ফেচবুকত ৱিকিপেডিয়া ! কিন্তু কত, কেনেকৈ ?



ফেচবুক সকলোৰে বাবে এটা জনপ্ৰিয় চচিয়েল মেডিয়া platform  । অন্য চচিয়েল মেডিয়া platform ৰ তুলনাত ভাৰতত ইয়াৰ  user সৰ্বাধিক । user সকলৰ সুবিধাৰ বাবে ফেচবুকে সময় সময়ে নতুন নতুন feature সংযোজন কৰি থাকে । আৰু কিছু দিন আগতেওঁ ফেচবুকে  user friendly feature আৰম্ভ কৰিছিল । এতিয়া ফেচবুকে পুনৰ এটা feature সংযোজন কৰিব য'ত তেওঁলোকৰ searching বাৰত Wikipedia লিংক সংযোজন থাকি ব । 


এতিয়ালৈকে আমি ফেচবুকত search কৰিলে তলত ৰিজাল্ট পাওঁ freind, profile, post, photo, video আৰু page' আদি ।  কিন্তু এতিয়াৰ পৰা ফেচবুকত search কৰিলে গুগুলৰ দৰে Wikipediaৰ লিংকো তলত দেখুৱাব ।  searching বাৰৰ তলত Wikipediaৰ লিংকো show হব । এই featureটো আৰম্ভ কৰাৰ কথা বৰ্ তমান ফেচবুকে স্পষ্টিকৰন কৰিছে । এই featureটো নাম ৰাখিছে pilot program । বৰ্তমান এই featureটো উপলব্ধ হব desktop web, mobile web আৰু IOS deviceত । মবাইল applicationত  ই বৰ্তমান উপলব্ধ নহয় কিন্তু অতি ক'ম সময়ৰ ভিতৰত মবাইল  applicationটো উপলব্ধ হব বুলি কোম্পানীয়ে মত প্ৰকাশ কৰিছে ।


 
লক্ষনীয় কথা যে এই featureটোৰ বাবে ফেচবুকে নতুন কোনো ধৰনৰ নতুন search bar আৰম্ভ কৰা নাই, ফেচবুকে তেওঁলোকৰ আগৰ পুৰনা search barতেই এই featureটো সংযোজন কৰিছে । অৰ্থাৎ ফেচবুকত ৱেকিপেডিয়াৰ এই লিংক পাবলৈ আপুনি ফেচবুকৰ এই পুৰনা search barলৈ যাব লাগিব আৰু তাতেই আপোনাৰ জানিব বিচৰা বিষয়টো Search  কৰিব লাগিব আৰু এনেদৰে Search কৰিলে তাতেই তলত Search ৰিজাল্টত উলাই যাব আপুনি বিচৰা Wikipedia লিংকটো । 




গতিকে এইখিনিয়ে হৈছে ফেচবুকৰ পৰা অহা নতুন নিউজ আপদেড ।

Post a Comment

0 Comments