VPN কি ? আৰু ইয়াক মবাইলত কিয় প্ৰয়োজন ?

VPN ৰ অৰ্থ হৈছে Virtual Private Network (ভাৰ্চুৱেল ব্যক্তিগত নেটৱৰ্ক)। আপুনি যেতিয়া ইণ্টাৰনেট ব্যৱহাৰ কৰে তেতিয়া দেখা যায় যে VPN-এ আপোনাৰ বাবে এটা সুৰক্ষিত connection বা সংযোগ সৃষ্টি কৰি  আপোনাক সুৰক্ষিত কৰি ৰাখে  । 

আপোনালোকে সকলোৱে জানে, আমি ইণ্টাৰনেটত বহুতো প্লেটফৰ্ম'ত ব্যৱহাৰ কৰোঁ যেনে ইউটিউব, হোৱাটচএপ, যিকোনো চিনেমা বা সংগীত ৱেবছাইট, বা আন যিকোনো ৱেবছাইট । আৰু এইবোৰ ব্যৱহাৰ কৰোতে দেখা যায় যে কেতিয়াবা এই ৱেবচাইটবোৰত আমি আমাৰ ব্যক্তিগত বিৱৰণ প্ৰদান কৰিব লগাওঁ হয় । আৰু এই ব্যক্তিগত বিৱৰণবোৰ হৈছে যেনে - ফোন নম্বৰ, ইমেইল বা কেতিয়াবা ঘৰৰ  address ওঁ দিব লগা হয় । আৰু ইয়াৰ ওপৰিও এমাজন প্ৰাইম নেটফ্লিক্স আদি  OTT প্লেটফৰ্ম'ত আমাৰ বেংক একাউন্ট  detailsওঁ দিব লগা হয় । আৰু এনে ক্ষেত্ৰত ইণ্টাৰনেটত আমাৰ বাবে কেতিয়াবা  সুৰক্ষিত নোহোৱাৰ সম্ভাৱনাওঁ আহি পৰে  । অৰ্থাৎ আমি প্ৰদান কৰা ব্যক্তিগত তথ্য যিকোনো হেকাৰ বা স্নুপাৰে আমাৰ পৰা চুৰি কৰাৰ সম্ভাৱনা থাকে ।  ইয়াৰ উপৰিও, আমি বহুবাৰ ইণ্টাৰনেটত কিছুমান কাৰ্যকলাপৰ বাবে আমাক গোপনীয়তাৰো প্ৰয়োজন হয় । আমি নিবিচাৰো যে কোনোবাই আমাৰ ওপৰত চকু ৰাখক আমি ইন্টাৰনেটত কি কৰি আছো । আৰু এনেবোৰ অসুবিধা আতৰাবৰ বাবে বা আমি ইণ্টাৰনেটৰ ওপৰত আমাৰ সুৰক্ষা আৰু গোপনীয়তা নিশ্চিত কৰিবৰ বাবেই VPN ব্যৱহাৰ কৰিব লাগে । মুলতঃ VPN হৈছে এক প্ৰকাৰৰ এনক্ৰিপ্ট কৰা সংযোগ যি আপোনাক ইণ্টাৰনেটত আপোনাৰ গোপনীয়তা সুৰক্ষিত কৰি ৰাখে ।

আনহাতে যেতিয়া আপুনি ইণ্টাৰনেটত যিকোনো প্লেটফৰ্ম ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ IP addressৰ জৰিয়তে ৱেবচাইট প্ৰদানকাৰীয়ে  আপোনাৰ  location জানিব পাৰে আৰু আপোনাৰ location বেলেগলৈ  forward কৰিব পাৰে । কিন্তু যেতিয়া আপুনি VPN ব্যৱহাৰ কৰে, তেতিয়া আপোনাৰ ঠিকনা বা location  ধৰাটো কঠিন হৈ পৰে বা ধৰিব নোৱাৰে ।  কাৰণ আপুনি VPN  ব্যৱহাৰ কৰিলে আপোনাৰ VPN চাৰ্ভাৰে নিৰন্তৰভাৱে আপোনাৰ IP ঠিকনা বা location সলনি কৰি থাকে যাৰ বাবে আপুনি সুৰক্ষিত হৈ থাকে । আৰু ইয়াৰ লগতে VPN-এ আপোনাক যিকোনো blocked বা অৱৰুদ্ধ ৱেবছাইটত প্ৰৱেশ কৰিবলৈওঁ বাধা দিয়ে  । অৰ্থাৎ VPN-এ  আপোনাৰ ট্ৰেফিক সুৰক্ষিত কৰিবলৈ আৰু আপোনাৰ ব্যক্তিগত পৰিচয় অনলাইনত গোপনীয় কৰি  ৰাখিবলৈ প্ৰধানত কাম কৰে । 


এইয়ে আপুনি VPN ব্যৱহাৰ কৰাৰ পিছত, আপোনাৰ গোপনীয়তাৰ চিন্তাৰ পৰা মুক্ত হ'ব পাৰে । 


গতিকে যদি আপুনি VPN ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি যিকোনো ভাল VPN সেৱা প্ৰদানকাৰীৰ পৰা ক্ৰয় কৰি VPN সেৱা ব্যৱহাৰ কৰিব পাৰে ।

Post a Comment

0 Comments