নিৱনুৱা সকলক দিব মুখ্যমন্ত্ৰীয়ে ৫ লাখ টকাকৈ সাহাৰ্য্য । পিছে কোনে কোনে পাব পাৰে এই আচনি ?

নিৱনুৱা সকলক দিব মুখ্যমন্ত্ৰীয়ে ৫ লাখ টকাকৈ সাহাৰ্য্য । পিছে কোনে কোনে পাব পাৰে এই আচনি ?


ৰাজ্যত অতি শ্ৰীঘ্ৰে ৰূপায়ণ কৰা হব  'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম' নামৰ এখন নতুন আঁচনি । এই  আঁচনিখনৰ যোগেদি কেতবোৰ নিয়মৰ মাজেৰে নিবনুৱা সকলে লাভ কৰিব পৰা যাব ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকা পৰ্যন্ত ৷ ইয়াৰ বাবে কিছুমান চৰ্ত তথা নিয়ম বান্ধি দিয়া হৈছে ৷ আনহাতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে টুইটাৰ যোগেও আঁচনিখনৰ বিষয়ে অৱগত কৰিছে ৷ মুখ্যমন্ত্রীয়ে জানিব দিছে যে "শক্তিশালী নীতি আৰু আৰ্থিক সহযোগিতা প্ৰদানৰ জৰিয়তে আমাৰ উদীয়মান যুৱক-যুৱতীসকলক তেওঁলোকৰ উদ্যমিতাৰ যাত্ৰাত কিছু সহায় আগবঢ়োৱাৰ প্ৰয়াস হিচাপে 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান' আৰম্ভ কৰিবলৈ ওলাইছোঁ বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে ৷ মুখ্যমন্ত্রীয়ে লগতে এই পদক্ষেপে অসমত উদ্যমিতাৰ ক্ষেত্ৰত এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিব বুলি মন্তব্য প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে উদ্যমীতাৰ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ বাবে গ্ৰহণ কৰা 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান'-এ দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ ক্ষুদ্র উদ্যোগী যুৱক-যুৱতীসকলক উৎসাহিত কৰি স্ব-উপাৰ্জনৰ সুযোগ-সুবিধা প্রদান কৰিব ৷


আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ পিছত স্ব-নিয়োজন, কৃষি আৰু উদ্যানশস্য, মীন পালন, হাঁহ-কুকুৰা তথা দুগ্ধ পাম, পেকেজিং, ৰেডিমেড পোছাক, গছপুলি ৰোপণ, কাঠ আধাৰিত উদ্যোগ, ষ্টেশ্যনেৰী, ফেব্ৰিকেচন তথা হাৰ্ডৱেৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কার্যকলাপক সামৰি লোৱা হ'ব ৷ আগন্তুক দুবছৰত আঁচনিখনৰ জৰিয়তে ২ লাখ যুৱক-যুৱতীক সাঙুৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ এই আঁচনিখনৰ যোগেদি হিতাধিকাৰীসকলে তেওঁলোকৰ যোগ্যতা অনুসৰি মিশ্ৰিতভাৱে চৰকাৰী অনুদান আৰু সুতবিহীন চৰকাৰী ঋণ দুটা কিস্তিত ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকাকৈ লাভ কৰিব আৰু এই ঋণ লাভ কৰিবলৈ হলে তলত দিয়া চৰ্ত সমুহ নিবনুৱা সকলে পূৰণ কৰিব লাগিব - 


চৰ্ত নং ১. নিবনুৱা জনৰ বয়স ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰত হ'ব লাগিব আৰু অসমৰ বাসিন্দা হব লাগিব । 

চৰ্ত নং ২. নিবনুৱা জনৰ শিক্ষাগত অৰ্হতা অতি কমেও দশম শ্রেণী উত্তীর্ণ হ'ব লাগিব ।

চৰ্ত নং ৩. নিবনুৱা জন যদি পূৰ্বতে যদি ঋণ লৈছে তেন্তে এই লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব  ।

চৰ্ত নং ৪. নিবনুৱা জনৰ প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যহে এই সুবিধাৰ বাবে যোগ্য হ'ব ।

চৰ্ত নং ৫. নিবনুৱা জন চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব ।

চৰ্ত নং ৬. নিবনুৱা জন ২০২৩ চনৰ ১ এপ্রিলৰ পূর্বে নিয়োগ বিনিময় কেন্দ্রত (Employment Exchange) পঞ্জীয়ন কৰিব লাগিব ।

Post a Comment

0 Comments