প্ৰবিন দত্তৰ কবিতা - আহিবাচোন এদিন…



আহিবাচোন এদিন……


আহিবাচোন এদিন…
সময় পালে………
গ্ৰীষ্মৰ গধুলি
চোতালত বহিম
জোনাকীৰ মেলা চাই
জোনাকত সাঁতুৰিম
অভিমান সামৰি
তৰাৰ গান শুনিম…
আৱেগবোৰ বান্ধি থৈ
বিবেকেৰে জোখিম
আকাশৰ বিশালতা…
আৰু………
নিভাঁজ প্ৰেমৰ গভীৰতা
আহিবাচোন এদিন…


প্ৰবিন দত্ত
শিৱসাগৰ
৩০/০৪২০২০

Post a Comment

0 Comments