ৰাধা গােবিন্দ বৰুৱা

ৰাধা গােবিন্দ বৰুৱা



সিংহ পুৰুষ ৰাধাগােবিন্দ বৰুৱাৰ ১৯০০ চনত এটি মধ্যবিত্ত পৰিয়ালত শিৱসাগৰত জন্ম হয়। তেওঁৰ দেউতাক গুণাগােবিন্দ বৰুৱা আছিল ব্রিটিছ দিনৰ একটা এডিচনেল কমিছনাৰ। ৰাধাগােন্দি বৰুৱাৰ জন্মৰ দুমাহতে মাক ঢুকায়। হেমী' নামেৰে জনপ্রিয় এগৰাকী আত্মীয় মহিলাই তেখেতক মাতৃবৎ মৰম স্নেহ কৰি ডাঙৰ-দীঘল কৰিছিল।

শিৱসাগৰৰ স্কুলত প্রাথমিক শিক্ষা সমাপ্ত কৰি পিছত ৰাধাগােবিন্দ বৰুৱাই ডিব্ৰুগড়ৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয়। পিছত তেওঁ কটন কলেজত নামভর্তি কৰে যদিও শিক্ষা সাং নকৰাকৈয়ে জীৱন যুঁজত জপিয়াই পৰে।

১৯৩৮ চনৰ কথা । ৰাধাগােবিন্দ বৰুৱাৰ বন্ধু তৰুণ ভট্টচাৰ্য্যই বৰুৱাক ডিব্ৰুগড়ৰ পৰা এখনি ইংৰাজী কাকত প্রকাশ কৰাৰ চিন্তা সুমুৱাই দিয়ে। তেতিয়া বৰুৱাই ডিব্ৰুগড়ত বৰুৱা প্ৰেছ' নামৰ এটি প্ৰেছ স্থাপন কৰিছিল। বৰুৱাই এই প্রত্যাহবান হণ কৰিলে। সেই সময়ৰ মাইজান চাহ বাগিছাৰ অধীক্ষক আৰ জি বয়লীয়ে কাকতখনৰ বাবে তিনিটা নাম দিলে ঃ নিউ ষ্টেটমেন, আসাম নিউজ আৰু দি আসাম টিবিউন।। ৰাধাগােবিন্দ বৰুৱাই শেষৰ নামটো পছন্দ কৰি দি আসাম ট্রিবিউন’ নামৰ


এখনি সাপ্তাহিক ইংৰাজী কাকত প্ৰকাশৰ কামত ব্যস্ত হৈ পৰে। সেই মতে ১৯৩৯ চনৰ ৪ আগষ্টৰ পৰা কাকতখন প্রকাশ পায়। ১৯৪৬ চনৰ ১৪ আগষ্টৰ পৰা কাকতখন গুৱাহাটীৰ পৰা প্রকাশ পাবলৈ ধৰে। ১৯৪৬ চনৰ ৩০ছেপ্টেম্বৰৰ পৰা সাপ্তাহিক কাকতখন দৈনিক কাকত হিচাপে প্রকাশ পাবলৈ লয়। উল্লেখযােগ্য ‘দি আসাম ট্রিবিউন' নামৰ দৈনিক ইংৰাজী কাকতখনেই হ’ল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্রথম ইংৰাজী দৈনিক।

ইয়াতেই ক্ষান্তনাথাকি ৰাধাগােবিন্দ বৰুৱাই ১৯৫৫ চনৰ এক জুলাইত ‘অসমবাণী নামৰ এখন সাপ্তাহিক অসমীয়া কাকতৰ জন্ম দিয়ে। ১৯৬৫ চনত ৰাধাগােবিন্দ বৰুৱাৰ দক্ষ পৰিচালনাত জন্ম হৈছিল আন এখন অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক অসম’ | ইয়াৰ উপৰি তেওঁৰ নেতৃত্বতেই ১৯৪৯ চনত সাহিত্য প্রকাশ’ নামৰ এটি প্রকাশন প্রতিষ্ঠানৰ জন্ম হৈছিল।

