অসমীয়া বৰ্ণমালা, ণত্ববিধি - ষত্ব বিধি, সন্ধি, লিংগ, বচন আদিৰ বিষয়ে জানো আহক


অসমীয়া বৰ্ণমালা, ণত্ববিধি - ষত্ব বিধি, সন্ধি, লিংগ, বচন আদিৰ বিষয়ে জানো আহক 

অসমীয়া বৰ্ণমালা, ণত্ববিধি - ষত্ব বিধি, সন্ধি, লিংগ, বচন




আজি আমি আপোনালোকক অসমীয়া বৰ্ণমালা, ণত্ববিধি - ষত্ব বিধি, সন্ধি, লিংগ, বচন আদিৰ বিষয়ে জনাম । ইয়াত অসমীয়া বৰ্ণমালা, ণত্ববিধি - ষত্ব বিধি, সন্ধি, লিংগ, বচন আদিৰ বিষয়ে আলোচনা কৰা হৈছে । 

গতিকে আহক জানো -

( A ) অসমীয়া ভাষাৰ বৰ্ণমালাঃ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বর্ণমালা

অসমীয়া ভাষাৰ মাতৃভাষা যিহেতু মাগধী প্রাকৃত অপভ্রংশ হলেও কিন্তু মাগধী প্রাকৃত মুলতঃ সংস্কৃত ভাষাৰ পৰাহে উদ্বুদ্ধ । সেয়ে নব্যভাৰতীয় আর্যভাষাৰ ৰূপ পৰিগ্ৰহণ কৰি অসমীয়া হওতে কিন্তু বর্ণমালাখন মূল সংস্কৃতৰ আৰ্হিতে অসমীয়া ভাষাতাে ৰক্ষিত হ ’ ল । কিন্তু উচ্চাৰণৰ ক্ষেত্ৰখনত মুঠেই সংস্কৃত উচ্চাৰণ বৈশিষ্ট্য ৰক্ষা কৰা নহ ' ল । সেয়ে অসমীয়া বর্ণমালাখন ধ্বনিতাত্ত্বিক নহয় । ইয়াৰ কাৰণ অৱশ্যেই থলুৱা ভাষা কোৱা লােকৰ প্ৰভাৱ বুলি ঠাৱৰ কৰিব পাৰি , কিয়নাে সেইসময়ত অসমৰ ভূমিখণ্ডত বসবাস কৰা প্রতিজন অসমীয়াই অসমীয়া ভাষাক ৰাজভাষাৰূপে গ্রহণ কৰি বৃহৎ অসমীয়া জাতি সংমিশ্ৰণত গঢ়ি তুলিছিল । সেয়ে আর্যমূলীয় সংস্কৃতৰ উচ্চাৰণ বৈশিষ্ট্য অব্যাহত ৰখাটো সম্ভৱ হৈ নুঠিল । প্রাচীন অসমীয়াত হ্রস্ব ঋ আৰু দীর্ঘ খৃ আৰু ৯ ( লি ) বুলি দুটা বর্ণ স্বৰবৰ্ণমালাত সংযুক্ত আছিল । বর্তমান অৱশ্যে ঋ এটা আছে লি সম্পূর্ণভাৱে লুপ্ত হ ' ল । অবর্ণ এটা কিন্তু অ , ধ্বনি দুটা । এটা সংশ্লিষ্ট ইংৰাজী অৰ দৰে আৰু আনটো বিশ্লিষ্ট অ ৰূপে ধ্বনি বৈশিষ্ট্য ৰক্ষা কৰি আছে । একেদৰে এ বৰ্ণৰৰ ধ্বনি ৰূপ দুটা এটা ‘ এ ’ আৰু আনটো ইংৰাজী এ টোৰ দৰে সংশ্লিষ্ট । তেনেকৈয়ে ব্যঞ্জনবর্ণমালাত