ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ বিষয়ে আলোচনা


আজিৰ লেখাটোত আমি যিকোনো প্ৰতিযোগিতা মুলক পৰীক্ষা'ত অৱতীৰ্ণ হব বিচৰা ছাত্ৰ ছাত্ৰী সকলৰ বাবে ভাৰতৰ উপ-ৰাষ্টপতি'ৰ বিষয়ে সম্পুৰ্ণ বিশদ বাবে জনাই দিয়া হৈছে । আশা কৰিছো এই লেখাটো অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰতিযোগিতমুলক পৰীক্ষাত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ বিষয়ে অহা যিকোনো ধৰনৰ প্ৰশ্নৰ উত্তৰ অতি সহজে দিব পাৰিব । (কালি ৰাষ্ট্ৰপতিৰ বিষয়ে আলোচনা কৰিছিলো । আজি আমি উপ-ৰাষ্ট্ৰপতিৰ বিষয়ে আলোচনা কৰা হৈছে । )


উপৰাষ্ট্ৰ পতি (The Vice-President):



সংবিধানৰ ৬৩ নং অনুচ্ছেদমতে ভাৰত যুক্তৰাজ্যৰ এজন উপ-ৰাষ্ট্রপতি থাকিব। সংবিধানৰ ৬৪ নং- ৰ পৰা ৭১ নং অনুচ্ছেদলৈ উপ-ৰাষ্ট্ৰপতিৰ যােগ্যতা, নির্বাচন আৰু কার্যাৱলীৰ বিষয়ে বিশদ ব্যাখ্যা দিয়া আছে।

 উপৰাষ্ট্ৰপতিে অৰ্হতাসমূহ (Qualifications) ঃ 


ভাৰতৰ উপ-ৰাষ্ট্রপতি পদৰ পাৰ্থীগৰাকীৰ তলত দিয়া অৰ্হতাসমুহ থাকিব।
লাগিব।

১| তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব।

২। তেওঁৰ বয়স ৩৫ বছৰৰ কম হ’ব নােৱাৰিব।

৩| তেওঁ কেন্দ্ৰ নাইবা ৰাজ্য চৰকাৰৰ অধীনত কোনাে লাভজনক পদবীত থাকিব নােৱাৰিব আৰু

৪ । কেন্দ্রীয় নাইবা ৰাজ্যিক আইন সভাৰ সদস্য হ’ব নােৱাৰিব । এনে পদত অধিষ্ঠিত হলেও, উপ-ৰাষ্ট্রপতি হিচাপে নির্বাচিত হােৱাৰ লগে লগে তেওঁ উক্ত সদস্যপদ ত্যাগ কৰিব লাগিব।


নির্বাচন পদ্ধতি (Election Procedure) ঃ 


সংসদৰ উভয় সদনৰ সদস্যসকলে উপ-ৰাষ্ট্রপতি নির্বাচিত কৰে। দুয়ােখন সদনৰ সদস্যসকল লৈ গঠিত এক নির্বাচনী সংস্থাই (Electoral college) একক হস্তান্তযােগ্য আৰু আনুপাতিক প্রতিনিধিত্বমূলক ভােটৰ দ্বাৰা উপ-ৰাষ্ট্রপতি নির্বাচিত কৰে । উল্লেখযােগ্য যে উপৰাষ্ট্রপতি নির্বাচনত
দুয়ােখন সদনৰ নির্বাচিত আৰু মনােনীত উভয় প্রকাৰৰ সদস্যসকলে অংশ ল’ব পাৰে। এই নির্বাচন সংক্রান্ত কোনাে
বিবাদে দেখা দিলে সংবিধানৰ ৭১ নং অনুচ্ছেদ অনুযায়ী উচ্চতম ন্যায়ালয়ে সেই বিবাদ মীমাংসা কৰে।


 কার্যকাল (Tenure of Office) -


নির্বাচিত হােৱাৰ পিচত উপ -ৰাষ্ট্রপতিগৰাকীয়ে পাঁচবছৰ কাল সেই পদত
অধিষ্ঠিত হৈ থাকিব। কার্যকাল শেষ হােৱাৰ আগতে তেওঁ ৰাষ্ট্রপতিলৈ নিজহাতে লিখি পদত্যাগ কৰিব পাৰে। উভয় সদনৰ দ্বাৰা গৃহীত প্রস্তাৱযােগে তেওঁক অপসাৰণাে কৰিব পাৰি। নির্বাচিত হােৱাৰ পিচত উপ-ৰাষ্ট্রপতিগৰাকীয়ে ৰাষ্ট্রপতি নাইবা সেই উদ্দেশ্যে নিয়ােজিত ব্যক্তিৰ আগত তেওঁৰ কাৰ্যালয়ৰ কার্যভাৰ গ্ৰহণ আৰু সংবিধাৰ প্রতি অনুগত্য প্রকাশ কৰিব লাগে।।

ক্ষমতা আৰু কার্যাবলী (Powers and Functions):


ভাৰতৰ উপৰাষ্ট্রপতি হ'ল ৰাজ্যসভাৰ পদেন সভাপতি। সভাপতি হিচাপে তেওঁৰ সদন পৰিচালনা কৰাটো ধাৰাবাহিক আৰু নিয়মিত কাম। এইক্ষেত্ৰত তেওঁৰ দায়িত্ব হল লােকসভাৰ অধ্যক্ষৰ দৰে ।
দ্বিতীয়তে, কোনাে কাৰণত ৰাষ্ট্রপতি পদবীটো শূন্য হলে তেতিয়া নতুন ৰাষ্ট্রপতি নির্বাচিত নােহােৱালৈ তেওঁ (উপ-ৰাষ্টপতিয়ে) ৰাষ্ট্রপতি হিচাবে কার্যনির্বাহ কৰে। উল্লেখযােগ্য যে এই পদবতি তেওঁ সর্বাধিক ছমাহ কালহে থাকিব পাৰে। ছমাহৰ ভিতৰত নতুন ৰাষ্ট্রপতি নির্বাচিত হ’বই লাগিব। ইয়াৰ উপৰি উপৰাষ্ট্রপতিয়ে বিভিন্ন দেশৰ লগত দ্বি-পাক্ষিক আৰু বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলাৰ কাৰণে বিদেশ ভ্রমণ কৰিব পাৰে। তেওঁ বিভিন্ন সামাজিক আৰু ৰাষ্ট্রীয় কার্যসূচীত অংশগ্রহণাে কৰিব পাৰে। পদমর্যাদাৰ ফালৰ পৰা ৰাষ্ট্ৰপতিৰ পিছতেই তেওঁৰ স্থান ।

গতিকে এইয়াই হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ বিষয়ে আলোচনা । ধন্যবাদ । লেখাটো পঢ়ি কেনে পালে জনাব আৰু ভাল পালে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments