নতুন নাম লৈ ভাৰতলৈ আহি আছে Pub-G মবাইল


 Pub-G ম'বাইল ডেভেলপাৰসকলে ঘোষণা কৰিছে যে তেওঁলোকে ভাৰতীয় খেলুৱৈসকলৰ বাবে Pub-G ম'বাইল ইণ্ডিয়া নামৰ এটা নতুন গেম আৰম্ভ কৰিব। ছেপ্টেম্বৰত ভাৰত চৰকাৰে Pub-G ম'বাইল নিষিদ্ধ কৰিছিল আৰু একে সময়তে Pub-G কৰ্পোৰেচনে ঘোষণা কৰে যে ভাৰত চৰকাৰে বিচৰা সকলো নীতি নিয়ম মানি লৈ তেওঁলোকে পুনৰ ভাৰতত প্ৰৱেশ কৰিব ।  আৰু এই মৰ্মে Pub-G মবাইল পুনৰ ঘুৰি অহাৰ যা-যোগাৰ কৰিছে ।

Pub-G কৰ্পোৰেচনে ঘোষণা কৰিছে যে কোম্পানীটোৱে Pub-G ম'বাইল ইণ্ডিয়া নামৰ এক নতুন খেল আৰম্ভ কৰিবলৈ সাজু হৈছে, যিটো "বিশেষভাৱে ভাৰতীয় বজাৰৰ বাবে প্ৰস্তুত কৰা হৈছে।" নতুন গেমটোৱে খেলুৱৈসকলৰ বাবে ডাটা সুৰক্ষা  কৰিব আৰু ভাৰত চৰকাৰে দিয়া নিয়ম অনুসৰণ কৰিব। Pub-G কৰ্পোৰেচনে লগতে কয় যে ডাটা সংৰক্ষণ প্ৰণালীত নিয়মীয়া অডিট আৰু প্ৰমাণীকৰণ কৰা হ'ব, যি নিশ্চিত কৰিব যে ভাৰতীয় খেলুৱৈসকলৰ ব্যক্তিগত তথ্য সুৰক্ষিত  হয় আছে ।

Pub-G মনাইল ডেবলপাৰ সকলে লগতে জনাইছে যে তেওঁলোকে গেমৰ সমল উন্নত কৰিব আৰু "স্থানীয় প্ৰয়োজনীয়তা" অনুসৰি ইয়াক অনুকূলিত কৰিব। ইয়াৰ উপৰিও, Pub-G কৰ্পোৰেচনে ভাৰতত এক স্থানীয় কাৰ্য্যালয় এটা ছেট আপ কৰাৰ পৰিকল্পনা কৰিছে য'ত ই খেলুৱৈসকলৰ সৈতে যোগাযোগ আৰু সেৱা বৃদ্ধি কৰিব আৰু ইয়াৰ বাবে 100ৰো অধিক কৰ্মচাৰী নিয়োগ কৰিব কোম্পানীয়ে । কেৱল সেয়ে নহয়, ভাৰতত "স্থানীয় ভিডিঅ' গেম, ই-ক্ৰীড়া, মনোৰঞ্জন আৰু IT উদ্যোগ"ৰ উদ্গনি ৰখাৰ বাবে Pub-G কৰ্পোৰেচন আৰু  Pub-Gৰ পেৰণ্ট কোম্পানী ক্ৰাফ্টনে 100 নিযুত ডলাৰ, বা প্ৰায় 7.4 বিলিয়ন টকা বিনিয়োগ কৰিব । 

Post a Comment

0 Comments