জীৱনেই এক নিৰ্মোহ কবিতা……
জীৱনেই হেনো এক কবিতা…
নেজানো তাৰ প্ৰকৃত সংজ্ঞা
কিমান প্ৰয়োজন প্ৰজ্ঞা আৰু সাধনা
চেতনাৰ অস্পষ্টতাত হেনো
জন্ম হয় এটি কবিতাৰ।
তথাপি কিয় এই বিতৰ্ক
কবিতা আৰু অ-কবিতাৰ
কোনে জানে কোনে দিয়ে
অ-কবিতাৰ সৰ্বসন্মত সংজ্ঞা।
(বিতৰ্কও এক কলা …)
চৌষষ্ঠি কলাৰ অংগ যদি হয় কবিতা
তাক লৈ কিয় হয়
অঘোষিত বৰ্ণৰ ছন্দহীন কাজিয়া
নৱ-প্ৰজন্মকেই বা কি কৈফিয়ৎ দিবা।
ভাৱ হয় যেন এক গোপন অভিসন্ধি
জনপ্ৰিয়তাৰ অন্য এক পদ্ধতি
এক অশুভ শক্তিৰ
যেন এক অশুভ বাৰ্তা।
নকৰা কিয় নিৰপেক্ষ সমালোচনা
সৃষ্ট হয় যদি হওঁক এক
মননশীল কবিতাৰ
দূৰতে থাকক বৰ্ণৰ কাজিয়া।
কবিতাৰ দুহাত আগবঢ়াই দিয়া
ভুলবোৰ শুদ্ধৰাই আগবঢ়াই নিয়া
সাহসৰে খোজ দিম
লিখিম মানৱতাৰ কবিতা।
উত্তৰ পুৰুষে পাওঁক এক নতুন বাৰ্তা
জীৱনেই এক নিৰ্মোহ কবিতা……।
প্ৰবিন দত্ত
- শিৱসাগৰ।
0 Comments