প্রথম ভাৰতীয় নােবেল বঁটা বিজয়ী ছাৰ চি ভি ৰমণ

প্রথম ভাৰতীয় নােবেল বঁটা বিজয়ী ছাৰ চি ভি ৰমণ


চি ভি ৰমণ



চি ভি ৰমণ সংক্ষিপ্ত নাম। আচল নাম চন্দ্রশেখৰ ভেংকট ৰমণ নােবেল বঁটা বিজয়ী প্রথম ভাৰতীয় বিজ্ঞানী। সেই সময়ত বিজ্ঞান চর্চা তেনেই সীমিত আছিল। গৱেষণাৰ সা-সুবিধাও আছিল তেনেই চালুকীয়া। তেনে সময়তে তেওঁ বিশ্বত চমক লগাইছিল। নােবেল বঁটা গ্রহণ কৰি ভাৰতত ইতিহাস ৰচনা কৰিছিল। আচৰিত কথা, তেওঁ আছিল ‘বিত্ত’ বিভাগৰ বিষয়া। ভাৰতীয় বিত্ত বিভাগত প্রতিযােগিতামূলক পৰীক্ষাত প্রথম স্থান লাভ কৰি কলিকতাত (বর্তমান কলকাতা) সহকাৰী মহাগাণনিক (Assistant Accountant General) পদ লাভ কৰিছিল।


চি ভি ৰমণৰ জন্ম হয় ১৮৮৮ চনৰ ৭ নৱেম্বৰত। পিতৃ চন্দ্ৰশেখৰ আয়াৰ স্কুলৰ শিক্ষক আছিল। ছাত্ৰ অৱস্থাৰ পৰা অতি মেধাৱী ৰমণে ১৯০৫ চনত মাদ্ৰাজৰ প্ৰেছিডেন্সি কলেজৰ পৰা বিজ্ঞানত প্রথম স্থান লাভ কৰিছিল। ছাত্ৰ অৱস্থাৰপৰা গৱেষণামূলক প্রবন্ধ লিখি দেশ-বিদেশৰ বিজ্ঞানীসকলৰ দৃষ্টি আকর্ষণ কৰিছিল। সেই সময়ত কলিকতাত গঢ় লৈ TSY 'Indian Association for Cultivation of Science alara অনুষ্ঠানটোৰ পৃষ্ঠপােষক আছিল বংগদেশৰ বিখ্যাত চিকিৎসক ডাঃ মহেন্দ্রলাল সৰকাৰ। ৰমণে এই অনুষ্ঠানটোৰ জৰিয়তে চাকৰিৰ গুৰুদায়িত্ব পালনৰ উপৰি গৱেষণা কৰাৰ সুবিধা পাইছিল। ইতিমধ্যে ৰমণৰ সােতটা গৱেষণামূলক প্রবন্ধ আন্তঃৰাষ্ট্ৰীয় পত্রিকাত প্ৰকাশ পাইছিল।


চি ভি ৰমণৰ গৱেষণা আৰু প্রতিভাত মুগ্ধ বিদ্বৎ মণ্ডলীৰ ভিতৰত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্য আশুতােষ মুখার্জীয়ে বিশ্ববিদ্যালয়ত ‘পালিত অধ্যাপক’ৰ পদ সৃষ্টি কৰি ৰমণক নিযুক্তি দিছিল। ১৯১৭ চনত তেওঁ মহাগাণনিকৰ পদ ত্যাগ কৰি কলিকতা বিশ্ববিদ্যালয়ত যােগ দিয়ে। সেই সময়ত কলিকতা বিশ্ববিদ্যালয় বিজ্ঞান চর্চাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে আগবঢ়া আছিল। ৰমণৰ উপৰি সত্যেন্দ্রনাথ বসু, ড° মেঘনাদ সাহা আৰু বহুকেইজন বিশ্ববিখ্যাত বিজ্ঞানীয়ে কলিকতা বিশ্ববিদ্যালয়লৈ প্ৰভূত অৰিহণা যােগাইছিল।


১৯৩০ চনত চি ভি ৰমণক নােবেল বঁটা প্ৰদান কৰি ভাৰতবৰ্ষৰ পদার্থ বিজ্ঞানৰ গৱেষণাক স্বীকৃতি প্রদান কৰা হৈছিল। তেওঁ হ’ল নােবেল বঁটা বিজয়ী প্রথমগৰাকী ভাৰতীয় বিজ্ঞানী। মাত্র দুই টকাৰ সা-সঁজুলি যেনে— ‘পাৰাৰ ছাটি আৰু বৰ্ণালী বীক্ষণ যন্ত্র কিনি লৈ কলিকতা বিশ্ববিদ্যালয়ৰ সৰু কোঠা এটাত তেওঁ আৰু তেওঁৰ সহকাৰীসকলে গৱেষণা আৰম্ভ কৰে। সেই গৱেষণাৰ ফল ৰমণ এফেক্ট’।‘পােহৰৰ বিচ্ছুৰণ’ আৱিষ্কাৰ কৰিয়েই চি ভি ৰমণে নােবেল বঁটা লাভ কৰে। এটা কোঠাত পােহৰ পৰিলে ধূলিকণাৰ দ্বাৰা বিচ্ছুৰিত হৈ পােহৰ আমাৰ চকুত পৰে। ৰমণ এফেক্ট বা ৰমণ প্রক্রিয়াৰ আৱিষ্কাৰক চি ভি ৰমণ পদার্থ বিজ্ঞানৰ নােবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়ই নহয়, প্রথমজন ‘এছীয় বিজ্ঞানী'ও। তেওঁ চাৰিশৰাে অধিক গৱেষণামূলক প্রবন্ধ লিখিছিল।


১৯৫৪ চনত ৰমণক ভাৰতৰ শ্রেষ্ঠ সন্মান ‘ভাৰত ৰত্ন’ প্রদান কৰে। ১৭ বছৰ বয়সতে এম এছ চি পঢ়ি থাকোতেই লণ্ডনৰ গৱেষণামূলক Philosophical Magazineত প্রবন্ধ লিখি বিখ্যাত হৈ পৰিছিল।


ৰমণৰ আসন বিশ্বৰ বৰেণ্য বিজ্ঞানীসকলৰ ভিতৰত প্রথম শাৰীত। ১৯৩০ চনত তেওঁ ‘নােবেল বঁটাৰে ভাৰতৰ সর্বশ্রেষ্ঠ বিজ্ঞানবিদৰ স্বীকৃতি পােৱাৰ উপৰিও ১৯২৯ চনত ইংলেণ্ডৰ নাইট’ উপাধি, ৰােমৰ মাটেক্সি মেডেল’, ৰয়েল ছ'চাইটিৰ ‘হিউজেছ মেডেল’, ১৯৫৭ চনত মস্কোৰ ‘লেনিন প্রাইজ’ আদি উল্লেখযােগ্য। ৰমণ ভাৰতৰ অভূতপূর্ব বৈজ্ঞানিক সন্মান পােৱা বিজ্ঞানী।


জীৱনৰ অন্তিম কালছােৱা ৰমণে বাংগালােৰতে (বর্তমান বেংগালুৰু) থাকিবলৈ লয়। ভাৰত ৰত্ন’ লাভ কৰা প্রথম বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমণৰ ১৯৭০ চনত ৮২ বছৰ বয়সত মৃত্যু হয়।




Post a Comment

0 Comments