দন্ত্যবৰ্গ আৰু মূদ্ধণ্যবৰ্গ ৰূপে বর্ণবিলাক ৰক্ষিত হ ’ ল যদিও সেইবিলাকে ধ্বনিতা গুণ সমুলঞ্চে হেৰুৱাই পেলালে আৰু দন্তমূলীয় ৰূপেহে উচ্চাৰণ হ ' ব ধৰিলে । অসমীয়া ভাষাত সংমিশ্রণ ঘটা অষ্ট্রিক - কোলাৰী আৰু ভােটবর্মী ভাষাবােৰৰ গভীৰ প্ৰভাৱৰ ফলত অসমীয়া ভাষাত বৈদিক তথা লৌকিক সংস্কৃতৰ দন্ত্য আৰু মধূৰ্ণ্য দুয়ােটা বৰ্গৰ সম্পূর্ণ বিলােপ ঘটিছিল আৰু তাৰ ঠাইত এক অভিনৱ দন্তমূলীয় বৰ্ণৰ বৰ্গ এটাৰ সৃষ্টি হৈছিল । শ , ষ আৰু স নামত তালব্য শ , দন্ত্য স আৰু মূর্ধণ্য ষ ৰূপে চিহ্নিত হ ' ল যদিও উচ্চাৰণত একেবাৰে পৃথক পশ্চতালব্যত ( স ) উষ্মধ্বনি ৰূপে উচ্চাৰিত হ ' ল ; কিন্তু অসমীয়া ভাষাত  উচ্চাৰিত এই শ , ষ , স কেইটাক প্রতিনিধিত্ব কৰিব পৰাকৈ কোনাে বর্ণ অদ্য পৰিমিত উদ্ভাৱন হােৱা নাই । কিন্তু আটাইকেইটা শিস বা সুহুৰি ৰূপত যুক্ত ব্যঞ্জনত সংস্কৃতৰ ( ইচ্ ) এই উচ্চাৰণ বৈশিষ্ট্যটো ৰক্ষিত কৰি আছে । একেদৰে  ৰ , ড় আৰু ঢ় ৰ উচ্চাৰণতে সম্পূর্ণ অসমীয়া ঠাঁচ পৰিলক্ষিত হয় । ৰ আৰু ড় ৰ উচ্চাৰণ ৰ ' ৰ দৰে ; কিন্তু ‘ ঢ় ' ৰ উচ্চাৰণ ৰেকাৰ যুক্ত হ ( ৰ্হ ) ৰ দৰে হব লাগে । অসমীয়া ভাষাৰ ব্যঞ্জনবর্ণ সংখ্যা মাত্র ২১টা , আখৰৰ সংখ্যা অৱশ্যেই ৪০টা । স্বৰবৰ্ণমালাত বর্ণ সংখ্যা ৮ ; কিন্তু আখৰৰ সংখ্যা ১১টা ।
১ ) বর্ণ আৰু আখৰৰ পার্থক্য
ক ) বর্ণবিলাকৰ ধ্বনিতা গুণ থাকে , আখৰবিলাকৰ ধ্বনিতা গুণ নাথাকে ।
খ ) বর্ণবিলাকৰ ধ্বনিতা গুণ নাথাকে , আখৰবিলাকৰ ধ্বনিতা গুণ থাকে ।
গ ) বর্ণবিলাক লিখিব নােৱাৰি , আখৰবিলাক লিখিব পাৰি ।
ঘ ) আখৰ বিলাক পঢ়িব নােৱাৰি , বৰ্ণ বিলাক পঢ়িব পানি ।
২ ) বর্ণ আৰু ধ্বনিৰ পার্থক্য -
ক ) ধ্বনি কেৱল শুনিব পাৰি , বৰ্ণ পাঢ়িব পাৰি
খ ) বর্ণ লিখি প্রকাশ কৰে , ধ্বনি কৈ প্ৰকাশ কৰে ।
গ ) বর্ণবিলাক সাংকেটিক চিহ্ন , ধ্বনি সাংকেটিক চিহ্ন নহয় । 
ঘ ) ধ্বনি কাণেৰে শুনে , বর্ণ চকুৰে দেখে ।


