ফেচবুকে নুতনকৈ মুকলি কৰিব নিউজ টেপ, য'ত বহুতো লোকে নিউজ আপল'ড কৰি পাব পইচা

ফেচবুকে নুতনকৈ মুকলি কৰিব নিউজ টেপ, য'ত বহুতো লোকে নিউজ আপল'ড কৰি পাব পইচা



ফেচবুকে তেওঁলোকৰ এপ্লিকেশ্বনটোৰ ভিতৰত বিভিন্ন ধৰনৰ টেপ মুকলি কৰি আহিছে বিভিন্ন সময়ত । যেনেকৈ ভিডিঅ ৱাটচিং টেপ, শ্বপিং টেপ আদি । ফেচবুকে এনেদৰে বিভিন্ন টেপ প্ৰকাশ কৰাৰ  অব্যাহত ৰাখোতে এইবাৰ ফেচবুকে নুতনকৈ মুকলি কৰিব নিউজ টেপ নামৰ এটা টেপ, যোনটো টেপত এতিয়াৰ পৰা প্ৰকাশ পাব উচ্চ মান সম্পন্ন নিউজ । ফেচবুক ব্যৱহাৰ কাৰী সকলে এতিয়াৰ পৰা এই নিউজ টেপটোত ক্লিক কৰাৰ লগে লগে দেশ বিদেশ লগতে বিভিন্ন ৰাজ্যৰ খবৰ পঢ়িব পাব বা ভিডিঅ আকাৰে দেখিব পাব ।

বৰ্তমান এই ফিচাৰটো ফেচবুক কৰ্তিপক্ষই  কেৱল উচ্চমান সম্পন্ন নিউজ প্ৰকাশ কৰা লোককহে নিউজ প্ৰকাশ কৰিবলৈ দিব বুলি জানিব দিছে । কোনো ধৰনৰ পক্ষপাতিত্ব মূলক নথকা খবৰহে প্ৰকাশ কৰাৰ সুবিধা দিব এই ফিচাৰটোত । আৰু যিসকলে এই টেপটোত নিউজ প্ৰকাশৰ সুবিধা পাব তেওঁলোকক ফেচবুক কৰ্তিপক্ষই মাহিলী টকা প্ৰদান কৰিব বুলি তেওঁলোকৰ অফিচিএল ৱেবচাইটত জানিব দিছে । বৰ্তমান তেওঁলোকৰ এই ফিচাৰটো পৰীক্ষা নিৰীক্ষা চলাই আছে । পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰীক্ষা সফল হলে অতি সোনকালে এই ফিচাৰটো মুকলি কৰিব ।


কেনেকৈ যিকোনো এখন গাড়ীৰ নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি গোটেই বাইক বা গাড়ী খনৰ সকলো তথ্য উলিয়াব পাৰি এইয়া জানিবলৈ ইয়াত ক্লিক (click here) কৰক ।

Post a Comment

0 Comments