২০২২'ৰ অংশগ্ৰহনকাৰী IPL দলৰ তালিকা

 ২০২২'ৰ অংশগ্ৰহনকাৰী IPL দলৰ তালিকা

২০২২ বৰ্ষৰ ১৫ তম আই পি এলত মুঠ ১০ টা দলে যুঁজ দিছে। যেতিয়া ২০০৮ চনত আই পি এল আৰম্ভ হৈছিল, তেতিয়া মুঠ আঠটা দল আছিল। পাছলৈ ১০ টা দল হৈছিল যদিওঁ আই পি এল পাছত পুনৰ ৮ টা দলৰ  ফৰ্মেটলৈ ঘূৰি আহিছিল ।  কেইবছৰমান সেই ফৰ্মেটত খেলাৰ পিছত, 2022 চনৰ পৰা পুনৰ 10-দলৰ আই পি এল আৰম্ভ হৈছে আৰু এইবাৰ নিয়মবোৰো বহুত সলনি হৈছে। আনহাতে বৃহৎ নিলামৰ পিছত দলবোৰতো যথেষ্ট পৰিৱৰ্তন হৈছে। যদিও কেইজনমান পুৰণি খেলুৱৈ আছে, কিন্তু বহুতো নতুন খেলুৱৈ প্ৰৱেশ ঘটিছে । প্ৰতিটো দলে ৰণনীতি প্ৰস্তুত কৰিছে। ইয়াৰ মাজতে, চেন্নাই চুপাৰ কিংছৰ আই পি এলত আটাইতকৈ সফল হোৱাৰ সুযোগ আছে বুলি এক্সপাৰ্টে মত প্ৰকাশ কৰিছে । চেন্নাইয়ে এতিয়ালৈকে চাৰিবাৰ আই পি এল ট্ৰফী জিকিছে আৰু পাঁচবাৰ  মুম্বাই ইণ্ডিয়ানছে চেম্পিয়ন হৈছে । ২০০৮ চনৰ আই পি এল ত বিজয়ী ৰাজস্থান ৰয়েলছে এইবাৰ এটা শক্তিশালী দল গঠন কৰিছে। কিন্তু কলকাতা নাইট ৰাইডাৰ, ছানৰাইজাৰ্ছ হায়দৰাবাদ দলৰো ভেটি মজবুত আছে ।    ইফালে, ট্ৰফীৰ পৰা বঞ্চিত  ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু পাঞ্জাৱ কিংছে 'নতুন আৰম্ভণি' কৰিবলৈ প্ৰস্তুত হৈছে । আৰু লক্ষ্ণৌ চুপাৰ জায়ান্টছে প্ৰথম বৰ্ষতে ধুমধাম খেল প্ৰদৰ্শন কৰাৰ লক্ষ্য কৰিছে ।

আহক এতিয়া আমি জানো ২০২২ বৰ্ষত আই পি এল'ত অংশগ্ৰহন কৰা দলৰ সমুহৰ নাম - 




1 - CSK
চেন্নাই চুপাৰ কিংছ

2 - DC
দিল্লী কেপেটেল

3 - GT
গুজৰাট টাইটানচ

4 - MI
মুম্বাই ইণ্ডিয়ানছ

5 - KKR
কলকাতা নাইট ৰাইডাৰ্ছ

6 - SRS
ছানৰাইজাৰ্ছ হায়দৰাবাদ

7 - PBKS
পাঞ্জাৱ কিংছ

8 - LSG
লক্ষ্ণৌ চুপাৰ জায়ান্টচ

9 - RCB
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ

10 - RR
ৰাজস্থান ৰয়েলছ

Post a Comment

0 Comments