( B ) অসমীয়া ভাষাৰ ণত্ববিধি আৰু ষত্ববিধি  -


অসমীয়া ভাষাত নিজস্বভাৱে ণত্ববিধি বা ষত্ববিধিৰ কোনাে ধৰাবন্ধা নিয়ম পৰিলক্ষিত নহয় । মাত্র সংস্কৃত ভাষাত যিদৰে লিখা হয় , একে নিয়মানুসাৰেই অসমীয়া ভাষাতো লিখা হয় । ফলত বহু পৰিমাণে চিত্রপদ্ধতিতে বানান মনত ৰাখিব লগা হয় , সেয়ে বাৰেপতি লিখি লিখি শুদ্ধ ৰূপটো মনত পেলাবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ।
ক ) কিছুমানত ঋ , ৰা ষৰ পাছত থকা ন মুদ্ধূণ্য হয় । এয়াই বিধি ; কিন্তু কিয় বণিক , বাণিজ্যত মূর্ধণ্য হ'ল তাৰ কাৰণ নাই ।
খ ) ঋ , ৰ , ষৰ মাজত অবৰ্ণৰ বাদে অন্য বর্ণ থাকিলে মুদ্ধণ্য নহয় । যেনে — ৰইনা , ফেৰেঙনি , গেৰেকনি ইত্যাদি ।
গ ) ঋ , ৰ , ষৰ আৰু নৰ মাজত স্বৰবৰ্ণ বা ক, প , য , ৱ , হ ,  ং থাকিলে মধুণ্য হয় । যেনে - ব্রাহ্মণ , কৃপণ , ৰাৱণ , নাৰায়ণ । ইত্যাদি ।
ঘ ) স্ত্রী প্রত্যয় - নী সদায় দন্ত্য হয় । যেনে - বৰুৱানী , ৰান্ধনী ইত্যাদি ।
ঙ ) দুটা ভিন্ন পদৰ সংযােগ হলেও ঋ , ৰ থাকিলেও পাছৰ ন মূর্ধণ্য নহয় । যেনে — হৰিনাম , ত্রিনয়ন , সর্বনাম , হৰিনাৰায়ণ ইত্যাদি ।
চ ) চন্দ্ৰ , উত্তৰ , পৰ আদি শব্দ আগত থাকিলে পাছৰ দন্ত্য ন মুদ্ধণ্য হয় । যেনে — উত্তৰায়ণ , চান্দ্রায়ণ , পৰায়ণ ইত্যাদি ।
ছ ) ক্ষৰ পিছতাে -ণ হয় , কাৰণ ক আৰু ষ মিলিহে যুক্তব্যঞ্জন ক্ষ হৈছে । যেনে - ক্ষণ , দক্ষিণ , লক্ষণ , ভক্ষণ ইত্যাদি ।
জ ) যুক্ত ব্যঞ্জন হলে বর্গীয় বর্ণহে যুক্ত হয় । যেনে — প্রান্ত , ভ্রান্ত , গ্রন্থ , তেনেকৈ কণ্টক , পিণ্ড , মুণ্ড , সন্মতি , উন্নত, উন্নয়ন । কিন্তু ঝ প্র , পৰা পৰি , নিৰ উপসর্গযােগত ণত্ববিধি প্রযােজ্য হয় । যেনে — প্রণাম , পৰিণতি , প্রণতি , নির্ণেয় , নির্ণয় ইত্যাদি ।
ঞ ) নিত্য ণ যুক্ত হয় — কংকণ, কল্যাণ, কণ, চিক্কণ, ফণা, গুণ, ঘুণ, চাণক্য, পুণ্য, বীণা, নিপুণ, প, পণ্, বিপণি, বেণু, বণিক, বাণিজ্, বাণী, মাণিক্য, বেণু, নিক্কণ, ভণিতা, মণি, বেণ, গণ, লাৱণ্য, লৱণ, কোণ, শাণ, শণ, ষত্ব বিধিৰ ক্ষেত্ৰখনাে অসমীয়া ভাষাত বৰ আওকলীয়া কাৰণ ষৰ উচ্চাৰণ যথা স্থানত নহয় বাবে কত স শ বা ষ হব  ধৰা জটিল । তথাপি যি নিষেধ সংস্কৃতত মানি চলা হয় তেনে বানান লিখাৰে পােষকতা কৰা হয় । ঋৰ পাছত সদায় ষ হয় । উদাহৰণ - বৃষ , ঋষি , তৃষ্ণা , কৃষ্ণ ইত্যাদি । । স বৰ্ণেৰে আৰম্ভ হােৱা কোনাে শব্দৰ আগত অ , আ ভিন্ন আন স্বৰান্ত উপসৰ্গ লগ লাগিলে সৰ ঠাইত ষ হয় । যেনে - - সম কিন্তু বিষম , সিক্ত - অভিষিক্ত , সংগ - অনুষংগ । । ভূমি , গো , অংগু শব্দৰ পাছত স্থ যুক্ত হলে স সদায় মুধূণ্য হয় । যেনে — ভূমিষ্ঠ , গােষ্ঠ , যুধিষ্ঠিৰ ।
প্রত্যয় যােগ হলে হৰি , চাক্ষুস আদিত মর্ধূণ্য হয় । যেনে — হৰিষ , চাক্ষুষ ।
ণত্ব বিধি আৰু ষত্ববিধি হােৱাৰ কাৰণ  ঃ
তন্ময় —
ক ) বর্গীয় বর্ণ যুক্ত থাকিলে
খ ) নত ম যুক্ত হােৱাৰ বাবে
গ ) ঋ ৰ ষৰ পাছত বহা বাবে
প্রতুষ —
ক ) প্র উপসর্গ থকা বাবে
খ ) নিত্য ষ হয় বাবে ।
গ ) ঋ , ৰ ষ হয় বাবে

