প্ৰবিন দত্তৰ কবিতা - মোক অলপ বিশ্বাস দিয়া



মোক অলপ বিশ্বাস দিয়া…

প্ৰবিন দত্ত/ শিৱসাগৰ


মোক অলপ বিশ্বাস দিয়া…
মেলি দিছো বিশ্বাসৰ দুহাত
একে লগে খোজ দিম
জীৱনৰ সেন্দুৰীয়া বাট।

আকাশৰ তৰা গণি
একেলগে পাৰ কৰিম
সুখ অথবা দুখৰ ৰাতি।

অসাৰ এতিয়া বিশ্বাসৰ অশ্বাস
চিনাকীৰ পৰা আন্তৰিকতালৈ
বিশ্বাসৰ এহতীয়া বাট।

নিজম ৰাতি নাচাবা আকাশ…
থপিয়াই ধৰিম বুলি জোনাক
নেমেলিবা থুনুকা দুহাত।

মোৰ যে বুকুখন…
তাতেই লুকাই আছিল
সপোনৰ সুনীল আকাশ।

১৪/০৫/২০২০

Post a Comment

0 Comments