অনুজ য়েইনৰ কবিতা - বৰদৈচিলাৰ কথাৰে | Assamese poem



বৰদৈচিলাৰ কথাৰে



বৰদৈচিলা তোমাৰ অহাৰ সংবাদ পালেই
মোৰ শৰীৰৰখন কঁপনি
জ্বৰ উঠে,
নিহালিখন লৈও বিছনাত পৰিব নোৱাৰি,
ভয় লাগিছে মোৰ,,,,,,,

তেওঁ লৰচৰ নকৰে,
মাতবুল ও নকৰে
তোৰ সৈতে মিলি
ৰাতিটো এই ওখ মানুহ জন, বিপদ সংকেত ধ্বনিৰ তীব্ৰ জোৰেৰে
হঠাতে হেচি ধৰি মাৰিব
পাৰি,,,,,,,

হাত-ভৰি জিন- জিনাইছে, অথচ খামুচি
ধৰিছো, ধূলিময় শৰীৰত কালিকা লাগি
আচোঁৱা যেন অশান্তি,
ইজনে সিজনক নেদেখা
স্বাস ৰুদ্ৰ পৰিস্থিতি
আতংকিত চিঞৰত
প্ৰভূৰ নাম ,,,,,,

বৰদৈচিলাৰ কথাৰে
শৰীৰখন তিতি বুৰিছো
বাৰম্বাৰ আৱৰণ খুলিছো ,বিভ্ৰষ্ট কৰি বস্ত্ৰ
ফালি পেলাইছে,, ইত্যাদি ।
 হে বৰদলৈ চিলা
মোক ধষৰ্ণ কৰি কলংষিত নকৰিবা,
স্বাধীন চেতিয়াকৈ
অস্তিত্ব আছে,সুখৰ
সৰু পৰিয়ালৰ দিশ
হাৰা নকৰিবা,,

পহিলা বহাগত বুলি
মাকৰ ঘৰলৈ ,,,,,,
ৰাতি দুপৰতে নাহিবা
বাটে ঘাটে মহটিয়াই
টেপা টেপি মাতবোৰ
আমাক লগাই যোজাই
কণ্ডল নকৰিবা              বৰদৈচিলা,,,,,

চ'তৰ শেষত মাথোঁ
আহিবা ,অকমাণ
গহীন গম্ভীৰ খোজ
পেলায় বহাগৰ বতৰা
লৈ,,,,,,,,,অবিবাহিত l

---  অনুজ য়েইন।

Post a Comment

0 Comments