চাইকেল আৱিষ্কাৰৰ কাহিনী

চাইকেল আৱিষ্কাৰৰ কাহিনী


চাইকেলৰ ব্যৱহাৰ সৰু ডাঙৰ সকলো  নগৰ বা গাওঁ সমূহত অতিকৈ ব্যৱহাৰ চকুত দেখা যায় । মাত্ৰ পাহাৰীয়া ঠাইসমূহতহে চাইকেল চলােৱাৰ অসুবিধাৰ কাৰণে চাইকেলৰ ব্যৱহাৰ তাত তেনেকৈ হােৱা নাই। কিন্তু তাৰ বিপৰীতে সৰু সৰু নগৰ আৰু গাঁও অঞ্চলত চাইকেলৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। স্কুল, কলেজ, অফিচ, কাছাৰি, ডাকঘৰ, বেংক, বজাৰ-সমাৰ আদিৰ সন্মুখত থকা হাজাৰ বিজাৰ চাইকেল  দেখিলেই এই কথা সহজে অনুমান কৰিব পাৰি। ইফালে পেট্রোল, ডিজেল, আদি বিভিন্ন ইন্ধন সামগ্ৰীৰ মূল্যও দিনক দিনে বৃদ্ধি পাই আহিছে। গতিকে যান্ত্রিক যানবাহন ল’বলৈ মন থাকিলেও বহুতে সেই মন সামৰিব লগাত পৰিছে।

এতিয়ালৈকে আৱিষ্কৃত হােৱা চাইকেলেই একমাত্র যান, যাক কোনাে ইন্ধন সামগ্রী নােহােৱাকৈয়ে চলাব পাৰি। তদুপৰি আন যানবাহন নােযােৱা ঠেক বাটেৰেও চাইকেলত যাব পাৰি। তুলনামূলকভাৱে চাইকেলৰ ওজনাে বৰ বেচি নহয়। গতিকে দৰকাৰ হ’লে সহজে ঠেলিও নিব পাৰি বা জেওৰা, জপনা, খাল আদি পাৰ কৰিবলৈ হাতেৰে দাঙিও নিব পাৰি। চাইকেলৰ বয়স খুব বেছি হৈছে বুলিও ক’ব নােৱাৰি। আমি বর্তমান যিবিলাক চাইকেল ব্যৱহাৰ কৰাে, সেইবিলাকৰ বয়স এশবছৰমানৰ বেছি নহয়। অৱশ্যে চাইকেলৰ বুৰঞ্জী বৰ
দীঘলীয়া।

কথিত আছে যে ইউৰােপৰ এগৰাকী স্কুল শিক্ষকে হেনাে ১৭৬০ চনমানতে চাৰিচকীয়া বাহন এখন সাজি পেদেলৰ সহায়ত চলাবলৈ লৈছিল। তাৰ পাছত ১৮১৬ চনত ফ্রান্স নিয়েপচে নামৰ এজন লােকে এখন দুচকীয়া যান সাজিছিল। নিয়েপচে ফটোগ্রাফীৰাে প্রথম আৱিষ্কাৰক আছিল। তেওঁ দুচকীয়া যানখনত উঠি ভৰি দুটাৰে মাটিত পাছলৈ হেঁচুকি আগুৱাই যাব পাৰিছিল। তেওঁ এই দুচকীয়া যানখনৰ নাম দিছিল ‘চে’লে’ৰিপেদ  । সেই সময়তে জার্মেনীৰ বেৰণ দা গ্যবাৰবণ নামৰ লােকেও দুচকীয়া যান এখন তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছিল। ১৮১৮ চনত আন এখন উন্নত দুচকীয়া যানতৈয়াৰ কৰে ইংলেণ্ডৰ বেৰণ ডন দ্রেইছ নামৰ এজন লােকে। এই যানখনত দুটা ঘূৰণীয়া কাঠৰ চকা আছিল আৰু চকা দুটাৰ মাজত এটা ফ্রেম আছিল। এই যানখনকে বহুতে চাইকেলৰ প্ৰথম আৰম্ভণি বুলি ক'ব খােজে। তাৰ পাছত ১৮৩৯ চনত স্কটলেণ্ডৰ কিকপেট্রিক মেকমিলান নামৰ এজন লােকে আন এখন নতুন ধৰণৰ চাইকেল তৈয়াৰ কৰিছিল। বহুতে আকৌ মেকমিলানকহে চাইকেলৰ জন্মদাতা বুলি ক'ব খােজে। তেওঁ পাছ চকাত এটা হুইল লগাই আৰু তাক চেইনৰ সৈতে ক্রেংকৰ লগত সংযােগ কৰি আজিকালিৰ চাইকেলৰ নমুনাৰে এখন দুচকীয়া যান তৈয়াৰ কৰিছিল। ইয়াৰ পাছৰ চকাটো ডাঙৰ আৰু আগৰ চকাটো সৰু আছিল। ১৮৪২ চনত তেওঁ সেইখন যানত উঠি কিছুদূৰ ভ্রমণাে কৰিছিল। সেইখন যানত উঠি ফুৰােতে এবাৰ হেনাে ল'ৰা এটা খুন্দিয়াই মেকমিলানে কিছু জৰিমনাও ভৰিব লগাত পৰিছিল।

