ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীনআৱেগৰ (সপ্তম।খণ্ড)

কথকতা এক অন্তহীন আৱেগৰ



সপ্তম খণ্ড

:""Thanks everyone! Now we are going to sing our national anthem and after that we can leave this hall"

সকলো থিয় হ'লো। ৰাষ্ট্ৰীয় সংগীত বাজি উঠিল। সমস্বৰে সকলোৱে গাই শেষ কৰাৰ লগে লগে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিল। সকলো হোষ্টেললৈ আহিলোঁ। আচলতে কালি সন্ধিয়া আমি অহাৰ পৰা এতিয়ালৈ সবেই আনন্দমনেৰে আছিলোঁ।  আজি সকলো ঘৰমুৱা হম। মই, অভি, বিকাশ আৰু প্ৰণয় একেলগে যাম। বিকাশ মাজুলীলৈ যাব।  টিকট কৰা আছে। ৰাতি আঠ বজাত আছে বাছ। যিহেতু তিনি বজাতেই আমাৰ প্ৰশিক্ষণ শেষ হ'ল, আমি ও সময় পাইছোঁ জিৰাবলৈ।

 বিচনাত দীঘল দি অগৰং বগৰং কথা কিছুমান ভাবি আছোঁ। মাই ফোন কৰি বজাৰৰ কথা শ্মনত কৰি দিছিল।  আচলতে কালিয়ে বজাৰবোৰ কৰি পেলালোঁ। দিনটো শুই আহি ৰুমত শুবলৈ মন নগল। সেইকাৰণে আমি চাৰিটা হাবলৈ গ'লো। চিনেমা চালোঁ,  বিকাশ ৰ লগত বজাৰ কৰিলোঁ। তাৰ পাছত গহনাৰ বজাৰ কৰি শিল্কালয়ত সোমালোঁ। সেই যে সোমালোঁ, তেতিয়াৰ পৰাই আচলতে মোৰ মনটো খেলিমেলি হৈ আছে। কাপোৰ যোৰ চাই পেকিং কৰিব দি ৰৈ থাকোঁতে তাইক  দেখা যেন পালোঁ। ৰাস্তাৰে গৈ থাকোঁতে তাই যেন এ লাগিছিল। পিছে মই লগ ধৰিব নোৱাৰিলোঁ। বাছত উঠি গুছি গল .....।প্ৰণয়হতে জানে পাঁচদিন পাছত মোৰ বিয়া বুলি। গতিকে তাইৰ কথা সুধিবলৈও মই সাহস গোটাব পৰা নাই! কি বুলি সুধিম! যদি কয় কিয় এতিয়া খবৰ লৈছ বুলি! ভয়ো হয়!  জানোচা তাই বেলে.... নাই নাই! ভাবিব নোৱাৰো সেই কথা। নহওক এনে...মই সহিব নোৱাৰিম! উস্ কিয় মই সেই ভুলটো কৰিছিলোঁ বাৰু?? মোৰ জেদ ইমান বিষাক্ত আছিল নে যাৰ বাবে মই কাৰো আৱেগ দেখা নাপালোঁ। জানো! বুজো মই।ভুল একমাত্ৰ মই কৰিছিলোঁ..আৰু এনে গুৰুতৰ অপৰাধ কৰিলোঁ যে এটা পৰিয়াল চাৰখাৰ হৈ গ'ল ...হয়তো দুটা পৰিয়াল....


ল'ৰাই নাকান্দে! কোনো ল'ৰাক শিকোৱা নহয় কান্দিবলৈ। কিন্তু মোৰ যে কান্দিবলৈ মন গৈছে। সদায় সদায় দহি মৰাতকৈ মোৰ এবাৰতে মৰিবলৈ মন গৈছে। হয়তো মৰিবলৈ চেষ্টা কৰিলোঁ হয়! যদিহে তাই নকলে হেতেন...