( C ) অসমীয়া ভাষাৰ সন্ধি -


শুনিবলৈ শুৱলা হােৱাকৈ উচ্চাৰণ কৰিবৰ নিমিত্তে , কথা কমকৈ কবৰ বাবে সন্ধিৰ দৰে শব্দবিলাক যােৰা লগাই পৰিৱেশন কৰা হয় । অর্থাৎ ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্রথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্রথম বর্ণ  লগলাগি একেপদ হােৱাকে সন্ধি বােলা হয় । সংস্কৃতত সমাসবদ্ধ শব্দবিলাক সদায় সন্ধি হয় । যেনে সপ্ত + অহ = সপ্তাহ । এই শব্দ সমাসাে হয় । ধাতুৰ আগত উপসর্গ বা আন কোনাে শব্দ থাকিলে সিহঁতৰ ভিতৰতাে সন্ধি হয় । যেনে অন + এষণ = অন্বেষণ , উৎ + চাৰণ = উচ্চাৰণ । ধাতু আৰু প্রত্যয়ৰ ভিতৰতাে সন্ধি হয় । যেনে — পঢ় + ওঁতা = পঢ়োতা , লিখ  + অক = লিখক , ৰচ + ওঁতা  = ৰচোতা ইত্যাদি । সন্ধিবদ্ধ শব্দ বা বিসন্ধিযুক্ত শব্দৰ কেতিয়াও অর্থৰ পৰিৱৰ্তন নহয় । ৰূপ বা গঢ়ৰ পৰিৱৰ্তন হ ' ব পাৰে । যেনে — দীপ + আৱলী = দীপাৱলী , মৃগ + অংক = মৃগাংক , শ্রদ্ধা + অলি = শ্রদ্ধাঞ্জলি ইত্যাদি ।
সন্ধি মুলতঃ তিনি প্রকাৰ -
ক ) স্বৰসন্ধি - স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনত যি সন্ধি হয় তাক স্বৰসন্ধি বােলে ।
যেনে — মহা + অর্থ = মহার্ঘ , হিম + আলয় = হিমালয় , প্রতি + ইতি = প্রতাতি , ইতি + আদি = ইত্যাদি ।
খ ) ব্যঞ্জন সন্ধি - ব্যঞ্জন বর্ণৰ লগত ব্যঞ্জন বর্ণৰ মিলন বা স্বৰবৰ্ণৰ মিলনত যি সন্ধি হয় সেয়ে ব্যঞ্জন সন্ধি । যেনে উৎ + ছেদ = উচ্ছেদ , জগৎ + জীৱন = জীৱন , শৰৎ + চন্দ্র = শ্চন্দ্র , বাক + আয় = বাজায় , হিনস + অ = সিংহ ইত্যাদি ।
গ ) বিসৰ্গ আৰু অনুস্বৰ সন্ধি -  অন্তঃস্থ বা উষ্ম বর্ণ পাছত থাকিলে আগত ম  মৰ ঠাইত অনুস্বাৰ হয় । যেনে - সম্ + সৰ্হ = সংসর্গ ইত্যাদি ।
অনুস্বাৰৰ পাছত যি বৰ্ণ থাকে , অনস্বাৰ লুপ্ত হৈ সেই বৰ্ণৰ পঞ্চম বর্ণ হয় । যেনে - সৎ + গতি = সংগতি ।