ৰাধাগােবিন্দ বৰুৱা আছিল এজন দক্ষ খেলুৱৈ। তেওঁৰ নেতৃত্বতেই গুৱাহাটী টাউন ক্লাৱ এটি অনন্য ফুটবল দল হিচাপে গঢ়ি উঠিছিল। অসমৰ বিভিন্ন প্রান্ত পৰা খেলুৱৈ সংগ্রহ কৰি আনি তেওঁ এই দল গঠন কৰিছিল। আনকি ভালেকেইজন খেলুৱৈক তেওঁ আসাম ট্রিবিউনত চাকৰিও দিছিল। গুৱাহাটী টাউন ক্লাৱৰ সভাপতি হােৱাৰ লগতে বৰুৱাই গুৱাহাটী স্পৰ্টছ এছােচিয়েচনৰাে সভাপতি পদ অলংকৃত কৰিছিল। ৰাধাগােবিন্দ বৰুৱাৰ আশাশুধীয়া আৰু একক প্রচেষ্টাৰ ফলতেই গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম গঢ় লৈ উঠিছিল। ১৯৬২ চনৰ ১৬ জুলাইত এই ষ্টেডিয়ামখন মুকলি কৰা হয় ।

সংস্কৃতিৰ ক্ষেত্ৰতাে ৰাধাগােবিন্দ বৰুৱাৰ অৱদান কম নহয়। তেওঁ দুখন কথা ছবিতে অভিনয় কৰিছিল। তেওঁৰ উদ্যোগতে ১৯৫২ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰথম মঞ্চ বিহুৰ আৰম্ভণি হৈছিল। বিহুৰ লগতে বিভিন্ন প্রতিযােগিতাৰ আয়ােজন কৰাত তেওঁ গুৰুত্ব আৰােপ কৰিছিল। অসমত ৰাজ্যিক ভিত্তিত সংগীত প্রতিযােগিতা পতাৰ ক্ষেত্ৰতাে তেওঁ বাটকটীয়া আছিল। ১৯২৩ চনত ডিব্ৰুগড়ত ইম্পেৰিয়েল বেংকৰ শাখা (বর্তমান ষ্টেট বেংক) স্থাপনত ৰাধাগােবিন্দ বৰুৱাই আগভাগ লৈছিল। ১৯৫৮ চনত আসাম ফ্লায়িং ক্লাব, আসাম ৰাইফল ক্লাব গঠনতাে ৰাধাগােবিন্দ বৰুৱাৰ বিশেষ অৱদান আছিল । গুৱাহাটীত চাহ নিলাম কেন্দ্র স্থাপনৰ


শ্ৰ অসমীয়াৰ জীৱনী/৬s

ক্ষেত্ৰতাে তেওঁ বাটকটীয়া আছিল।

জীৱনৰ শেষৰ ফালে ১৯৭৪-৭৫ চনত তেওঁ গুৱাহাটীৰ মেয়ৰ হয়। তেৱেঁই আছিল গুৱাহাটীৰ পৌৰ নিগমৰ প্রথম মেয়ৰ। অলপ দিনৰ বাবে এই দায়িত্বত থাকিও গুৱাহাটীৰ সৌন্দর্য বর্ধনৰ বাবে তেওঁ ভালেমান পদক্ষেপ লৈছিল। ১৯৭৭ চনৰ ১৫ জুলাইত তেওঁ ইহলীলা সম্বৰণ কৰে।

প্রকৃতার্থতি ক'বলৈ গ'লে ৰাধাগােবিন্দ বৰুৱা আধুনিক অসমৰ খনিকৰ। তেওঁ নিজৰ কঠোৰ শ্ৰম, অধ্যবসায়, দূৰদৃষ্টিয়ে অসমৰ বাৰ্তৰ কাকত উদ্যোগক এক নতুন মাত্রা প্রদান কৰি থৈ গৈছে।

Post a Comment

0 Comments