পদ্মনাথ গােহাঞিবৰুৱা

পদ্মনাথ গােহাঞিবৰুৱা



অসমীয়াৰ জাতীয় অনুষ্ঠান, প্রাণৰাে প্ৰাণৰ অনুষ্ঠান ‘অসম সাহিত্য সভাৰ জন্ম হয় ১৯১৭ চনৰ ১৬ নৱেম্বৰত। সেই বর্ষৰে ২৬ আৰু ২৭ ডিচেম্বৰত অনুষ্ঠিত হৈছিল প্রথমখন অধিবেশন। স্থান আছিল ঐতিহাসিক শিৱসাগৰ জিলা। শিৱসাগৰৰ অধিবেশনখনত সভাপতিত্ব কৰিছিল— পদ্মনাথ গােহাঞিবৰুৱাদেৱে। একেধাৰে কবি, ঔপন্যাসিক, নাট্যকাৰ, জীৱনীকাৰ, হাস্যৰসিক, প্রবন্ধকাৰ আৰু এজন সফল সাংবাদিক হিচাপে অসমীয়া সমাজ জীৱনলৈ অভুতপূর্ব বৰঙণি আগবঢ়োৱা গােহাঞিবৰুৱাৰ জন্ম হৈছিল ১৮৭১ চনৰ ২৪ অক্টোবৰত। জন্মস্থান আছিল উত্তলক্ষীমপুৰ জিলাৰ নকাৰী মৌজাৰ নকাৰী গাঁও। পিতৃ আছিল ঘিনাৰাম গােহাঞিবৰুৱা আৰু মাতৃৰ নাম লম্ভী দেৱী।

পদ্মনাথ গােহাঞিবৰুৱাদেৱৰ শিক্ষা জীৱন আৰম্ভ হয় ১৮৭৯ চনত উত্তৰ লক্ষীমপুৰ প্রাথমিক বিদ্যালয়ত। হাইস্কুলীয়া ছাত্র হিচাপে ভর্তি হয় ১৮৮৪ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত। প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হয় ১৮৯০ চনত। পিছত এফ. এ. পঢ়িবলৈ কলিকতালৈ যায়। তাত ওকালতি পঢ়িবলৈ ভর্তি হৈছিল যদিও শিক্ষা সমাপ্ত নকৰাকৈ অসমলৈ ঘূৰি আহিছিল।

বৃত্তিত এজন শিক্ষক হিচাপে কৰ্মজীৱনৰ আৰম্ভণী কৰিছিল কহিমা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত। কহিমাত থাকোতেই পদ্মনাথ গােহাঞিবৰুৱাই লীলাৱতী নামৰ ছােৱালীজনীৰ লগত বিবাহপাশত আৱদ্ধ হয়; যদিও লীলাৱতীৰ অকাল মৃত্যু হােৱাত দ্বিতীয়বাৰ বিবাহ কৰাই হীৰাৱতী নামৰ ছােৱালী এজনীক।

অধ্যয়নৰ কালছােৱাতে কেইবাখনাে কাকত-আলােচনীৰ প্রকাশ আৰু সম্পাদনাৰ লগত জড়িত হৈ পৰিছিল পদ্মনাথ গােহাঞিবৰুৱা। তেওঁৰ ৰচিত গ্রন্থসমূহ হ’ল— উপন্যাস ও ভানুমতী (১৮৯১), লাহৰী (১৮৯২), আত্মজীৱনীঃ মােৰ সোঁৱৰণী (১৯৭২), ধর্মমূলক গ্রন্থ : শ্রীকৃষ্ণ (১৯৩০), গীতাসাৰ (১৯৩৫)। কবিতাপুথি ও লীলাৱতী কাব্য, জুৰণি (১৯০১) আৰু ফুলৰ চানেকি (১৯৪১)। নাটক ও জয়মতী (১৯০০), গদাধৰ (১৯০৭), সাধনী (১৯১১), লাচিত বৰফুকন 8 (১৯১৫), বানৰজা (১৯৩২), গাঁওবুঢ়া (১৮৯৭) আৰু টেটোন তামুলী (১৯০৯) চনত প্রকাশিত হৈছিল।

শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰি তেওঁ কৈছিল— ‘জাতীয় অনন্তৰতম ভাৱ, চিন্তা, তেজ আৰু প্রতিভা বাজ ওলাবলৈ ভাষা আৰু সাহিত্যৰ বাদে সুগম বাট আন নাই। আকৌ ভাষাতকৈ সাহিত্য এখােজ আগবঢ়া। সেই কাৰণে জাতীয়ত্বৰ চিনাকি দিয়াত জাতীয় সাহিত্য তাতােকৈ এখােজ আগুৱাই যায়। গতিকে মানুহৰ জাতি আৰু ধর্ম সাহিত্যৰ ভেটি হলেও সি সাহিত্যৰ আচলত ধৰিহে আগবাঢ়িব পাৰে। যাৰ পাৰ আদিয়েও এই বিষয়ত সাহিত্যক পিছ পেলাই আগবাঢ়িব নােৱাৰে।” অসম সাহিত্য সভাৰ দ্বিতীয় অধিবেশন (১৯১৮) ত পদ্মনাথ গােহাঞি

বৰুৱা সম্পাদক হিচাপে নির্বাচিত হৈছিল। ১৯০৬ চনত ইংৰাজ চৰকাৰে তেওঁলৈ আগবঢ়াইছিল সাহিত্যিক পেন্সন। অনুদান আছিল মাহে ২৫ টকাকৈ।

১৯৪৬ চনৰ ৭ এপ্রিলত অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি হােৱাৰ গৌৰৱ অর্জনকাৰী পদ্মনাথ গােহাঞি বৰুৱাৰ পৰলােকপ্রাপ্তি হয়।

Post a Comment

0 Comments