সন্ধি আৰু সমাসৰ পার্থক্য -
সন্ধি আৰু সমাস দুয়ােটাকে যােৰা লগাবৰ বাবে ব্যৱহাৰ কৰা হয় । উদ্দেশ্যও দুইটাৰে একে , কথা কমকৈ অর্থাৎ মিতব্যয়ীবাবে ’ কবলৈ , লগতে শুনিবলৈও শুৱলা হােৱাকৈ উচ্চাৰন কৰিবৰ নিমিত্তে দুইটাকে ব্যাকৰণত ব্যৱহাৰ কৰা হয় । সেইবুলি দুইটাৰে পার্থক্য আছে-
ক ) সন্ধিবদ্ধ শব্দ দুটাৰ মাজত অর্থৰ সংগতি থাকিব লাগে আৰু প্রথম শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় শব্দৰ প্ৰথম বৰ্ণৰ মিলনতে সন্ধি হয় । অর্থাৎ সন্ধিত দুটা বৰ্ণৰ মিলন হয় । কিন্তু সমাসত পৰস্পৰ অৰ্থৰ সংগতি থকা দুটা বা তাতােধিক পদ লগলাগি একেপদ গঠন হয় । পদ হ ' ল বৰ্ণৰ সমষ্টি , সেয়ে সমাসৰ লগত অন্যতম পার্থক্য তাতে আকৌ দুটাতকৈ অধিক পদ লগ লাগিব পাৰে । কিন্তু সন্ধিত দুটা বৰ্ণৰ মাজতহে মিলন হয় ।
খ ) দ্বিতীয়তে সন্ধিবদ্ধ শব্দটো বিসন্ধি কৰোঁতেও বা বিসন্ধি হৈ থাকোঁতেওঁ প্রতিশব্দই নিজস্ব অর্থ অক্ষুন্ন ৰাখে ; কিন্তু সমাসবদ্ধ ব্যাসবাক্যৰ প্রতি শব্দই নিজস্ব অভিধানিক অর্থ প্রত্যক্ষভাৱে বা শব্দ গঠনত নাৰাখিবও পাৰে । নতুবা সমাস হলে কেতিয়াবা পদবােৰ প্রকৃত অর্থ এৰি অন্য অৰ্থ বুজাই, যেনে - বীণা আছে পানী যাৰ, কিন্তু বীণাপাণি বােলােতে সৰস্বতীৰ কথাহে বুজাইছে । কোনাে বীণাপাণি নামৰ ব্যক্তিক বজোৱা নাই ।
গ) সমাস হলে পদবােৰৰ বিভক্তিবােৰ লােপ পায় কেৱল সমাসবদ্ধ পদটোহে বিভক্তি যুক্ত হয় । যেনে -  ডেকালৈ - চাং সমাসবদ্ধ হৈ ডেকা চাং হৈছে ; কিন্তু সন্ধি হলে বিভক্তি প্রত্যয় লােপ নহয় । যেনে — ঘৰ-ত ঘৰত । মুলতঃ এইবােৰ পার্থক্যৰ বাবেই সন্ধি আৰু সমাস কৰাৰ উদ্দেশ্য একে থাকিলেও ব্যৱহাৰিক গঠনত পাৰ্থক্য পৰিলক্ষিত হয় ।
সমাস মলতঃ ছয় প্রকাৰৰ - দ্বন্দ্ব সমাস , দ্বিগু সমাস , বহুব্ৰীস সমাস , কর্মধাৰয় সমাস, তৎপৰুষ সমাস আৰু  অব্যয়ীভাব । ।

