ইয়াত চেহেৰা নাচায়, দাতলৈ চাই বিয়াত বহে ছোৱালীয়ে ।

ইয়াত চেহেৰা নাচায়, দাতলৈ চাই বিয়াত বহে ছোৱালীয়ে । 



নাইজেৰিয়াৰ ৱোডাবে জনগোষ্ঠীত এটা মেক আপ প্ৰতিযোগিতা হয়, য'ত পুৰুষে কৰে অংশগ্ৰহণ । যদিও মেক-আপৰ কাম মহিলাৰ, কিন্তু ইয়াত পুৰুষেও অংশগ্ৰহন কৰে । কিন্তু কিয় এনে কৰা হয় জানেনে ? আহক জানো ।

নাইজেৰিয়াৰ ৱোডাবে জনগোষ্ঠীত প্ৰতি বছৰে গুৰেৱল নামৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ই হৈছে পুৰুষৰ সৌন্দৰ্য্য প্ৰতিযোগিতা, যিটো প্ৰেমৰ সম্পৰ্ক হিচাপে আয়োজন কৰা হয়।

এই অনুষ্ঠানৰ সময়ত যুৱক সকলে সম্পূৰ্ণ মেকআপ কৰে। পৰম্পৰাগতভাৱে তেওঁলোকে মুখত ৰং কৰে, মিহি কাপোৰ আৰু অলংকাৰ পৰিধান কৰে।

এই কাম কৰাৰ পিছত পুৰুষ জনে দৰ্শকৰ সন্মুখত থিয় হয়। যাৰ উদ্দেশ্য বিয়াৰ বাবে এগৰাকী যোগ্য ছোৱালীৰ দৃষ্টি আকৰ্ষণ কৰা ।

লক্ষণীয় কথা এই জনগোষ্ঠীৰ এই প্ৰতিযোগিতাত পুৰুষৰ সৌন্দৰ্য্যৰ বিচাৰ হয় জিলিকি থকা চকু আৰু দাঁতটো । এই প্ৰতিযোগিতাত যাৰ চকু আৰু দাঁত বেছি জিলিকি থাকে, তেওঁক আটাইতকৈ আকৰ্ষণীয় পুৰুষ বুলি গণ্য কৰা হয় আৰু তেওঁয়েই প্ৰতিযোগিতাটোৰ বিজেটা । এইয়ে মাইকী মানুহক আকৰ্ষণ কৰিবলৈ এই সময়ত অংশগ্ৰহণকাৰী সকলে হাঁহি হাঁহি বিভিন্ন ধৰণৰ মুখৰ অভিনয় কৰে । সিফালে মহিলাসকলে আটাইতকৈ যাৰ দাতটো বেচি আকৰ্ষণীয় বুলি ভবা হয় এই পুৰুষসকলকে বাছি লয় আৰু বিয়াত তেওঁৰ লগত বহিবলৈ মান্তি হয় । 

Post a Comment

0 Comments