ড° জাকিৰ হুছেইনৰ জীৱন কাহিনী - life story of zakir husain

ড° জাকিৰ হুছেইনৰ জীৱন কাহিনী



বিদগ্ধ পণ্ডিত, ৰাজনীতিবিদ, দার্শনিক ড° জাকিৰ হুছেইন হৈছেভাৰতৰ তৃতীয় গৰাকী ৰাষ্ট্রপতি।

১৮৯৭ চন১৮ ফ্রেব্রুৱাৰী তাৰিখে হাইদৰাবাদত জাকিৰ হুছেইনে জন্ম গ্রহণ কৰিছিল। তেওঁৰ পিতাক মুছলিম সম্প্রদায়ৰ আফগান পৰিয়ালৰ লােক আছিল। জাকিৰ হুছেইনৰ ৯ বছৰ বয়সতে পিতাকৰ মৃত্যু হয়। পিতাকৰ মৃত্যুৰ পাছত তেওঁলােকৰ পৰিয়ালটো উত্তৰ প্ৰদেশৰ ইটোৱা নামৰ এখন ঠাইলৈ উঠি আহে। তাতে শিক্ষা জীৱনৰ পাতনি মেলে। তেওঁ ইটোৱাৰ ইছলামীয় হাইস্কুলৰ পৰা শেষ পৰীক্ষাত উৰ্ত্তীণহৈ ১৯১১ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ভৰ্ত্তি হয়। বিশ্ববিদ্যালয়ত থাকোতেই নিজৰ বাগ্মীতাৰ কাৰণে জনপ্রিয় ছাত্রনেতা হিচাপে পৰিগণিত হৈছিল।

এদিন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰাই এম, এ ডিগ্রী লাভ কৰিছিল । জার্মানিৰ বার্লিন বিশ্ববিদ্যালয়ৰ পৰা ১৯২৬ চনত সাহিত্য আৰু দর্শন’ বিষয়ত অধ্যয়ন কৰি ডি, ফিল উপাধি লাভ কৰে। এলাহাবাদ, আলিগড়, কলিকতা, দিল্লী, কহিৰাে আদি বিশ্ববিদ্যালয় সমূহে তেখেতক ডি, লিট উপাধিয়ে সম্মানিত কৰিছিল। তেওঁ পৃথিৱীৰ বিভিন্ন শিক্ষা পদ্ধতিৰ বুজলৈ বিদেশৰ আৰ্হিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা চলাইছিল। মহাত্মা গান্ধীৰ সহযােগী হিচাপে বুনিয়াদী শিক্ষা প্রসাৰৰ বাবে যত্ন কৰিছিল আৰু এই সম্পকে দিল্লীত এখন আদর্শ বিশ্ববিদ্যালয় “জামিয়া মিলিয়া” উদ্যোগ প্রতিষ্ঠা কৰিছিল। এই অনুস্থানত প্রথমে উপাচাৰ্য আৰু পিছলৈ আচাৰ্য্য হিচাপে কাৰ্যনিবাহ কৰিছিল।

১৯৪৮ চনত ডঃ জাকিৰ হুছেইন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচার্য্য মনােনীত হৈছিল। সেই বছৰেই তেওঁক পণ্ডিত জৱহাৰলাল নেহেৰুৱে ৰাজ্য সভাৰ সদস্য ৰূপে মনােনীত কৰে। ১৯৫৭ চনত জেনেভাত অনুস্থিত হােৱা আন্তঃ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় সমাৰােহত ডঃ জাকিৰ হুছেইন ছেয়াৰমেন ৰূপে নিযুক্ত হৈছিল। ইউনেস্কোৰকাৰ্যনির্বাহক সদস্য নিয়ােজিত হৈছিল। তেওঁ বিহাৰৰ ৰাজ্যপালাে আছিল।

১৯৬২ চনত ডঃ হুছেইনে ভাৰতৰ উপ-ৰাষ্ট্রপতি পদত অধিস্থিত হৈছিল। সেই সময়ত কংগ্ৰেছ পার্লামেন্টৰী বৰ্ডত নানা খেলিমেলিৰ উদ্ধৱ হৈছিল। কাৰণ ভাৰতবৰ্ষখন হ’ল হিন্দু ধৰ্ম্মীয়লােকৰ বাসভূমি দেশ। এনে এখন দেশত মুছলমান সম্প্রদায়ৰ এজনলােক ৰাষ্ট্রপ্রধান হ’ব । ভাৰতৰ কোটি কোটি হিন্দু ধর্মীয় জনতাক এজন মুছলমান ধর্মীয়লােকে শাসন কৰিব । কিন্তু ভাৰতবর্ষ আছিল ধৰ্মনিৰপেক্ষ, সমাজবাদী সার্বভৌম গণৰাজ্য । গতিকে যিকোনাে ধৰ্ম্মৰ মানুহেই ভাৰতৰ ৰাজনীতিত নামিব পাৰিব। সেই কাৰণেই ডঃ জাকিৰ হুছেইনে ভাৰতৰ উপৰাষ্ট্রপতি হ’ব পাৰিছিল।

আকৌ ১৯৬৭ চনত ৰাষ্ট্রপতি নির্বাচনত কংগ্ৰেছ দলৰ পৰা ডঃ জাকিৰ হুছেইন নির্বাচিত হয়। তেওঁ এজন নিঃস্বার্থ দেশসেৱক আছিল । তেখেতৰ বিশাল প্রতিভাৰ কাৰণে ভাৰত চৰকাৰে ১৯৫৪ চনত “পদ্মবিভূষণ” উপাধিৰে বিভূষিত কৰে। ১৯৬৩ চনত ভাৰতৰ সবের্বাচ্চ সম্মান “ভাৰতৰত্ন” সন্মানেৰে সন্মানিত কৰিছিল।

তেখেত এজন সাহিত্যিক আৰু সুবক্তা ৰূপেও পৰিচিত আছিল । তেওঁ ভালেমান শিশু উপযােগী গ্রন্থ ৰচনা কৰিছিল। কেপিটেলিজিম এডুকেচনেল কিনষ্ট্রাঞ্চন ইণ্ডিয়া আৰু দি ডাইনেমিক ইউনিভাৰচিটি নামৰ গ্ৰন্থ দুখনেই তেখেতৰ ৰচনা ৰাজিৰ ভিতৰত শ্রেষ্ঠ । ইয়াৰ উপৰিও সংগীত আৰু চিত্র কলাৰ প্রতি অনুৰাগ আছিল।

এইজনা মহান ৰাজনীতিজ্ঞ ব্যক্তিৰ ১৯৬৯ চনৰ ৩ মে’ তাৰিখে পৰলােক প্রাপ্তি ঘটে।

Post a Comment

0 Comments