( D ) অসমীয়া ভাষাৰ জতুৱাঠাচ আৰু খণ্ডবাক্যৰ প্ৰয়ােগ -

প্রত্যেক ভাষাৰে নিজস্ব এটা প্রকাশভংগী বা শৈলী থাকে । বেলেগ শৈলীৰে কথা কবলৈ অসুবিধা অনুভৱ কৰা যায় । কাৰণ ভিন্ন ভাষাৰ ভিন্ন প্রকাশ কৌশল মানুহে আয়ত্ত কৰি ল ' ব লাগে । কিন্তু আনৰ ভাষা কৌশল আয়ত্ত কৰিলেও নিজস্ব ভাষাৰ প্ৰভাৱ কেতিয়াও নুই কৰিব নােৱাৰি কিয়নাে ভাষা অভ্যাস বা অনুশীলনৰ ফলশ্রুতি । অন্যান্য  ভাষা প্ৰকাশৰ যিদৰে নিজস্ব ধৰণ আছে একেদৰে অসমীয়া ভাষাৰাে প্ৰকাশৰ নিজস্ব ধৰণ বা শৈলী আছে । সেই ধৰণটোকে ঠাচ বুলি জনা যায় । শব্দ প্ৰকাশৰ যােগ্যতা অনুসাৰে শব্দৰ ব্যৱহাৰ কৰা দেখা যায় । ঠাঁচমতে শব্দ প্রকাশ কৰা হয় বাবে কেতিয়াবা শব্দই আকাংক্ষা বা যােগ্যতা শক্তিও হেৰুৱাই পেলায় । যেনে — আমাৰ ভাষাত ব্যৱহৃত ভিন ভিন বিশেষ্য পদৰ লগত জতুৱা ঠাঁচৰ ক্রিয়া পৰিলক্ষিত হয় । যেনে ৰ'দ লয় , জুই পুৱাই , চাকি লগায় , আশা পালে , ধান দায়, আঁঠ কাঢ়ে , আঁঠু লয় , কথা কয় , মূল মেলায় , ফুল তােলে , দেৱতা লভে , কুঠাৰ মাৰে , হাল বায় , পােটক তােলে , ' ভাত ৰান্ধে , ঘৰ সাৰে , জপনা মাৰে , ধূন মাৰে , গৰু - ছাগলী পােহে , সেওঁতা ফালে , হাঁহি মাৰে , বজাৰ কাৰে, বাজনা বায় , দোকান - পােহাৰ দিয়ে  ইত্যাদি অনেক জতুৱা ঠাচৰ  উদাহৰণ দিব পাৰি । এইধৰণৰ ঠাঁচবিলাকৰ উপৰি অসমীয়া ভাষাক সমৃদ্ধিপুর্ণ কৰিতােলা বহুবিলাক জতুৱা খণ্ডবাক্যও পৰিলক্ষিত হয় । সেইবিলাকে অৱশ্যে শব্দবিলাকৰ অভিধা অৰ্থ প্ৰকাশ নকৰি অন্য এক অভিপ্ৰেত লক্ষণা অৰ্থহে প্ৰকাশ কৰে । যেনে মোৰ খা, মানে মৰমৰ মানুহৰ মৃত্যু দেখ, কপাল খা মানে - দুৰ্ভাগ্য উপস্থিত হোৱা আদি ।

