বিৰাট কোহলীৰ বিষয়ে কিছু তথ্য জানো আহক

বিৰাট কোহলীৰ বিষয়ে কিছু তথ্য জানো আহক


১) ১৯৮৮ চনৰ ৫ নৱেম্বৰত দিল্লীৰ প্ৰেম কোহলী আৰু সৰোজ কোহলীৰ ঘৰত বিৰাট কোহলীৰ জন্ম হৈছিল।তেওঁৰ ভাতৃৰ নাম বিকাশ, ভনীয়েকৰ নাম ভাৱনা আৰু পত্নীৰ নাম অনুষ্কা শর্মা। কোহলীৰ শৈশৱ দিল্লীৰ উট্টম নগৰ অঞ্চলত হৈছিল আৰু তেওঁ বিশাল ভাৰতী পাব্লিক স্কুলত পঢ়িছিল।

২) বিৰাট কোহলীৰ বিৰাট নামটোৰ পাছতেও আন এটা জনপ্ৰিয় নাম হৈছে  'চিকু' । বিৰাটৰ এই উপনামটো তেওঁৰ প্ৰশিক্ষক অজিত চৌধুৰীয়ে প্ৰদান কৰিছিল ।

৩) বিৰাট কোহলীয়ে ১৯৯৮ চনত পশ্চিম দিল্লী ক্ৰিকেট সন্থাত যোগদান কৰি তেওঁৰ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ২০০৬ চনৰ জুলাই মাহত অনুৰ্দ্ধ-১৯ ক্ৰিকেটত নিৰ্বাচিত হৈছিল আৰু ২০০৬ চনৰ নৱেম্বৰত দিল্লীৰ পক্ষত তামিলনাডুৰ বিৰুদ্ধে তেওঁৰ প্ৰথম ৰঞ্জি মেচ খেলিছিল।

৪) বিৰাট কোহলীৰ  পিতৃ প্ৰেম কোহলীৰ মৃত্যু হৈছিল ২০০৬ চনৰ ১৮ ডিচেম্বৰত আৰু পৰৱৰ্তী দিনটোতে বিৰাটে কৰ্ণাটকৰ বিৰুদ্ধে ৯০ ৰানৰ এক আকৰ্ষিক খেল খেলিছিল।

৫) ২০০৮ চনৰ অনুৰ্ধ-১৯ বিশ্বকাপত বিৰাট কোহলীয়ে ভাৰতীয় দলৰ অধিনায়ক হয় আৰু এক আকৰ্ষণীয় ধৰণে বিশ্বকাপ জিকিছিল। ৰবীন্দ্ৰ যাদেজাও সেই সময়ত দলটোত আছিল।

৬. যেতিয়া কোহলীয়ে ২০০৮ চনৰ আই পি এলত প্ৰথম প্ৰৱেশ কৰিছিল, বাংগালোৰে তেওঁলোকক প্ৰায় ১২ লাখ টকাত ক্ৰয় কৰে। কিন্তু মাত্ৰ দহ বছৰৰ ভিতৰত অৰ্থাৎ 2018 চনত  আই পি এলত ১২ লাখৰ পৰা তেওঁ 17 কোটি টকাৰ প্লেয়াৰ হৈ পৰে ।  

৭) বিৰাট কোহলীয়ে ২০০৮ চনত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ কেৰিয়াৰৰ প্ৰথম 'আন্তৰাষ্ট্ৰীয় ৱান ডে' মেচ আৰু 2010 চনত জিম্বাৱুয়েৰ বিৰুদ্ধে প্ৰথম 'টি-20 মেচ' আৰু 2011 চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম খন টেষ্ট মেচ খেলিছিল।

৮) বিৰাট কোহলীয়ে ২০১৩ চনত ছেম্পু ৰ বিজ্ঞাপন শ্বুটিংৰ সময়ত প্ৰথমবাৰ অনুষ্কা শর্মাক লগ পাইছিল । তাৰ পিছত, বিৰাট অনুষ্কা'ৰ লগত ডেটিং আৰম্ভ কৰে আৰু এখন খেলৰ সময়ত বিৰাট কোহলীয়ে ষ্টেডিয়ামত বহি থকা অনুষ্কা শর্মাক "ফ্লাইং কিচ" ৰাজহুৱাকৈ প্ৰদান কৰিছিল। আৰূ ২০১৭ চনৰ ১১ ডিচেম্বৰত, দুইগৰাকী ইটালীত বিবাহ পাশত আৱদ্ধ হয়।

৯) এক সাক্ষাৎকাৰত বিৰাটে কৈছিল যে ক্ৰিকেটৰ পিছত তেওঁৰ প্ৰিয় খেল হৈছে ফুটবল। তেওঁ লগতে কয় যে ক্ৰিকেটৰ পৰা অৱসৰ হোৱাৰ পিছত, তেওঁ ফুটবলক ব্যৱসায় হিচাপে ব্যৱহাৰ কৰিব। হয়তো বিৰাটে ২০১৪ চনত ইণ্ডিয়ান চুপাৰ লীগ'ত এইবাবে এফচি গোৱা' দল ক্ৰয় কৰিছিল ।

১০) ২০১৭ চনত Forbes আলোচনীটোৱে বিৰাট কোহলীক ভাৰতৰ আটাইতকৈ মূল্যৱান চেলিব্ৰেটি ব্ৰেণ্ড বুলি বৰ্ণনা কৰিছিল। 2018 চনত, Forbes আলোচনীখনে সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈৰ তালিকাত বিৰাট কোহলীক ৮৩ স্থান প্ৰদান কৰিছিল। আৰু তেওঁয়েই হৈছে এই তালিকাত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈ।

১১) বিৰাট কোহলীক ২০১৩ চনত ভাৰতৰ চতুৰ্থ সৰ্ববৃহৎ সন্মান'পদ্মশ্ৰী'আৰু ২০১৩ চনত'অৰ্জুন বঁটা'প্ৰদান কৰা হৈছিল। আৰু ২০১৮ চনত ভাৰতৰ সৰ্ববৃহৎ ক্ৰীড়া বঁটা 'ৰাজীৱ গান্ধী খেল ৰত্ন' প্ৰদান কৰা হৈছিল।

১২) ২০১৩ চনৰ মাৰ্চ মাহত বিৰাট কোহলীয়ে 'বিৰাট কোহলী ফাউণ্ডেচন' নামৰ এক ফাউণ্ডেচন আৰম্ভ কৰে। এই ফাউণ্ডেচনৱে দুৰ্বল শিশু আৰু তেওঁলোকৰ শিক্ষাৰ বাবে কাম কৰে।

Post a Comment

0 Comments