পুৰুষৰ দাঢ়ি গজে, নাৰীৰ নগজে কিয় ?

পুৰুষৰ দাঢ়ি গজে, নাৰীৰ নগজে কিয় ?


আজিৰ লেখাটোত আমি আপোনালোকক জনাম কিয় পুৰুষৰ দাঢ়ি গজে আৰু কিয় নাৰীৰ দাঢ়ি নগজে !!

মানুহৰ দেহত হৰমােন (Hormone) নামৰ ৰাসায়নিক পদার্থ কিছুমানে তৈয়াৰ কৰা কেতবােৰ গ্ৰন্থি বা অংগ আছে । হৰমােনবিলাকে তেজৰ সৰু নলীবােৰত সােমাই তেজৰ লগতে দেহৰ বিভিন্ন ঠাইলৈ গৈ কোষবােৰক কিছমান নির্দিষ্ট কাম কৰাত সহায় কৰে। সকলাে মানুহৰ দেহতে এজেন আৰু ইষ্ট্র’জেন নামৰ কিছুমান হৰমােন আছে। মতা মানুহৰ ক্ষেত্ৰত এজেন হৰমােনবােৰৰ পৰিমাণ ইষ্ট্র’জেনতকৈ বেছি। তেনেকৈ মাইকী মানুহৰ ক্ষেত্ৰত ইষ্ট্র’জেন হৰমােনবােৰৰ পৰিমাণ এজেনতকৈ বেছি। এন্ড্রজেন হৰমােনবােৰৰ প্ৰভাৱত দাড়ি গোঁফ গজে, মাংসপেশী সৱল হয় আৰু মতা মানুহ ডেকা হােৱাৰ সময়ত শৰীৰৰ যিবােৰ পৰিৱর্তন ঘটিব লাগে, সেইবােৰ ঘটে। কিন্তু মাইকী মানুহৰ এন্ড্রজেন হৰমােনবােৰৰ প্ৰভাৱ কম বাবে দাড়ি গোঁফ নগজে ।

আনহাতে ইষ্টজেনবিলাকে মাইকী মানুহ গাভৰু হােৱাৰ সময়ত শৰীৰৰ পৰিৱৰ্তনৰ কামত ভাগ লয়। কন্যাকাল পােৱাৰ সময়তে মাইকী মানুহৰ দেহত এজেন জাতীয় হৰমােন অলপ বেছিকৈ তৈয়াৰ হয় বাবে সেইখিনি এজেন হৰমােনৰ বাবেই মাইকী মানুহৰ কাষলতি তল আদিত কিছু চুলি গজে।

গতিকে এনেদৰে হৰমোনৰ তাৰতম্যৰ বাবে পুৰুষ আৰু মহিলাৰ দাঢ়িৰ পাৰ্থক্য ঘটে

Post a Comment

0 Comments