( E ) লিংগ -

লিংগ সম্পূৰ্ণৰূপে ‘ ব্যাকৰণগত বিষয় বুলি নির্ণয় কৰিব নােৱাৰি । কাৰণ লিংগবাচক প্রাকৃতি বা ৰূপবােৰক আংশিকভাৱে বিভক্তিৰ মর্যদা দিব পাৰি । লিংগৰ ক্ষেত্ৰত সংস্কৃত বা ইংৰাজীৰ লগত নিমিলা অসমীয়া বৈশিষ্ট্য কেইটা হ ' ল — পুংলিংগ বাচক ৰূপৰ সাধন আৰু কিছুমান শব্দৰ ক্ষেত্ৰত স্ত্রীলিংগবাচক ৰূপৰ পৰা মূলৰূপ নির্ণয় । অসমীয়া ভাষাত যিবােৰ জীৱ - জড় স্বাভাৱিক লিংগ পােৱা যায় প্রাণী বুজোৱা সেইবােৰ শব্দৰ তিনিটাকৈ ৰূপ পােৱা যায় । যেনে , মানুহ — ইয়াত মতা মানুহ , মাইকী মানুহ উভয়কে বুজাইছে , গতিকে ই লিংগ নিৰপেক্ষ ৰূপ । সেইদৰে বাঘ , ভালুক , হাতী , ঘোঁৰা , চৰাই , পােক , পৰুৱা আদি লিংগ নিৰপেক্ষ ৰূপ । অসমীয়া ভাষাত পুংলিংগবাচক প্রত্যয় এটা আছে , যিটোক সংস্কৃত ভাষাত স্ত্রীলিংগবাচক ৰূপেহে প্রয়ােগ কৰা হয় । সেইটো হৈছে — 'আ' , এই প্রত্যয় যােগত পুংলিংগ সাধন হয় । যেনে - ফেদেলা , কেটেঙা , চেৰেলা , বেজীমুৱা , গাইমুৱা , ৰঙামুৱা , তেনেদৰে লওঁতা , খাওঁতা , পেহা , মহা , মখনা , কজলা , অন্ধলা , শাওণা , আহিনা , আঘােণা , ফাগুনা ইত্যাদি । সংস্কৃতৰ দৰে আ , ঈ আৰু আনী স্ত্রী প্রত্যয়ৰ লগতে অসমীয়া ভাষাতাে আকাৰন্ত বহুবিলাক স্ত্রীপ্রত্যয় আছে । যেনে — জাতি আৰু গুণ বুজাবলৈ শুদ্র - শূদ্রা , কৃষ্ণ কৃষ্ণা , বালক - বালিকা , নায়ক - নায়িকা , পাঠক - পাঠিকা আদি ।
লিংগ মূলতঃ পুংলিংগ , স্ত্রী লিংগ , উভয়লিংগ আৰু ক্ৰীৱ লিংগ ৰূপে চাৰিটা ৰূপ পোৱা যায় । অসমীয়া ভাষাত কিছুমান স্ত্রীলিংগবাচক শব্দ আছে যিবিলাকৰ পুংলিগ ৰূপ নাই । যেনে — নামতী , ফুলতী , লাহতী , ৰােৱনী , শিপিনী , ৰাংঢালী , ৰচকী । কিছুমান পুংলিংগ বুজোৱা শব্দ স্ত্রীলিংগ ৰূপ একেবাৰে পৃথক হয় । যেনে - ককাই - বাই , বৌ , গােহাঁই - আইচু , পিতা - মাতা , পৈ - ঘৈণী , বলদ - গাই , বােন্দা - জাই , বন্দী - বেটী , ডেকা - গাভৰু , দতুৱা - কাটুলী , দতাল - মাখুন্দী , দদাই - খুৰী , পাে - জী , ল ' ৰা - ছােৱালী , শৰ - ভেলেঙী , মতা - মাইকী ইত্যাদি । ক্লীৱ লিংগবাচক শব্দ গােলাপ , কদম আদি শব্দ যেতিয়া কোনাে মানুহৰ নাম হয় , তেতিয়া ঈকান্ত কৰি স্ত্রীলিংগ কৰা হয় - - গােলাপী , কদমী । কোৱা কাউৰী , কলা - কালৰী , ভঙুৱা - ভাঙুৰী , ডেকা - ডেকেৰী ইত্যাদি শব্দৰী যােগতাে স্ত্রীলিংগ কৰা হয় ।

