আপোনাৰ মবাইলত খেলা গেম(Game)টো কিদৰে Facebookত Live streaming কৰিব

আপোনাৰ মবাইলত খেলা গেম(Game)টো কিদৰে Facebookত Live streaming কৰিব



ফেচবুকে নতুনকৈ মুকলি কৰিলে FACEBOOK GAMING নামৰ এটা  app যত আপুনি এতিয়াৰ পৰা মবাইলত যিকোনো গেম খেলিলে এই গেম Live streaming কৰিব পাৰিব ফেচবুকত ।

আজিৰ লেখাটোত আমি আপোনালোকক জনাম এই FACEBOOK GAMING Appটোৰ বিষয়ে । কিদৰে আপুনি এই FACEBOOK GAMING এপটোত লগ ইন কৰিব পাৰে এই এপটোৰ ভিতৰত আপুনি গেম কিদৰে খেলিব পাৰে আৰু কেনেকৈ Live streaming কৰিব পাৰে এই বিষয়ে আপোনালোকক আজি জনাই দিম ।

এই এপটো পাবলৈ হলে প্ৰথমে আপুনি গুগুল প্লে ষ্টৰলৈ (Google Play Store) যাব আৰু তাত চাৰ্চ (search) কৰিব FACEBOOK GAMING  বুলি । নতুবা এই এপটোৰ পোনপটিয়া লিংক আমি এই লেখাটোৰ তলত দিম আপুনি তাৰ পৰা গৈ ডাউল'ড কৰিব পাৰিব ।

এই এপটো ইনষ্টল কৰা পাছত প্ৰথমে আপোনাক log in কৰিব দিব যিদৰে ফেচবুকত আপুনি ফোন নম্বৰ বা ইমেইল পাচৱৰ্ড দি লগ ইন কৰে ঠিক একেদৰে log in কৰিব ।

এপটোত লগ ইন কৰাৰ লগে লগে আপুনি এই এপটোৰ মেইন ডেচবৰ্ডটো পাব আপুনি ইয়াত এই স্ক্ৰিনত দেখুওৱাৰ দৰে  মেইন ডেচবৰ্ডটো দেখা পোৱা যাব ।  (তলৰ চিত্ৰটো)

এতিয়া আপুনি এই এপটোত গেম Live streaming কৰিবলৈ হলে আপুনি ইয়াত দেখা এই  Go Live বুটামটোত ক্লিক কৰক ।  (তলৰ চিত্ৰত দেখুওৱা অনুসৰি)

এই বুটামটোত ক্লিক কৰিলে তলত এটা  add game বুলি অপশ্বন পাব তাত আপুনি ক্লিক কৰিব ।  (তলৰ চিত্ৰত দেখুওৱা অনুসৰি)

তাৰ পাছত আপোনাৰ মবাইলটোৰ ভিতৰত থকা গেম সমুহ ওলাব আৰু আপুনি এই গেম সমুহৰ যিকোনো এটা গেম নিৰ্বাচন কৰিব ।  (তলৰ চিত্ৰত দেখুওৱা অনুসৰি)

এতিয়া আপোনাৰ নিৰ্বাচন কৰা গেমটোৰ কাষত এটা ভিডিঅ বুটাম থাকিব আপুনি তাত ক্লিক কৰিব ।  (তলৰ চিত্ৰত দেখুওৱা অনুসৰি)

এতিয়া দেখিব আপোনাৰ ফেচবুক লাইভ কৰোতে যিদৰে আহে এইদৰে দেখা পোৱা যাব আৰু আপুনি তাত দেখা Go Liveটোত ক্লিক কৰিব । (তলৰ চিত্ৰত দেখুওৱা অনুসৰি)

গ' লাইভটোত ক্লিক কৰা পাছত আপুনি গেমটো খেলা আৰম্ভ কৰিলেই লগে লগে আৰু নিজে নিজে আপুনি খেলা এই গেমটো FACEBOOK ত Live streaming হৈ যাব । 

 গতিকে এতিয়া আপুনি নিশ্চয় বুজি পালে চাগে কিদৰে আপুনি খেলা গেমটো ফেচবুকত Live streaming কৰিব পাৰে !! এনেদৰে আপুনি যিকোনো মবাইল গেম আপুনি ফেচবুকত Live streaming কৰি সকলোকে দেখুৱাব পাৰি ।



এই এপ্লিকেশ্বনটোৰ লিংক হল  - 





Post a Comment

0 Comments