কনকলাল বৰুৱা

কনকলাল বৰুৱা

অসম সাহিত্য সভাৰ ষষ্ঠগৰাকী সভাপতি আছিল কনকলাল বৰুৱা। অসম সাহিত্য সভাৰ পূৰ্বে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ জৰিয়তে যিসকল স্বনামধন্য পুৰুষে সাহিত্যৰ বৰভেটি গঢ়াত আপ্রাণ চেষ্টা কৰিছিল, তেওঁলোকৰ ভিতৰত এজন আছিল কনকলাল বৰুৱা। কনকলাল বৰুৱাৰ জন্ম হয় ১৮৭২ চনৰ ১৬ ডিচেম্বৰত। জন্মস্থান গুৱাহাটী। তেওঁৰ পিতৃৰ নাম আছিল লক্ষ্মীলাল বৰুৱা আৰু মাতৃ আছিল পদ্মাৱতী। অসমৰ সাহিত্য জগতৰ উল্লেখনীয় ব্যক্তি কনকলাল বৰুৱা আছিল একেৰাহে সাহিত্যিক, বুৰঞ্জীবিদ, প্রত্নতাত্ত্বিক, প্রশাসনিক বিষয়া আৰু এজন সফল মন্ত্রী।

কনকলাল বৰুৱাৰ আঠ বছৰ বয়সত তেওঁ পিতাকৰ মৃত্যু হৈছিল। পিছত তেওঁ বৰ ভিনিহিয়েক হোমেশ্বৰ বৰুৱা আৰু সৰু ভিনিহিয়েক মাণিক চন্দ্ৰ বৰুৱাৰ তত্বাৱধানত ডাঙৰ-দীঘল হয়। প্রবাদ-প্রতীম পুৰুষ হেমচন্দ্ৰ বৰুৱাইও তেওঁৰ পঢ়া-শুনাত নজৰ দিছিল। পঢ়া-শুনাত অতি মেধাশক্তি সম্পন্ন কনকলাল বৰুৱাই ১৮৮৮ চনত কটন কলেজিয়েট বিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত এন্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পিছত কলিকতাৰ জেনেৰেল এচেমব্ৰি ইনষ্টিটিউছনৰ পৰা ১৮৯১ চনত এফ. এ. পৰীক্ষাত আৰু ১৮৯৪ চনত বি. এ. পৰীক্ষাত উত্তীর্ণ হয়। তেখেতে বি. এল. ডিগ্রী লাভ কৰে ১৮৯৬ চনত।

এজন আইন ব্যবসায়ী হিচাপে গুৱাহাটীত কর্মময় জীৱনৰ পাতনি মেলা কনকলাল বৰুৱাদেৱে বিবাহ পাশত আবদ্ধ হয় ১৮৯৮ চনত। কনকলাল বৰুৱাৰ প্রথমা পত্নী আৰু উত্তৰ গুৱাহাটীৰ ভিবিৰাম বৰুৱাৰ কন্যা ভূৱনেশ্বৰীৰ মৃত্যুৰ পাছত তেওঁ দ্বিতীয় বিবাহ কৰাই ভিবিৰামৰে কন্যা প্রেমদা বৰুৱাক। তেওঁ দুটামান বছৰ সফলতাৰে ওকালতি কৰাৰ পিছত ইংৰাজ চৰকাৰে ১৯০০ চনত শিৱসাগৰত ই, এ, চি হিচাপে নিযুক্তি দিয়ে। তাৰ পিছত পদোন্নতি লাভ কৰি যোগদান করে। চুনামগঞ্জত মহকুমাধিপতিৰূপে। কেইটামান বছৰ এই পদত বিভিন্ন ঠাইত কাম কৰি ‘ৰায়বাহাদুৰ' খিতাপ অৰ্জন কৰে আৰু ১৯১৮ চনৰ পৰা শ্বিলঙত ৰেজিষ্টাৰ অৱ কো-অপাৰেটিভ আৰু শিল্প বিভাগৰ সঞ্চালক পদত নিযুক্ত হয়। ১৯২৩ চনৰ পৰা কৃষি বিভাগৰ সঞ্চালক হৈ ১৯২৮ চনৰ ১ জানুৱাৰীৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু পিছত ১৯২৯ চনত তেওঁ অসম ব্যৱস্থাপক সভাৰ সভ্য নির্বাচিত হৈ, স্বায়ত্ত শাসন বিভাগৰ মন্ত্ৰী হয়।

দায়িত্বপূৰ্ণ চাকৰি জীৱনৰ মাজতো সাহিত্য সাধনা কৰি ৰায়বাহাদুৰ কনকলাল বৰুৱাদেৱে অসমীয়া সমাজক যি দি গ'ল সেয়া প্ৰকৃতাৰ্থত অতি মূল্যবান। তেখেতৰ লেখনি মূহৰ সৰহখিনি আছিল ইংৰাজী ভাষাত ৰচিত। কনকলাল বৰুৱাৰ ৰচনাসমূহৰ ভিতৰত "Early History of Kamrupa" (১৯৩৩), আৰু "Early History of Assam." উল্লেখযোগ্য কৃতিত্বৰ চানেকি।

কনকলাল বৰুৱাই ১৯২৪ চনত ১৯ এপ্ৰিলৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষষ্ঠ অধিবেশনত সভাপতিত্ব কৰিছিল।

অসমীয়া সাহিত্য জগততকৈ অসমৰ প্ৰত্নতত্ব আৰু বুৰঞ্জীলৈ স্মৰণীয় অৱদান আগবঢ়াবলৈ যোৱা এইগৰাকী প্ৰসিদ্ধ ব্যক্তিয়ে এক বিশেষ কার্যসূচীত যোগদান দিবলৈ গৈ, ১৯৪০ চনৰ ৮ জানুৱাৰীত কলিকতা মেডিকেল ট্রপিকেল স্কুলত দেহত্যাগ কৰে।

Post a Comment

0 Comments