( F ) বচন -

বচন মানে কোৱা কথা । কিন্তু ব্যাকৰণৰ পৰিভাষামতে বচন এক সংখ্যাবাচক অৰ্থত ব্যৱহৃত শব্দ । বচন সেয়ে দুই প্রকাৰৰ পৰিলক্ষিত হয় যদিও সংস্কৃত ভাষাৰ এটাক বুজাবলৈ একবচন , দুটাক বুজাবলৈ দ্বি বচন আৰু  অধিকক বুজাবলৈ বহু বচন ব্যৱহাৰ কৰিছিল । কিন্তু অসমীয়াত বচন মাত্র দুই প্রকাৰৰ — একবচন আৰু অধিকক বুজাবলৈ বহু বচন । অসমীয়া ভাষাত সর্বনাম পদবােৰ একবচন আৰু বহুবচনৰ ৰূপত মাথােন পােৱা যায় । যেনে মই , তুমি , তেওঁ , তেখেত , আপুনি ইত্যাদিবােৰ একবচনৰ ৰূপ ; আমি , তােমালােক , আপােনালােক , এওঁলােক , সিহঁত তেখেতসকল এইবােৰ বহুবচনৰ ৰূপ পােৱা যায় । বচন বাচক প্রাকৃতিত অসমীয়া ভাষাত কিছুমান বর্ণ বা বর্ণ সমষ্টি যুক্ত কৰি বহুবচন বুজোৱা হয় । তেনে প্রত্যয়বিলাক হ ’ ল — বােৰ , বিলাক , মখা , জাক , দল , ৰাজি , সকল , ইত - হঁক , বৃন্দ , মণ্ডলী , বর্গ , বাশি , ৰাজি , মালা , লানি , তাৰােপৰি কিছুমান নির্দিষ্টবাচক প্রত্যয়কো বহুবচনান্তৰূপে ব্যৱহাৰ কৰা হয় । যেনে — কঠীয়া মুঠি , চুলিকোচা , বা টাঁৰ , বাঢ়নী টাঁৰ ইত্যাদি । একবচন বুজাবলৈও নির্দিষ্টবাচক এটা , দুজন , এজনা দুজনী , এগৰাকী , এডাল , পাট ছটা আদিৰ ব্যৱহাৰ কৰা হয় । এথােক কল , এআষি কঠীয়া , এমুঠি ধান ইত্যাদি । কেতিয়াবা বিশেষণ বুজোৱা শব্দক দ্বিৰুক্তিৰ সহায়েৰেও বহুবচনৰ ৰূপ দিয়া পৰিলক্ষিত হয় ।

গতিকে এইয়াই হৈছে অসমীয়া বৰ্ণমালা, ণত্ববিধি - ষত্ব বিধি, সন্ধি, লিংগ, বচন আদিৰ বিষয়ে বিষদ আলোচনা ।

Post a Comment

0 Comments