে —

( ক ) কাঞ্চন বৰুৱা
( খ ) যােগেশ দাস
( গ ) ৰজনী কান্ত বৰদলৈ ।

উত্তৰ  ঃ ( ক ) কাঞ্চন বৰুৱাত


প্ৰশ্ন :-  মানৱ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষাটো হৈছে —

( ক ) মাতৃভাষা
( খ ) ইংৰাজী ভাষা
( গ ) বিদেশী ভাষা

উত্তৰ  ঃ ( ক ) মাতৃভাষা


প্ৰশ্ন :-  তলৰ কোনটো উপায়েৰে মানুহে মনৰ ভাৱ অনুভূতি প্রকাশ কৰিব পাৰে ।

( ক ) পঢ়ন ।
( খ ) কথন
( গ ) লিখন ।
( ঘ ) শ্ৰৱন ।

উত্তৰ  ঃ ( ক ) কথন



প্ৰশ্ন :-  মাতৃভাষাত দক্ষ হলে ছাত্ৰ - ছাত্ৰীসকলে - -

( ক ) ভালদৰে কথা - বতৰা পাতিব পাৰে
( খ ) গান গাব পাৰে ।
( গ ) বিদেশ ভ্রমণত সহায় হয় ।

উত্তৰ  ঃ ( ক ) ভালদৰে কথা - বতৰা পাতিব পাৰে ।


প্ৰশ্ন :-  মাতৃভাষাত দক্ষ কৰাত পাৰ্গত কৰে ।

( ক ) শিক্ষকে
( খ ) ঘৰৰ পৰিবেশে ।
( গ ) বন্ধু বান্ধৱৰ সহযােগে ।

উত্তৰ  ঃ ( খ ) ঘৰৰ পৰিবেশে


প্ৰশ্ন :-  আধালেখা দস্তাবেজ ’ৰ– ৰচক হৈছে -

( ক ) কাঞ্চন বৰুৱা
( খ ) নৱকান্ত বৰুৱা
( গ ) মামনি ৰয়চম গােস্বামী

উত্তৰ  ঃ ( গ ) মামনি ৰয়চম গােস্বামী


প্ৰশ্ন :-  তলৰ কোনখন নাট ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ শ্রেষ্ঠ নাট - ~

( ক ) ৰুপালীম
( খ ) লভিতা ।
( গ ) কাৰেঙৰ লিগিৰী
( ঘ ) নিমাতী কইনা ।

উত্তৰ : ( গ ) কাৰেঙৰ লিগিৰী


প্ৰশ্ন :-  সুৰুষমুখীৰ স্বপ্ন উপন্যাসখনৰ ৰচক কোন ?

( ক ) চৈয়দ আব্দুল মালিক ।
( খ ) হিৰেণ গোঁহাই
( গ ) হােমেন বৰগােহাঞি

উত্তৰ  ঃ ( ক ) চৈয়দ আব্দুল মালিক ।


প্ৰশ্ন :-  ভাঙনি কোৱৰ ’ নামে কোন পৰিচিত ?

( ক ) জ্যোতি প্ৰসাদ আগৰৱালা
( খ ) আনন্দ চন্দ্র আগৰৱালা
( গ ) বিষ্ণু ৰাভা
( ঘ ) যতীন্দ্র নাথ দুৱৰা ।

উত্তৰ  ঃ ( খ ) আনন্দ চন্দ্র আগৰৱালা


প্ৰশ্ন :-  হালধীয়া চৰায়ে বাওধান খায় ’ — উপন্যাসখন  কাৰ ৰচনা ?

( ক ) হােমেন বৰগােহাঞিদেৱৰ
( খ ) লক্ষ্মীনাথ বেজবৰুৱা ।
( গ ) হিৰেণ গোঁহাই

উত্তৰ - ( ক ) হােমেন বৰগােহাঞিদেৱৰ ।



প্ৰশ্ন :- ‘ আলি - আই - লৃগাং ’ – কোন জনগােষ্ঠীৰ কৃষি উৎসৱ ?