১৮৬১ চনত পিয়েৰি মিকার্ডক্স নামৰ এজন লােকে চাইকেলৰ সন্মুখৰ চকাত হুইল লগাই তাতে পেদেল সংলগ্ন কৰি ভৰিৰে মৰাৰ ব্যৱস্থা কৰিছিল। এই যানখনৰ
নাম থােৱা হৈছিল ডেল’চিপেদ। যানখন পেৰিছৰ প্রদর্শনী এখনতাে প্রদর্শন কৰা হৈছিল। যানখনৰ আগ চকাটো পাছ চকাতকৈ ডাঙৰ আছিল। তেতিয়াৰ চিলাই
কল তৈয়াৰ কৰা কোম্পানী এটাই হেনাে এনে ধৰণৰ বহুত চাইকেল তৈয়াৰ কৰি বজাৰ ওপচাই পেলাইছিল । কিন্তু এই চাইকেল খনৰ কিছু অসুবিধাও আছিল। চকা কেইটা কাঠৰ হােৱাৰ কাৰণে চাইকেলখন গধুৰ হৈ পৰিছিল আৰু সেয়ে পেদেল মাৰােতে কষ্ট হৈছিল। কাঠৰ চকাকেইটাৰ কাৰণেই আৰােহীজনৰ গাটোও জোকাৰ খাই গৈছিল। সেই কাৰণে বহুতে চাইকেলখনৰ নাম দিছিল “হাড় জোকৰা’ (Bone shaker)। পেদেল
দুপাত যিহেতু আগচকাত লাগি আছিল, গতিকে পেদেল দুপাত এপাক ঘূৰাওঁতে চকাটো এপাক ঘূৰিছিল। গতিকে
খৰকৈ যােৱাৰ উদ্দেশ্যৰে দুই এজনে আগৰ চকাটো ডাঙৰ কৰি গৈ আছিল। ওখ আগচকাটোৰে সৈতে চাইকেলখনত চাপৰ মানুহ উঠাটোও এক সমস্যা হৈছিল। চেইনৰ সহায়ত চাইকেল চলােৱাৰ ব্যৱস্থাটো পােন
প্রথম ১৮৭০ চনত প্রয়ােগ কৰা হয়। অৱশ্যে সেই চাইকেলত চকাৰ সংখ্যা তিনিটা আছিল। এই তিনিচুকীয়া চাইকেলখনৰ নাম দিয়া হৈছিল ‘কভেন্ট্রি ট্রাইচাইকেল।

