ৰুদ্ৰসিংহৰ জীৱন কাহিনী

ৰুদ্ৰসিংহৰ জীৱন কাহিনী



ৰুদ্ৰসিংহ আহােম ৰজাসকলৰ ভিতৰত সর্বশ্রেষ্ঠ আছিল। তেওঁৰ বাল্যকালৰ নাম আছিল লাই। পিতৃ গদাধৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ ১৬৯৬ খৃষ্টাব্দত আহােম মতে চাংফা আৰু হিন্দুমতে ৰুদ্ৰসিংহ নাম লৈ সিংহাসনত বহে। ৰুদ্ৰসিংহই প্রায় ১৮ বছৰ কাল ৰাজত্ব কৰে।

সিংহাসনত বহিয়েই গদাধৰ সিংহই নির্যাতন দিয়া গোঁসাই, মহন্তক মাজুলীত সংস্থাপিত কৰে। ৰুদ্ৰসিংহই তেওঁৰ ৰাজত্বকালত কছাৰী আৰু জয়ন্তীয়াসকলক পৰাস্ত কৰি বিশ্বনাথত দৰবাৰ পাতে। ৰুদ্ৰসিংহই তেওঁৰ ৰাজত্বৰ শেষৰফালে বংগদেশ আক্ৰমণ কৰিব বিচাৰে যদিও যুদ্ধৰ প্রস্তুতি কৰি থকাৰ সময়তেই ১৭১৪ খ্রীষ্টাব্দত আঠদিনীয়া নৰিয়াত পৰি ৰুদ্ৰসিংহৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ উত্তৰ গুৱাহাটীৰ বাহৰত যুদ্ধৰ যা-যােগাৰ কৰি আছিল।

ৰুদ্ৰসিংহই বৈৰাগী নামৰ এটা খেল সৃষ্টি কৰিছিল। বৈৰাগীসকলে ভেশচন কৰি দেশ-বিদেশলৈ গৈ সেই দেশসমূহৰ সাজ-পাৰ, ৰীতি-নীতি, আ-অলংকাৰ আদি কথা জানি ৰজাক বিৱৰণ দিব লাগিছিল। ভাল বুলি বিবেচনা কৰিলে ৰজাই সেইবােৰ নিজ ৰাজ্যত প্ৰৱৰ্তন কৰিছিল। ৰাজকার্য পৰিচালনাৰ সুবিধার্থে ৰুদ্ৰসিংহই কাকতি, কটকী, খাউণ্ড আৰু দলৈ নামৰ আন চাৰিটা খেলৰ সৃষ্টি কৰিছিল। কাকতিসকলে ধন হিচাপ ৰখা, কটকীসকলে ৰজাৰ চিঠি-পত্র অন্যৰাজলৈ নিয়া, খাউণ্ডসকলে ৰজা বা ডা-ডাঙৰীয়াৰ অস্থি পবিত্র গংগাত বিসর্জন দিয়া আৰু দলৈ সকলে জ্যোতিষ শাস্ত্র গণনা কৰি ৰজাক ভাল-বেয়া ক’ব লাগিছিল।

ৰুদ্ৰসিংহ অশিক্ষিত আছিল। কিন্তু তেওঁ বিদ্যানুৰাগী আছিল। তেওঁ সাহিত্য আৰু সংগীতৰ উৎকর্ষ সাধনৰ বাবে পৃষ্ঠপােষকতা কৰিছিল। তেওঁৰ ৰাজসভাত কোজনাে বিদগ্ধ পণ্ডিত আৰু কবি আছিল। তেওঁলােকৰ ভিতৰত কবিৰাজ চক্ৰৱৰ্ত্তীৰ নাম উল্লেখযােগ্য। তেওঁ আনকি ব্রাহ্মণৰ ল’ৰা বিলাকক বংগ আৰু বিহাৰত থকা উচ্চ শিক্ষাৰ কেন্দ্ৰবােৰলৈ শাস্ত্ৰৰ জ্ঞান অর্জনৰ বাবে পঠাইছিল আৰু অসমত টোল আদি স্থাপন কৰিছিল। তেওঁ পণ্ডিত সর্বানন্দক পুৰস্কাৰ দি সন্মানিত কৰিছিল। আনকি মােগল সকলৰ সংগীতৰ প্রশিক্ষণ লাভৰ বাবে অসমৰ পৰা দিল্লীলৈ মানুহ পঠোৱাৰাে তেওঁ ব্যৱস্থা কৰিছিল। তেওঁ অসমৰ সত্ৰ সমূহত প্রচলিত নাট-ভাওনা, সত্ৰীয়া গীতমাত, নৃত আদিৰাে উন্নতিৰ হকে বৰঙণি যােগাইছিল।

শিৱসাগৰৰ সাতমহলীয়া কাৰেংঘৰ আৰু তলাতল ঘৰৰ পূব অংশটো ৰুদ্ৰসিংহৰ দিনতেই সজোৱা হৈছিল। মাতৃ সতী জয়মতীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ জয়সাগৰ পুখুৰী খন্দায় আৰু জয়দ’ল সাজে। তেওঁৰ দিনতেই ডিমৌৰ শিলৰ সাঁকো, নামদাঙৰ সাঁকো, ৰংপুৰৰ ৰংনাথ শিৱদ’ল, ফাকুৱা দ’ল আদি নির্মাণ কৰা হয়। মেটেকাৰ আলি আৰু খৰিকটীয়া আলিও তেওঁৰ দিনতেই নির্মাণ কৰা হয়।

ৰুদ্ৰসিংহই পােন প্রথমে ৰংঘৰৰ বাকৰিত সাতদিনীয়া মুকলি বিহু পাতিছিল। বিহুৰ লগতে ম'হ যুঁজ, কুকুৰা যুঁজ, শেন কনুৱা যুঁজ আৰু মল্ল যুঁজ আদিৰ ব্যৱস্থা কৰিছিল। ৰুদ্ৰসিংহই প্রথমতে বাঁহ আৰু কাঠেৰে ৰূপহী পথাৰত ৰংঘৰটো সজাইছিল। খেলা-ধূলাৰ উৎকর্ষ সাধনৰ বাবে ৰুদ্ৰসিংহই শেনছােৱা বৰুৱা নামৰ এক শ্রেণীৰ বিষয়াৰ সৃষ্টি কৰিছিল। এই শ্রেণীৰ বিষয়া সকলে শেন চৰাইবােৰক খেলৰ প্রশিক্ষণ দিছিল।

ৰুদ্ৰসিংহ শাক্ত আছিল। কথিত আছে যে ৰজা ৰুদ্ৰসিংহই বংগদেশৰ নদিয়া জিলাৰ কৃষ্ণৰাম ভট্টাচার্য ন্যায়বাগীশৰ ওচৰত শৰণ ল’বলৈ তেওঁক মাতি আনি শৰণ ল’বলৈ অস্বীকাৰ কৰি পুনৰ বংগলৈ ঘূৰাই পঠাইছিল। তাৰ কেইদিনমানৰ পিছতেই অসমত এটা ডাঙৰ ভূঁইকপ হৈছিল। ৰজাইন্যায়বাগীশৰ শপত এনে হােৱা বুলি ভাবি ন্যায়বাগীশক পুনৰ অসমলৈ মতাই আনি কামাখ্যাত মাটিবাৰী দি স্থাপিত কৰে।


Post a Comment

0 Comments