: মানুহে আত্মহত্যা কিয় কৰে বুজি নাপাওঁ! আৰে ভাই ইমান দুখ আছে যদি খুলি ক না। মৰিবলৈ ও আকৌ ভেঁকোভাওনা  কিমান চাবা! হাত কটা  ..কিবা কৰা। আৰে মৰিবলৈ কে জন্ম হৈছিলি নেকি। কাম নাইকীয়া বোৰ। মাক বাপেকে ইমান কষ্ট কৰি ,নিজে নাখায়  আমাক খুৱাই ডাঙৰ কৰে। ইমান আদৰ যত্নৰ মূল্য কি পাই? জীৱনযোৰা দুখ! মানসিক কষ্ট ! তাতকৈ দুখক জয় কৰি জীয়াই থাকিব লাগে। হেৰৌ ,মৰাতকৈ জীয়াই থাকচোন। ধেৎ ! মানুহবোৰ যে। মই যে কেতিয়াও নমৰো দেই।ইমান ধুনীয়া পৃথিৱীখন! কিমান যে চাব আছে!কিমান যে জানিবলৈ আছে! তাতকৈ ডাঙৰ কথা বুঢ়ী হৈ ছালবোৰ শোতোৰা পৰিবলৈ আছে । অৱশ্যে মই এতিয়া এনেইও নমৰো। যম ৰজাক ঘোচ দি আহিছোঁ। আশীৰ আগত মোক নিবলৈ নোৱাৰেই ।


শেষৰ নোৱাৰেই টোত জোৰ দি অলপ দীঘলীয়া সুৰত বাক্য টো শেষ কৰে তাই! শুনি বহুত ভাল লাগে। সৰু ল'ৰা -ছোৱালীৰ দৰে।

বাগৰ সলাই সলাই এইবোৰেই ভাবি আছোঁ। ছয় বাজিল। নাই মোৰ আজি টোপনি নাহিব চাগৈ।উঠি আহি প্ৰণয়ৰ কাষ পালোঁ। সিও ওলাই আহি বাহিৰত ৰৈছিল হি।

: প্ৰণয়!
মই মাত লগালো।

:ওম। বল তোৰ ৰুমত। জানো তোৰ মোক  সুধিবলগীয়া  বহু কথা আছে । মই ভাবোঁ এতিয়াই  কোৱাটো ভাল হব। ৰ! মই ইহঁতক ৰুটি মাংস আনিবলৈ কৈ আহোঁ। নহলে একো খোৱা নহব ।

প্ৰণয় বিকাশহতক লগ কৰিবলৈ গ'ল।

মনটো কিবা লাগিছে। ভৰি দুখন কঁপি উঠিছে। তাইৰ কথা ক'ব মোক ! প্ৰণয়ে জানিছিল নেকি মই তাইৰ কথা সুধিম বুলি!  নাজানো ভাল লাগিছে নে বেয়া ! কিন্তু উখল  মাখল লগাই আছে মনটো।

জানুৱাৰী মাহ! ধেমাজি ত ঠাণ্ডা! ইয়াত অৱশ্যে বৰ বিশেষ ঠাণ্ডা নপৰেই। হলেও মাই এখন নগা শ্বল দি পঠাইছিল। ৰাতি যাম তাতে যদি বৰষুণ দিয়ে! পিছে এতিয়া বতৰ মুকলি। প্ৰণয়ৰ অপেক্ষাত অপেক্ষাৰত মই.......