( ক ) বড়ােসকলৰ
( খ ) মিচিংসকলৰ
( গ ) চাহ - জনগােষ্ঠীসকলৰ
( ঘ ) কছাৰীসকলৰ

উত্তৰ  ঃ ( খ ) মিচিংসকলৰ


প্ৰশ্ন :-  অইনক গুণান্বিত কৰা শব্দক বােলা হয় –

( ক ) অব্যয়
( খ ) সর্বনাম ।
( গ ) বিশেষ্য
( ঘ ) বিশেষণ

উত্তৰ  ঃ ( ঘ ) বিশেষণ ।


প্ৰশ্ন :-  শিক্ষকৰ উচ্চাৰণ ভুলে ছাত্র - ছাত্রীৰ উচ্চাৰণ —

( ক ) দোষ বঢ়াৱ
( খ ) দোষ কমাব ।
( গ ) সঠিক কৰিব ।

উত্তৰ : ( ক ) দোষ বঢ়াৱ

প্ৰশ্ন :-  প্রথম অসমীয়া ছনেট ’ কবিতাটো হৈছে —
( ক ) মমতাৰ চিঠি
( খ ) বনকুঁৱৰী
( গ ) প্রিয়তমাৰ চিঠি

উত্তৰ  ঃ ( গ ) প্রিয়তমাৰ চিঠি


প্ৰশ্ন :-  ছাত্র - ছাত্ৰীয়ে মাতৃভাষাৰে শিক্ষা লাভ কৰে

( ক ) ঘৰত
( খ ) বিদ্যালয়ত
( গ ) বাহিৰত
( ঘ ) পাৰিপাশ্বিকৰ পৰা

উত্তৰ  ঃ ( ঘ ) পাৰিপাৰ্শিকৰ পৰা



প্ৰশ্ন :-  প্রথম পদ্মশ্রী সম্মান পােৱা মহিলা কোন ?

( ক ) নলিনীবালা দেৱী ।
( খ ) মামনি ৰয়চম গােস্বামী
( গ ) ৰীতা চৌধুৰী ।

উত্তৰ  ঃ ( ক ) নলিনীবালা দেৱী  ।



প্ৰশ্ন :-  গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য কোন ?

( ক ) কৃষ্ণকান্ত সন্দিকৈ ।
( খ ) বাণীকান্ত কাকতি
( গ ) মহেশ্বৰ নেওঁগ

উত্তৰ  ঃ ( ক ) কৃষ্ণকান্ত সন্দিকৈ ( ১৯৪৮ - ১৯৫৭ ) ।



প্ৰশ্ন :-  লাচিত বঁটা প্ৰদান কৰা হয় —

( ক ) চলচ্চিত্ৰত
( খ ) ক্ৰীড়াৰ জগতত
( গ ) ভাষা - সাহিত্যত ।

উত্তৰ  ঃ ( খ ) ক্ৰীড়াৰ জগতত ।



প্ৰশ্ন :-  মামনি ৰয়চম গােস্বামীয়ে কোনখন উপন্যাসৰ কাৰণে সাহিত্য কাডেমি বঁটা লাভ কৰে —

( ক ) মামৰে ধৰা তৰােৱাল ।
( খ ) কাঞ্চন ।
( গ ) অসীমত যাৰ হেৰাল সীমা ।

উত্তৰ  ঃ ( ক ) মামৰে ধৰা তৰােৱাল



প্ৰশ্ন :-  চিকৰপতি নিকৰপতি – গ্রন্থৰ ৰচক কোন ?

( ক ) লক্ষ্মীনাথ বেজবৰুৱা
( খ ) হেম বৰুৱা
( গ ) চন্দ্ৰকুমাৰ আগৰৱলা

উত্তৰ  ঃ ( ক ) লক্ষ্মীনাথ বেজবৰুৱা

গতিকে এইয়াই হৈছে অসম টেটত আহিব পৰা অসমীয়া বিষয়ক লাগতিয়াল প্ৰশ্ন উত্তৰৰ প্ৰথম ভাগ । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই ৱেবচাইটতো সদায় ভিজিত (visit)  কৰিব নতুবা এই তথ্য সমুহ ফেচবুকত পঢ়িবলৈ আমাৰ ফেচবুকৰ "সমগ্ৰ ডট ইন" পেজটো লাইক বা Follow কৰিব । ধন্যবাদ ।

Post a Comment

1 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)