Computerৰ বিষয়ে কিছুমান অদ্ভুদ তথ্য জানো আহক

Computerৰ বিষয়ে কিছুমান অদ্ভুদ তথ্য জানো আহক


1. বিশ্বৰ ৮৬ শতাংশ লোকে কম্পিউটাৰত USB ওলোটাকৈ লগাবলৈ প্ৰথমে চেষ্টা কৰে।

2.  কম্পিউটাৰৰ মাউচটো প্ৰথমে তৈয়াৰ কৰা হৈছিল  কাঠেৰে ।

3. সাধাৰণতে এজন ব্যক্তিয়ে ১ মিনিটত 20 বাৰ চকুৰ পতা জপায় কিন্তু কম্পিউটাৰৰ সন্মুখত বহিলে ১ মিনিট সময়ত মাত্ৰ 7 বাৰহে চকুৰ পতা জপায় ।

4. প্ৰতি 10 টা চুপাৰ কম্পিউটাৰ (super computer) ভিতৰত 9 টা windowsৰ পৰিৱৰ্তে linuxত চলি থাকে। গুগল, আমাজন, ফেচবুক, টুইটাৰ সকলোৱে লিনাক্সত চলি আছে।

5. 2034 চনৰ ভিতৰত, বিশ্বৰ 47% চাকৰি কৰা লোকৰ কাম কম্পিউটাৰে নিজে কৰা আৰম্ভ কৰিব। অৰ্থাৎ 47% চাকৰি কৰা লোকৰ চাকৰি খাব কম্পিউটাৰে ।

6. আপুনি জানি আচৰিত হ'ব যে 1968 ৰ পৰা 1976 চনলৈ, 8 বছৰৰ বাবে আমেৰিকা যুক্তৰাষ্টৰ পাৰমাণৱিক মিছাইল উৎক্ষেপণ কৰা কম্পিউটাৰটোৰ নিয়ন্ত্ৰণৰ পাছৱৰ্ডটো আছিল 00000000 । 

7. যদি কম্পিউটাৰ এটা মানুহৰ মনৰ দৰে শক্তিশালী হয়, ই প্ৰতি ছেকেণ্ডত প্ৰায় 40 নিযুত অপাৰেচন কৰিব পাৰিব আৰু 35 লাখ জিবিতকৈ অধিক মেমৰি সংৰক্ষণ কৰিব পাৰিব।

8. Windows আৰম্ভ হওঁতে যি চাউণ্ড আহে এইয়া Apple Mac ব্যৱহাৰ কৰি বনোৱা হৈছে ।

9. বিশ্বত আজিৰ তাৰিখলৈ এনেকুৱা এটাওঁ কম্পিউটাৰ নিৰ্মান হোৱা নাই যিয়ে Captcha স্বয়ংক্ৰিয়ভাৱে সমাধান কৰিব পাৰে।

10. সংস্কৃতক কম্পিউটাৰ ছফ্টৱেৰৰ বাবে সৰ্বশ্ৰেষ্ঠ ভাষা বুলি গণ্য কৰা হয়।

11. বিল গেটছৰ ঘৰটোৰ মেপ এপলৰ 'Macintosh' কম্পিউটাৰৰ পৰা ডিজাইন কৰা হৈছিল।

12. 1979 চনত সৃষ্টি কৰা বিশ্বৰ প্ৰথম হাৰ্ড ডিস্কে (Hard Disk) কেৱল 5 MB ডাটাহে সংৰক্ষণ কৰিব পাৰিছিল । 

13. প্ৰথম 1 GBৰ চাইজৰ হাৰ্ড ডিস্কৰ ওজনটো এটা ঘৰিয়ালৰ ওজনৰ সমতুল্য আছিল আৰু ইয়াৰ মূল্য আছিল $40,000 । আৰু এইটো ১৯৮০ চনত নিৰ্মাণ কৰা হৈছিল।

14. 1 TB অৰ্থাৎ 1000 GBৰ প্ৰথম হাৰ্ড ডিস্ক বনাইছিল Hitachi কোম্পানীয়ে । আৰু ইয়াক  তৈয়াৰ কৰা হৈছিল ২০০৭ চনত ।

15. প্ৰথম micro processor ১৯৭১ চনত Intel কোম্পানীৰ দ্বাৰা নিৰ্মান কৰা হৈছিল। Intel 4004 নামৰ প্ৰচেছৰটো সৰ্বাধিক 740KHz ঘড়ীৰ হাৰৰ সৈতে কেলকুলেটৰৰ বাবে ডিজাইন কৰা হৈছিল।

16. 1950চনত  কম্পিউটাৰক "ইলেক্ট্ৰনিক মস্তিষ্ক" (Electronic Brains) বুলি কোৱা হৈছিল।

17. কম্পিউটাৰে প্ৰতি মাহে প্ৰায় 6,000 নতুন  ভাইৰাছ সৃষ্টি কৰে ।

18. কম্পিউটাৰ শব্দটো ইংৰাজী ভাষাৰ শব্দ 'Compute' ৰ পৰা উদ্ভৱ হৈছিল যাৰ অৰ্থ হৈছে 'গণনা কৰা'।

19. আপুনি জানি আচৰিত হ'ব যে প্ৰথম কম্পিউটাৰ bugটো এটা মৃত কীট আছিল।

20. বিশ্বৰ প্ৰথম কম্পিউটাৰ প্ৰগ্ৰামটো এডচ লাভলেছ (Ads Lovelace) নামৰ এগৰাকী মহিলাৰ দ্বাৰা লিখা হৈছিল।

21. কম্পিউটাৰত থকা তাচ গেম  'Solitaire' প্ৰথমে 1990 চনত  কম্পিউটাৰত অন্তৰ্ভুক্ত কৰা হৈছিল।

Post a Comment

0 Comments