পৰুৱাই শাৰী পাতি অহা-যােৱা কৰে কিয়?

পৰুৱাই শাৰী পাতি অহা-যােৱা কৰে কিয়?

পৰুৱা

আজিৰ লেখাটোত আমি আপোনালোকক জনাম পৰুৱাই শাৰী পাতি কিয় অহা-যােৱা কৰে !!

সাধাৰনতে দেখা যায় যে পৰুৱাই নিজৰ খাদ্যবস্তু বাহত বা গাঁতত জমা কৰি ৰাখে। আচলতে যিকোনো এটা পৰুৱাই যেতিয়া কোনােবা এঠাইত খাদ্যবস্তুৰ সন্ধান পায়, তেতিয়াই সেই পৰুৱাটোৱে তৎক্ষণাৎ ঘূৰি আহি লগৰবােৰক জনাই দিয়েহি । লক্ষনীয় যে খাদ্যবস্তু থকা ঠাইৰ পৰা পৰুৱাই ঘূৰি আহােতে বাটটো পাহৰি নাযাবৰ কাৰনে নিজৰ শৰীৰ পৰা এবিধ ‘ফেৰােমােন’ নামৰ গােন্ধ থকা ৰস বাটে বাটে উলিয়াই থৈ আহে;  পাছত পৰুৱাই এই গােন্ধটো অনুসৰণ কৰিয়েই পৰুৱাৰ দলটো শাৰী পাতি ৰেল লাইনৰ দৰে খাদ্যবস্তু  আনিবলৈ যায় আৰু নিজৰ বাহ বা গাঁতলৈ খাদ্যবস্তু লৈ আনে ।  তেনেদৰে পৰুৱাই শাৰীপাতি অহা যোৱা কৰি থাকোতে এই শাৰীটোৰ বাবে আৰু এই গােন্ধটোৰ বাবে পৰুৱাই বাট ভুল নকৰি খাদ্য বস্তুটো আমদানি কৰি থাকিবলৈ সুবিধা পায় ।

গতিকে এই দৰে বাট ভুল নহবৰ কাৰনেই পৰুৱাই শাৰী পাতি সদায় অহা-যােৱা কৰি থাকে ।

Post a Comment

0 Comments