প্ৰবিন দত্তৰ কবিতা - অ' মোৰ টুনী চৰাই




অ' মোৰ  টুনী চৰাই


প্ৰবিন দত্ত/ শিৱসাগৰ।

অ'মোৰ টুনী চৰাই………!

অপ্ৰত্যাশিত ভাৱেই আহি
সিদিনা চ'তৰ আবেলি
খেৰ-কুটা গোটালি
বুকুৰ খোৰোঙত মোৰ
নজনাকৈ সাঁজিলি বাঁহ।

কাৰ বিননি শুনি
বহাগৰ নিজান দুপৰীয়া
ভৰুং কৈ মাৰিলি উৰা
উকা হৈ পৰি ৰ'ল
হেঁপাহৰ আধা সঁজা বাঁহ।

এতিয়া……
কুঁৱলীময়  সেই স্মৃতিবোৰে 
সঘনে অহা-যোৱা কৰে
মনৰ পদূলি মোৰ সেমেকি থাকে
ৰিঙা ৰিঙা আবেগৰ
সুৰ এটা বাজি থাকে
বুকুৰ চ'ৰা ঘৰত।

তেনেই উকা ,
তেনেই লঠঙা এতিয়া
মোৰ  সেউজ অৰণ্য।
চৌপাশে খেদি ফুৰে
মাথো এক শূন্যতাই ।

আবেগবোৰ বিষাদ হয়
অবুজ মনে মোৰ বুজনি নলয়
অশান্ত সময়বোৰ দিন হয় 
দিনবোৰ ৰাতি হয়
ৰাতিবোৰ উজাগৰেই পুৱা হয়।

তথাপি……
সযতনে ৰাখিছো মই
তোৰ প্ৰতিডাল খেৰ-কুটা
আশাৰ মেলিছে গঁজালি
আহিবি কিজানি যোৱা বাটে ঘুৰি
 অ' মোৰ টুনী চৰাই !

ন-কৈ সাঁজিবি বাঁহ
জেঠৰ পুৰঠ দুপৰীয়া
আকৌ গোটাবিহি আহি
বুকুৰ খোৰোঙত মোৰ
আশাৰ খেৰ-কুটা
আঁতৰাই পেলাম মই
সীমাহীন শূন্যতা!

Post a Comment

0 Comments