আহিল প্ৰণয়। পিছে অকলে নহয়। শনাহি দুটা ও আহিছে। গম পালোঁ ..।কোনোবা জুনিয়ৰ ক পঠালে খোৱা বস্তু আনিবলৈ। চুপাৰ চিনিয়ৰৰ দাদাগিৰি মানে য'তে ত'তে।  ভাবিছিলোঁ আজি শুনিবলৈ পাম তাইৰ কথা। পিছে উহু! এই সময় মোৰ অনুকূল নহবগৈ চাগৈ। ভাবনাবোৰ জোকাৰি সিহঁতৰ কথাত যোগ দিলোঁ। প্ৰণয়ে মোৰ ফালে চাই ইংগিতেৰে ক্ষমা খুজিলে। মই মূৰ জোকাৰি হয়ভৰ দিলোঁ । বুজো আৱেগ বোৰক, মানুহৰ ভাবনাবোৰক। মই ও সোমালো কথাৰ ভিতৰত।

 - সাত বজাত  জুনিয়ৰ এজনে খোৱাবস্তুৰ টোপোলা এটা দি গল হি। চাৰিওটাই খাই লৈ ওলাবলৈ সাজু হলোঁ। লং জাৰ্নি ত মই সদায় গা ধুই যাওঁ। আজিও ব‍্যতিক্ৰম নহল। গা ধুই আহো মানে সাতটা পঞ্চল্লিছ হল। লৰালৰিকৈ বেগ টো লৈ বিকাশৰ ৰুযত সোমালোঁ। সিহঁতো সাজু হৈ আছিল।গোটেই কেইটাই টিকটৰ নম্বৰ বোৰ ল'লো। বিকাশ আৰু অভি একেলগে বহিল। প্ৰণয় আৰু মোৰ একেলগে বহাৰ কথা আছিল যদিও চিট নথকাত আমাৰ চিট বেলেগ হব। বাছলৈ ৰৈ থাকোঁতে বৰষুণ দিলে লগতে ঠাণ্ডা ও। হুডীটোৰ টুপী টো পিন্ধি মুখত মাফলাৰ খন মাৰি ল'লো।  বিকাশ আৰু অভিয়ে এটুপি ধৰিলে হবপায়!চকু মুখ ৰঙা পৰি আছে।  প্ৰণয়ে জেকেটত হাত ভৰাই থিয় হৈ আছে।
আধাঘন্টা মান থিয় হোৱাৰ পাছত বাছ আহিল। ধেমাজি লৈ এইখনেই শেষত যোৱা  নন এচি বাছ। দৌৰিদৌৰিকৈ বাছত উঠিলোঁ। কিনিকিনীয়া বৰষুণ জাক যেন আমি বাছত উঠালৈহে ৰৈ আছিল! এতিয়া দপদপাই দিব ধৰিলে বৰষুণজাক। আমাৰ লগতে আৰু দুজন যাত্ৰী উঠিল।  সকলোৱে নিজৰ চিট বিছৰাত লাগিল।

প্ৰণয় হতৰ একে শাৰী তে পৰিল । মোৰহে সিহঁতত কৈ দশাৰী পিছত তাকো দুজনীয়া চিটৰ মুখৰটোত পৰিল।  আন গৰাকী যাত্ৰী শুই আছিল। মই বেগ টো ওপৰৰ ৰেকডালত থৈ যাত্ৰী গৰাকীলৈ চালোঁ। ছোৱালী এজনী। বহিব লওতেই ছোৱালীজনী য়ে মুখ খন মোৰ ফালে ঘূৰালে...।মই চাগৈ ইমান আচৰিত কেতিয়াও হোৱা নাছিলোঁ ..।যিমান এতিয়া হৈছোঁ। মোৰ হাত ভৰিত কঁপনি উঠি গৈছে। গাৰ নোমবোৰ দাংখাই উঠিছে। বাঘ দেখিলেও ইমান নাৰ্ভাছ নহলো হয় চাগৈ যিমান মই এই মূৰ্হুত্তত হৈছো!!

সেয়া আন কোনো নহয়। মই এবছৰে বিচাৰি ফুৰা ....মোৰ  জীৱনৰ একমাত্ৰ আকাংক্ষা ... যাক পাবলৈ মই মনে মনে ভগৱান ক খাটিছিলো... মোৰ ....মোৰ.... তাই!!এয়া যে তাই!!!! মোৰ কাষত!!!!!

আগলৈ

Post a Comment

0 Comments