১৮৭৯ চনত লওছন নামৰ এজন লােকেই পােন প্রথম দুচকীয়া চাইকেলত চেইনৰ ব্যৱস্থা প্রৱর্তন কৰে। তেওঁৱেই সন্মুখৰ চকাত পেদেলৰ ব্যৱস্থা নকৰি চাইকেলৰ ঠিক সোঁমাজত ক্রেংক বহুৱাই পেদেলৰ ব্যৱস্থা কৰে। তেওঁৰ চাইকেলতে পাছৰ চকাত হুইল বা ঘাট কটা চকৰি বহুৱাই সেই চকৰিক চেইনৰ সহায়ত ক্রেংকৰ লগত সংলগ্ন কৰা হয়। ফলত পেদেলৰ সহায়ত ক্রেংক ঘূৰালে পাছৰ চকাও ঘূৰা হল ।অৱশ্যে তেতিয়ালৈকে আগৰ চকাটো পাছৰ চকাটোতকৈ ডাঙৰই আছিল।

তাৰ দুবছৰমানৰ পাছত জে কে ষ্টালি নামৰ এজন লােকে সেই চাইকেলখনৰে আৰু কিছু উন্নতি সাধিলে। এও আগচকা আৰু পাছচকা দুয়ােটা সমান আকাৰৰ
কৰিলে। ইফালে ১৮৮০ চন মানব পৰাই চকাত ৰবৰৰ গােটা টায়াৰ লগাই দিয়াৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু তাতাে কিছু অসুবিধা দেখা দিছিল । কাঠৰ চকাতকৈ
জোকাৰণি কিছু কম হ’ল সঁচা, কিন্তু বেগাই চলাবৰ কাৰণে সিও সুবিধাজনক নহল। পাছত ১৮৮৭ চনত জন ৰয়েদ ডানলপ নামেৰে স্কটলেণ্ডৰ এজন লােকেহে পােন প্রথম বর্তমানে প্রচলিত টায়াৰ আৰু বায়ু সুমুৱাব পৰা টিউবৰ ব্যৱস্থা কৰে। তেতিয়াৰ পৰা চাইকেল এক উন্নত আৰু বেগী বাহন হৈ পৰে। তাৰ পাছতাে যােৱা এশটা বছৰত চাইকেলৰ নানান ডিজাইন তৈয়াৰ হৈ আহিছে।

ভাৰতলৈ চাইকেল আহে পােনপ্ৰথমে ১৮৮৯
চনত। ১৯২৫ চনত মাদ্রাজতাে এজন জার্মান কাৰিকৰে চাইকেল তৈয়াৰ কৰাৰ প্রচেষ্টা চলায়। কিন্তু সেই চেষ্টা সফল নহয়। তাৰ পাছত ১৯৩৮ চনৰ পৰা ১৯৪১ চনৰ ভিতৰত কলিকতা, পাটনা আৰু বােম্বাইত তিনিটা চাইকেল তৈয়াৰ কৰা কাৰখানা স্থাপন কৰা হয়। বর্তমান ভাৰতত প্রায় কৰি পচিশটামান চাইকেল তৈয়াৰ কৰা কাৰখানা আছে। তাৰে এটা আমাৰ অসমৰ গুৱাহাটীতাে আছে।


আমাৰ অসমৰ প্ৰথম চাইকেল চালকজন আছিল দেশভক্ত তৰুণৰাম ফুকন। তেওঁ প্ৰথম গুৱাহাটীত চাইকেল চলাওঁতে হেনাে মানুহে বেৰি বেৰি চাইছিল। আৰু চার্কাচৰ খেলৰ দৰে কিবা অদ্ভুত খেল বুলিহে
ভাবিছিল। আজিকালি ‘চাইকেল’ শব্দটো বেছি ধৰণে প্রচলিত। কিন্তু কিছুদিনৰ আগলৈকে মানুহে। 'বাইচাইকেল’ বুলিহে কৈছিল। “বাই’ মানে দুটা আৰু চাইকেল বা চাইকোল মানে চকা। অর্থাৎ দটা চকা থকা
বাহন।

Post a Comment

0 Comments